ETV Bharat / state

গোলাঘাটত কাঠভৰ্তি দুখন ট্ৰাক জব্দ

author img

By

Published : Mar 18, 2020, 12:06 PM IST

Updated : Mar 18, 2020, 2:12 PM IST

প্ৰায় ৪ কোটি টকা মূল্যৰ কাঠ থকাৰ সন্দেহ
গোলাঘাটত কাঠ ভৰ্তি দুখন ট্ৰাক জব্দ

গোলাঘাটত কাঠভৰ্তি ট্ৰাক জব্দ ৷ প্ৰায় ৪ কোটি টকা মূল্যৰ কাঠ থকাৰ সন্দেহ ৷

গোলাঘাট, 18 মাৰ্চ : গোলাঘাট বন বিভাগে দেৰগাঁৱৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা জব্দ কৰিছে দুখন কাঠভৰ্তি ট্ৰাক ৷ ট্ৰাক দুখনত প্ৰায় ৪ কোটি টকা মূল্যৰ কাঠ থকাৰ সন্দেহ কৰা হৈছে ৷ AS-01 GC-9624 আৰু AS-06 AC-9589 নম্বৰৰ ট্ৰাক দুখন অৰুণাচল প্ৰদেশৰ পৰা গুৱাহাটী অভিমুখে ৰাওনা হৈছিল বুলি সন্দেহ কৰা হৈছে ৷ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত চলি থকা এই কাঠ চিণ্ডিকেটত চৰকাৰৰ মন্ত্ৰী আৰু বন বিভাগ জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে ৷ বিভিন্ন দল-সংগঠনে এই ক্ষেত্ৰত গোলাঘাট বন বিভাগক শলাগ লৈছে যদিও জব্দ কৰা ট্ৰাকৰ সবিশেষ ৰাজহুৱা কৰিবলৈ আহ্বান জনাইছে ।

কাঠভৰ্তি দুখন ট্ৰাক জব্দ

আৰু পঢ়ক : উন্নয়নৰ ফোপোলা স্বৰূপ উদাঙাইছে গোৱালপাৰা স্বাস্থ্যকেন্দ্ৰই

Last Updated :Mar 18, 2020, 2:12 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.