ETV Bharat / state

আৰম্ভ হ’ল গোলাঘাট গ্ৰন্থমেলা: পাঁচ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে পৰিৱেশন কৰিলে সমবেত সংগীত

author img

By ETV Bharat Assamese Team

Published : Nov 29, 2023, 6:31 PM IST

পাঁচ হাজাৰ ছাত্ৰ-ছাত্ৰীৰ আমি পোহৰ বিচাৰি যাওঁ শীৰ্ষক গীতেৰে মুখৰিত গোলাঘাট সমন্বয় ক্ষেত্ৰ ৷ আৰম্ভ হ’ল গ্ৰন্থমেলা আৰু সাহিত্য সমাৰোহ ৷

Golaghat Book Fair 2023 Begins
গোলাঘাট সমন্বয় ক্ষেত্ৰত গ্ৰন্থমেলা আৰু সাহিত্য সমাৰোহ

গোলাঘাট গ্ৰন্থমেলা আৰু সাহিত্য সমাৰোহ

গোলাঘাট, 29 নৱেম্বৰ : গ্ৰন্থৰ সুবাসেৰে জীপাল গোলাঘাট সমন্বয় ক্ষেত্ৰ ৷ বুধবাৰৰ পৰা গোলাঘাট সমন্বয় ক্ষেত্ৰ খেলপথাৰত অনুস্থিত হৈছে গোলাঘাট গ্ৰন্থমেলা আৰু সাহিত্য সমাৰোহ 2023 ৷ নঙলা মুকলিৰে গ্ৰন্থমেলা আৰু সাহিত্য সমাৰোহৰ শুভ উদ্বোধন কৰে বিত্তমন্ত্ৰী অজন্তা নেওগে ৷ এই অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে নৱ প্ৰজন্মক গ্ৰন্থ অধ্যয়নৰ প্ৰতি আগ্ৰহ বঢ়াবৰ বাবে অনুৰোধ জনোৱাৰ লগতে আয়োজক সমিতিক ধন্যবাদ জনায় ৷

ইয়াৰ পাছতেই ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা মুকলি মঞ্চ উদ্বোধন কৰে বিশিষ্ট নাট্যকাৰ ধ্ৰুৱজ্যোতি শৰ্মাই ৷ পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ উদ্যোগত, সদৌ অসম পুথি প্ৰকাশন বিক্ৰেতা সংস্থা, জিলা প্ৰশাসন, আৰু বিভিন্ন দল-সংগঠনৰ সহযোগত অনুস্থিত হোৱা এই গ্ৰন্থমেলাত প্ৰায় শতাধিক গন্থ বিপণিয়ে অংশগ্ৰহণ কৰিছে ৷ গ্ৰন্থমেলাৰ বন্তি প্ৰজ্বলন কৰি অসম সাহিত্য সভাৰ উপ-সভাপতি ডাঃ গিৰীশ সন্দিকৈয়ে গ্ৰন্থ অধ্যয়নৰ উপকাৰিতাৰ বিষয়ে বক্তব্য ৰাখে ৷

গ্ৰন্থমেলাত উপস্থিত থাকি বিধায়কদ্বয় মৃণাল শইকীয়া আৰু বিশ্বজিৎ ফুকনে গ্ৰন্থ ক্ৰয় কৰাৰ লগতে সকলোকে এখনকৈ হ’লেও গ্ৰন্থ ক্ৰয় কৰিবলৈ আহ্বান জনায় ৷ এই গ্ৰন্থমেলাৰ বাকৰিতেই সদৌ অসম ভিত্তিত মহিলা দিহানাম প্ৰতিযোগিতা, কবিতা আবৃত্তি, প্ৰাৰ্থনা প্ৰতিযোগিতাৰ লগতে বিভিন্ন ধৰণৰ প্ৰতিযোগিতা অনুস্থিত হ’ব ৷

গোলাঘাট গন্থমেলাত ৰাজ্যৰ বিভিন্ন দল-সংগঠনৰ নেতা, বিশিষ্ট লেখক বুদ্ধিজীৱিৰ লগতে 2 ডিচেম্বৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব বুলি মন্ত্ৰী অজন্তা নেওগে জানিবলৈ দিয়ে ৷ পুৱাৰ ভাগত গ্ৰন্থমেলাৰ শীৰ্ষ গীতসহ প্ৰভাত ফেৰীৰ পাছত পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি দিগন্ত কুমাৰ ভূঞা আৰু পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ সভাপতি দীপেন দ‌ত্তই ৷ স্মৃতি তৰ্পণ কৰে উদযাপন সমিতিৰ যুটীয়া সম্পাদক মানৱ সন্দিকৈ আৰু তনুজ কুমাৰ মহন্তই ৷ পুষ্পাঞ্জলি অৰ্পণ কৰে বিত্ত সম্পাদক সীমান্ত কলিতাই ৷ লগতে গ্ৰন্থমেলাৰ বাকৰিত শংকৰ-মাধৱ গুৰু আসন প্ৰতিষ্ঠা আদি কাৰ্যসূচীও ৰূপায়ণ কৰা হয় ৷ আজিৰ পৰা 8 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা গোলাঘাট গ্ৰন্থমেলা আৰু সাহিত্য সমাৰোহ 2023 ত সমূহ গোলাঘাটবাসী ৰাইজৰ সহায়-সহযোগ কামনা কৰিছে উদযাপন সমিতিয়ে ৷

লগতে পঢ়ক : শিক্ষাগুৰুৱে শৈক্ষিক ক্ষেত্রৰ পৰিৱৰ্তন সাধন কৰিব পাৰে :কেশৱ মহন্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.