ETV Bharat / state

হাইলাকান্দিত প্ৰধানমন্ত্ৰী দৰিদ্ৰ কল্যাণ যোজনাত ব্যাপক অনিয়ম!

author img

By

Published : Jun 3, 2020, 3:26 PM IST

corruption in prime minister poor welfare scheme in hailakandi
corruption in prime minister poor welfare scheme in hailakandi

হাইলাকান্দিৰ কাঠলিছেড়া সমষ্টিৰ বিলাইপুৰ গাঁৱৰ পঞ্চায়ত সভাপতি আহমেদ হুছেইনৰ বিৰুদ্ধে উত্থাপন হৈছে প্ৰধানমন্ত্ৰী দৰিদ্ৰ কল্যাণ যোজনাত অনিয়মৰ অভিযোগ ৷

হাইলাকান্দি, 3 জুনঃ হাইলাকান্দিত প্ৰধানমন্ত্ৰী দৰিদ্ৰ কল্যাণ যোজনাৰ নামত ব্যাপক অনিয়মৰ অভিযোগ উত্থাপন হৈছে ৷ কাঠলিছেড়া সমষ্টিৰ বিলাইপুৰ গাঁৱৰ পঞ্চায়ত সভাপতি আহমেদ হুছেইনৰ বিৰুদ্ধে উত্থাপন হৈছে এই অনিয়মৰ অভিযোগ ৷ লক ডাউনৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰেচন কাৰ্ড নথকা পৰিয়াললৈ 1000 টকা প্ৰদানৰ বিষয়ে ঘোষণা কৰিছে যদিও,একাংশ পঞ্চায়ত প্ৰতিনিধিয়ে এই আঁচনিত অনিয়ম কৰা বুলি জানিব পৰা গৈছে ৷

হাইলাকান্দিত প্ৰধানমন্ত্ৰী দৰিদ্ৰ কল্যাণ যোজনাত ব্যাপক অনিয়মৰ অভিযোগ

ৰেচন কাৰ্ড নথকা ব্যক্তিৰ বিপৰীতে,একাংশ জন প্ৰতিনিধিৰ পৰিয়ালৰ সদস্যই আৰু ৰেচন কাৰ্ড থকা ব্যক্তিয়ে এই টকা পোৱা বুলি অভিযোগ কৰিছে একাংশ বঞ্চিত ৰাইজে ৷ তাৰ সলনি ৰেচন কাৰ্ড থকা লোকসকলে পাইছে ৫০০ অথবা ৭০০ টকা ৷ এই ঘটনা সন্দৰ্ভত ভুক্তভোগী ৰাইজে লালা আৰক্ষী চকীত এটা গোচৰ ৰুজু কৰাৰ লগতে জিলা উপায়ুক্তলৈও এখন স্মাৰক প্ৰেৰণ কৰিছে ৷ কিন্তু ইমানৰ পিচতো এই পৰ্যন্ত ভুক্তভোগী ৰাইজে পোৱা নাই কোনো ধৰণৰ সমাধান ৷

লগতে পঢ়কঃ ভুৱা আশ্বাসত পৰিণত মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.