ETV Bharat / state

গোলাঘাট গ্ৰন্থমেলাৰ বাকৰিৰ গ্ৰাম্য পৰ্যটন প্ৰকল্পত ভিৰ হৈছে কিয় ?

author img

By ETV Bharat Assamese Team

Published : Dec 5, 2023, 4:43 PM IST

কৰ্ম সংস্কৃতিৰ অনন্য নিদৰ্শন দেখুৱাইছে যোগীবাৰী গ্ৰাম্য পৰ্যটন প্ৰকল্পই । ২০ গৰাকী মহিলাৰ গোটটোৱে দেখুৱাইছে স্বাৱলম্বিতাৰ নিদৰ্শন ।

Golaghat Book Fair 2023
গোলাঘাট গ্ৰন্থমেলাত দৃষ্টিনন্দন দৃশ্য

গোলাঘাট গ্ৰন্থমেলাত দৃষ্টিনন্দন দৃশ্য

গোলাঘাট, ৫ ডিচেম্বৰ : ঢেকীৰ শব্দ । গ্ৰামাঞ্চলৰ এদল মহিলা । কোনো ব্যস্ত জুইশালত । কোনো ব্যস্ত ভাপ পিঠা,টেকেলী পিঠা,ঘিলা পিঠা, তিল পিঠা আদি বনোৱাত । গোলাঘাট গ্ৰন্থমেলা বাকৰিত পদাৰ্পন কৰা সকলোৰে বিশেষ দৃষ্টি আকৰ্ষণ কৰিছে এই মহিলাসকলে । এক দৃষ্টিনন্দন দৃশ্য । ইংলেণ্ডৰ বিজ্ঞানীয়েও গ্ৰন্থমেলাৰ বাকৰিলৈ আহি অসমীয়াৰ স্বাভিমান ঢেকী দিলে । ৰৈ থাকিব নোৱাৰিলে অসম সাহিত্য সভাৰ সভাপতি পদ্মশ্ৰী ড৹ সূৰ্য্যকান্ত হাজৰিকাও । এই ঠাইতে বনোৱা পিঠাৰ সোৱাদ ল'লে কৃষি মন্ত্ৰী অতুল বৰাই ।

খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াৰ প্ৰচেষ্টাত গঢ় লৈ উঠা যোগীবাৰী গ্ৰাম্য পৰ্যটন প্ৰকল্পৰ এই কেন্দ্ৰত গ্ৰন্থমেলাৰ আটাইকেইদিনেই অভাৱনীয় ভিৰ । কেইবা লক্ষ টকাৰ পিঠা-পনা বিক্ৰীৰে একপ্ৰকাৰ অভিলেখ গঢিছে যোগীবাৰী গ্ৰাম্য পৰ্যটন প্ৰকল্পৰ গ্ৰামাঞ্চলৰ মহিলাই । ২০ জনীয়া মহিলাৰ গোটটোৱে দেখুৱাইছে কৰ্ম সংস্কৃতিৰ অনন্য নিদৰ্শন । এইক্ষেত্ৰত প্ৰেৰণা যোগাই সকলো ধৰণৰ ব্যৱস্থা কৰি পদক্ষেপ গ্ৰহণ কৰিছে খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই ।

লগতে পঢ়ক:আৰম্ভ হ’ল গোলাঘাট গ্ৰন্থমেলা: পাঁচ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে পৰিৱেশন কৰিলে সমবেত সংগীত

গ্ৰামাঞ্চলৰ মহিলা সকলক স্বাৱলম্বিতাৰ দিশত আগুৱাই নিয়াৰ উদ্দেশ্য়ে গঠন কৰা এই যোগীবাৰী মহিলা গোটে ২৯ নৱেম্বৰৰ পৰা গোলাঘাটৰ সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হোৱা গ্ৰন্থমেলা বাকৰিত ঢেকীশাল স্থাপন কৰি কেইবা লাখ টকাৰ পিঠা পনা বিক্ৰী কৰি অভিলেখ সৃষ্টি কৰে । উল্লেখ্য় যে পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ উদ্যোগত, সদৌ অসম পুথি প্ৰকাশন আৰু বিক্ৰেতা সংস্থা, গোলাঘাট জিলা প্ৰশাসন, বিভিন্ন সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠান, ৰাইজৰ সহযোগত সমন্বয় ক্ষেত্ৰত যোৱা ২৯ নৱেম্বৰৰ পৰা অনুষ্ঠিত হৈছে গোলাঘাট গ্ৰন্থমেলা আৰু সাহিত্য সমাৰোহ ।

লগতে পঢ়ক:গোলাঘাট গ্ৰন্থমেলাৰ বাকৰিত অসম সাহিত্য সভাৰ সভাপতি ড৹ সূৰ্যকান্ত হাজৰিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.