ETV Bharat / state

কেৱল নিৰ্বাচনৰ সময়তহে দেখা দিয়া বিধায়কজন

author img

By

Published : Jul 20, 2020, 1:22 PM IST

আলগাপুৰ সমষ্টি
আলগাপুৰ সমষ্টি

হাইলাকান্দি জিলাৰ আলগাপুৰ সমষ্টিৰ অন্তৰ্গত সন্তোষ নগৰ কলনীৰ এটা পথে দুৰ্ভোগ ভোগাইছে স্থানীয় বাসিন্দা সকলক ৷ দীৰ্ঘদিনে স্থানীয় জন প্ৰতিনিধি গৰাকীয়ে পথটো মেৰামতিৰ প্ৰতিশ্ৰুতি দি আহিছে যদিও, কোনো পৰিৱৰ্তন নাহিল পথটোত ৷

হাইলাকান্দি, 20 জুলাই: এটা জৰাজীৰ্ণ পথক লৈ দীৰ্ঘদিনে দুৰ্ভোগ ভুগি আহিছে হাইলাকান্দি জিলাৰ এটা অঞ্চলৰ লোকে ৷ জিলাখনৰ আলগাপুৰ সমষ্টিৰ অন্তৰ্গত সন্তোষ নগৰ কলনীৰ এটা পথে বিধ্বস্ত কৰিছে বৃহত্তৰ অঞ্চলটোৰ স্বাভাৱিক জনজীৱন ৷ প্ৰতিটো নিৰ্বাচনতে এই পথটোক মুখ্য ইচ্যু হিচাপে জন প্ৰতিনিধিয়ে ব্যৱহাৰ কৰি আহিছে বুলি অভিযোগ কৰে স্থানীয় লোকে ৷

জৰাজীৰ্ণ পথে জ্বলাকলা খুৱাইছে আলগাপুৰ সমষ্টিৰ এটা অঞ্চলৰ লোকক

স্থানীয় লোকৰ অভিযোগ, স্থানীয় বিধায়ক হাজী নিজাম উদ্দিন চৌধুৰীয়ে সেই অঞ্চললৈ আহে কেৱল ভোট বিচাৰিবলৈহে ৷ নিৰ্বাচন পাৰ হ'লেই তেওঁলোকৰ সকলো প্ৰতিশ্ৰুতি হৈ পৰে ফোটোকাৰ ফেন ৷ বিগত 15 বছৰৰ ভিতৰত পথটো মেৰামতিৰ আবেদন লৈ কেইবাবাৰো স্থানীয় লোক বিধায়ক গৰাকীৰ কাষ চাপিছে যদিও, আজি পৰ্যন্ত তেওঁলোকে নাপালে তাৰ উচিত ব্যৱস্থা ৷

জৰাজীৰ্ণ পথটোৰ বাবে অঞ্চলটোত চলাচল কৰিব নোৱাৰে কোনো যান-বাহন ৷ আনকি ৰোগী কঢ়িয়াবলৈয়ো আহিব নোৱাৰে এখনো এম্বুলেঞ্চ ৷ আনহাতে কেৱল এই পথটোৱেই নহয়, স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি আজিলৈকে তেওঁলোকৰ প্ৰাপ্য বহু চৰকাৰী আঁচনিৰ সুবিধাও পোৱা নাই তেওঁলোকে ৷ মহামাৰীয়ে জুৰুলা কৰা সাম্প্ৰতিক পৰিস্থিতিতো সমষ্টিবাসীৰ খবৰ ল'বলৈ আহৰি হোৱা নাই ৰাইজৰ ভোটেৰে নিৰ্বাচিত জন প্ৰতিনিধি গৰাকীয়ে ৷ উল্লেখ্য যে, অঞ্চলটোত আছে প্ৰায় 1200 টা পৰিয়াল ৷ তাৰে অধিকাংশই জীৱন নিৰ্বাহ কৰি আছে দিন হাজিৰাৰ মাধ্যমেৰে ৷ যাৰ বাবে সোমবাৰে স্থানীয় বিধায়ক গৰাকীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলে ক্ষুব্ধ ৰাইজে ৷ তেওঁলোকৰ হুংকাৰ, যদিহে স্থানীয় বিধায়কে তেওঁলোকৰ সমস্যা সমাধান নকৰে তেন্তে আগন্তুক নিৰ্বাচনত তেওঁক ইয়াৰ উচিত প্ৰত্যুত্তৰ দিয়া হ'ব ৷

লগতে পঢ়ক: গুৱাহাটীত পেট্ৰ'ল ভৰাবলৈ আহি আকস্মিক মৃত্যু এজনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.