ETV Bharat / state

ভুৱা আশ্বাসত পৰিণত মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি

author img

By

Published : Jun 3, 2020, 12:38 PM IST

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আশ্বাসৰ পিছতো ডিব্ৰুগড়ৰ লেজাইবাসীয়ে লাভ কৰা নাই কোনো চৰকাৰী সাহায্য ৷ ধুমুহাত ক্ষতিগ্ৰস্ত অঞ্চলবাসীৰ প্ৰতি প্ৰতাৰণাৰ অভিযোগ উত্থাপন ৰাইজৰ ৷ খবৰ ল'বলৈ জন প্ৰতিনিধিৰ নাই আহৰি ৷

people of dibrugarh effected by cyclone requested cm to help them assam etv bharat news
ভূৱা আশ্বাসত পৰিণত মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি

মৰাণ,3 জুন: মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল চৰকাৰৰ পৰিৱৰ্তন এতিয়া সীমাৱদ্ধ ৰঙীন বিজ্ঞাপনত ৷ ৰাইজে ক্ৰমাৎ আশ্বাস হেৰুৱাইছে পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতি দিয়া চৰকাৰৰ ওপৰত । স্বয়ং মুখ্যমন্ত্ৰীগৰাকীৰ নিৰ্দেশক গুৰুত্ব নিদিয়ে চৰকাৰৰ মন্ত্ৰী-বিধায়ক, বিষয়া-কৰ্মচাৰীয়ে ৷ যাৰ ফলত মুখ্যমন্ত্ৰী সোণোৱালৰ নিৰ্দেশৰ পিছতো মৰাণ বিধানসভা সমষ্টিৰ লেজাইত বিগত প্ৰায় ডেৰ মাহে ধুমুহাত ক্ষতিগ্ৰস্ত ৰাইজে ৰ’দ-বৰষুণ নেওচি ত্রিপালৰ তলত থাকিব লগা হৈছে ৷

সমষ্টিটোৰ অন্তৰ্গত ডিব্ৰুগড় পশ্চিম ৰাজহ চক্ৰত বিগত এপ্ৰিল মাহৰ শেষৰফালে অহা এজাক ধুমুহাই ভাঙি তচ-নচ কৰি পেলাইছিল বহু লোকৰ ঘৰ-দুৱাৰ ৷ এই খবৰ ৰজাঘৰীয়াৰ দৃষ্টিগোচৰ হোৱাত অঞ্চলটোত উপস্থিত হৈছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, দুৰ্যোগ প্ৰশমন বিভাগৰ মন্ত্ৰী যোগেন মহন, বিধায়ক চক্ৰধৰ গগৈকে ধৰি বিজেপি দলৰ বহুকেইজন নেতা-কৰ্মী ৷ পৰিদৰ্শনৰ পিছত মুখ্যমন্ত্ৰী নেতৃত্বাধীন দলটোৱে শীঘ্ৰে চৰকাৰৰ তৰফৰ পৰা ক্ষতিগ্ৰস্তসকলৰ বাসগৃহ নিৰ্মাণ কৰি দিবলৈ ৰাইজক আশ্বাস দিছিল ৷ কিন্তু নেতাসকলৰ সেই আশ্বাস এতিয়া ক্ৰমাৎ ফুটুকাৰ ফেনত পৰিণত হৈছে ৷

ভূৱা আশ্বাসত পৰিণত মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি

আনহাতে, সমষ্টিটোৰ স্থানীয় বিধায়ক গৰাকীয়ে খবৰ ল’বলৈ আহৰি নোপোৱাত ক্ষোভ প্ৰকাশ কৰে ৰাইজে ৷ তদুপৰি ৰাইজৰ অন্য এক অভিযোগ অনুসৰি ৱাৰ্ড সদস্য, লাট গাঁওবুঢ়া আৰু মণ্ডলে ইচ্ছা অনুসৰি বচা-বচা লোকক সাহায্য প্ৰদান কৰা তালিকাত অন্তৰ্ভুক্ত কৰি গৰিষ্ঠ সংখ্যক লোকক তালিকাৰ পৰা বঞ্চিত কৰে । যাৰ বাবে এইসকল লোক চৰকাৰী সাহায্যৰ পৰা বঞ্চিত হ’ব লগা হৈছে ৷

লগতে চাওকঃ ডিগবৈত IED উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.