ETV Bharat / city

গুৱাহাটীত পেট্ৰ'ল ভৰাবলৈ আহি আকস্মিক মৃত্যু এজনৰ

author img

By

Published : Jul 19, 2020, 10:20 PM IST

গুৱাহাটীত তেল ভৰাবলৈ আহি অকাল মৃত্যুক সাৱটি ল'লে এজন লোকে ৷ উক্ত ঘটনাটোৰ দৃশ্য চিচিটিভি কেমেৰাত আৱদ্ধ হৈ ৰয় ৷

One Person Dead At Guwahati
গুৱাহাটীত পেট্ৰ'ল ভৰাবলৈ আহি আকস্মিক মৃত্যু এজনৰ

গুৱাহাটী, 19 জুলাইঃ পেট্ৰ'ল ভৰাবলৈ আহি আকস্মিক মৃত্যুক সাৱটি ল'লে এগৰাকী ব্যক্তিয়ে । মৃত লোক জনৰ নাম নাৰায়ণ চন্দ্ৰ ৰয় বুলি জানিবলৈ পোৱা গৈছে ৷

মহানগৰীৰ আদাবাৰীত সংঘটিত হৈছে এটা শোকাৱহ ঘটনা । পেট্ৰ'ল ভৰাবলৈ আহি আকস্মিক মৃত্যুক সাৱটি ল'লে এগৰাকী ব্যক্তিয়ে । উল্লেখ্য যে, যোৱা ১৬ তাৰিখে সংঘটিত হৈছিল এই ঘটনাটো । নাৰায়ণ চন্দ্ৰ ৰয় নামৰ এগৰাকী ব্যক্তিয়ে নিজৰ মালবাহী বাহনত তেল ভৰাবলৈ আহিছিল আদাবাৰীৰ শৰাইঘাট পেট্ৰ'ল পাম্পলৈ । তেল ভৰাই পেট্ৰ'ল পাম্পৰ কৰ্তৃপক্ষক পইছা আদায় দিয়াৰ পিছতেই সংজ্ঞাহীন হৈ পৰি যায় লোকজন । ইতিমধ্যে এই ঘটনাটো পেট্ৰ'ল পাম্পটোত সংস্থাপিত চিচি টিভি কেমেৰাত বন্দী হৈ ৰৈছিল এই মৰ্মান্তিক দৃশ্যটো ।

গুৱাহাটীত পেট্ৰ'ল ভৰাবলৈ আহি আকস্মিক মৃত্যু এজনৰ

বহু সময় ধৰি লোকজন চটফটাই পৰি আছিল যদিও পেট্ৰ'ল পাম্পটোৰ কোনো লোক অসহায় ব্যক্তিগৰাকী সহায়ৰ বাবে আগবাঢ়ি নাহিল । যাৰ বাবে তেখেতে মৃত্যুক সাৱটি ল'বলগীয়া হ'ল বুলি পৰিয়ালবৰ্গই অভিযোগ কৰিছে । অৱশ্যে বাহনখনৰ আঁৰত লোকজন পৰি ৰোৱা বাবেই কোনেও ঘটনাটো গম পোৱা নাছিল বুলি পেট্ৰ'ল পাম্প কৰ্তৃপক্ষই জানিবলৈ দিছে । পিছত কৰ্মচাৰী সংজ্ঞাহীন লোকজনৰ প্ৰত্যক্ষ কৰি খবৰ দিয়ে ১০৮ আৰু জালুকবাৰী আৰক্ষীক । তাৰোপৰি কৰ'ণাৰ মহামাৰীৰ আতংকৰ বাবে কোনেও লোকজনক স্পৰ্শ কৰা নাছিল বুলিও পেট্ৰ'ল পাম্প কৰ্তৃপক্ষই উল্লেখ কৰিছে । আনহাতে নাৰায়ণ চন্দ্ৰ ৰয়ৰ এই অস্বাভাৱিক মৃত্যুত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে অঞ্চলটোত ৷

লগতে পঢ়ক- ছবি নিৰ্মাতা ৰজত মুৰ্খাজীৰ মৃত্য, শোক প্ৰকাশ বলীউডবাসীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.