ETV Bharat / state

হোজাইত স্বাস্থ্য বিভাগে মুলি কৰিলে ভেকচিন ভান

author img

By

Published : Jul 31, 2021, 9:33 AM IST

A special vehicle opened  by Health  Department in Hojai District
হোজাইত "ভেকচিন ভেন"ৰ নামৰ এখন বিশেষ বাহন মুকলি স্বাস্থ্য বিভাগৰ

হোজাই জিলাৰ শাৰীৰিকভাৱে অক্ষম আৰু দুৰাৰোগ্য ৰোগত আক্ৰান্ত হোৱা লোকসকলৰ বাবে আছে এটা সুখবৰ ৷ এতিয়াৰে পৰা ঘৰতেই সকলো চিকিৎসা সেৱা লাভ কৰিব ৰোগীসকলে ৷ ইয়াৰ বাবে হোজাই জিলাৰ স্বাস্থ্য বিভাগে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ ৷

হোজাই, 31 জুলাই : স্বাস্থ্য খণ্ডত সহায়ক হোৱাকৈ হোজাই জিলা (Hojai District)ৰ লামডিঙত স্বাস্থ্য বিভাগে ল'লে এক বিশেষ প্ৰদক্ষেপ ৷ লামডিঙৰ অসামৰিক চিকিৎসা কেন্দ্ৰ (Lamding Civil Hospital)ত শুকুৰবাৰে "ভেকচিন ভান" নামেৰে এখন বিশেষ বাহন মুকলি কৰে স্বাস্থ্য বিভাগে । লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰ (MLA sibu Mishra)ৰ উপস্থিতিত মুকলি কৰা হয় বাহনখন ৷

উল্লেখ্য যে, জিলাখনত যিসকল লোক শাৰীৰিকভাৱে অক্ষম আৰু যিসকল লোক দূৰাৰোগ্য ৰোগত আক্ৰান্ত সেই সকল লোকৰ বাবে আহবঢ়োৱা হৈছে এই বিশেষ বাহনখন ৷ এই বাহন খনৰে তেওঁলোকক ঘৰতে গৈ চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰিব স্বাস্থ্য বিভাগে ৷ তেওঁলোকৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি ঘৰতে সুবিধাজনকভাৱে চিকিৎসা সেৱা যাতে লাভ কৰিব পাৰে, সেই উদ্দেশ্যৰেই এই ভেকচিন ভানৰ ব্যৱস্থা কৰিছে স্বাস্থ্য বিভাগে ৷

A special vehicle opened  by Health  Department in Hojai District
হোজাইত "ভেকচিন ভেন"ৰ নামৰ এখন বিশেষ বাহন মুকলি স্বাস্থ্য বিভাগৰ

লগতে পঢ়ক-মেট্ৰিকৰ ফলাফল ঘোষণাৰ দিনটোত হোজাইত নাই পূৰ্বৰ আনন্দ উল্লাহ

বাহনখনৰ শুভাৰম্ভণি অনুষ্ঠানৰ লগত সংগতি ৰাখি এখন সভা অনুষ্ঠিত হয় ৷ উক্ত অনুষ্ঠান উপস্থিত থাকে লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰৰ, হোজাই স্বাস্থ্য বিভাগৰ যুঁটীয়া সঞ্চালকৰ লগতে লামডিং অসামৰিক চিকিৎসা কেন্দ্ৰৰ চিকিৎসক, নাৰ্চ তথা সকলো কৰ্মচাৰী ।

ইফালে সমগ্ৰ ৰাজ্যতেই কৰ'ণাই এক ভয়াৱহ পৰিৱেশ সৃষ্টি কৰিছে ৷ এতিয়াও সাধাৰণ অৱস্থালৈ ঘূৰি অহা নাই ৰাজ্যৰ পৰিস্থিতি ৷ প্ৰতিদিনেই বৃদ্ধি হৈয়ে আছে কৰ'ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৷ কৰ'ণা ৰোগ প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে ৰাজ্যত লকডাউন জাৰি কৰিছে চৰকাৰে ৷ ক'ভিডত আক্ৰান্ত হোৱা লোকসকলক ইতিমধ্যে চিকিৎসালয় সমূহত চিকিৎসা প্ৰদান কৰাৰ ব্যৱস্থা কৰিছে চৰকাৰ তথা স্বাস্থ্য বিভাগে ৷

ইয়াৰ বিপৰীতে এই ৰোগ যাতে আৰু সংক্ৰমিত হ'ব নোৱাৰে তাৰ বাবে প্ৰতিজন নাগৰিকক বিনামূলীয়া ক'ভিড প্ৰতিষেধক দিয়াৰ ব্যৱস্থা কৰিছে চৰকাৰে ৷ বৰ্তমানো সকলো জিলাতে ক'ভিড প্ৰতিষেধক প্ৰক্ৰিয়া অব্যাহত আছে ৷

লগতে পঢ়ক- লাভলিনাক লৈ যোৰহাট মেডিকেল কলেজৰ ক'ভিড ৰোগীৰ মাজত আনন্দৰ বন্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.