ETV Bharat / state

শিক্ষক দিৱসৰ দিনা কেমেৰাৰ সন্মুখতে দুগৰাকী শিক্ষয়িত্ৰীৰ বিননী

author img

By

Published : Sep 5, 2022, 7:08 PM IST

দেশজুৰি পালন কৰা হৈছে শিক্ষক দিৱস (Teachers day celebrated in India) । ব্যতিক্ৰম নহয় অসমতো (Teachers day celebrated in Assam) । প্ৰান্তে প্ৰান্তে বিদ্য়ালয়ে মহাবিদ্যালয়ে পালন কৰিছে শিক্ষক দিৱস । শিক্ষকলৈ জনোৱা হৈছে সন্মান । পিছে শিক্ষক দিৱসৰ দিনাই বোকাকাতত কেমেৰাৰ সন্মুখতে হুকহুকাই কান্দিলে দুগৰাকী শিক্ষয়িত্ৰীয়ে (Teacher cries in front of camera) । কিন্তু কিয় ?

Teacher cries in front of camera
কেমেৰাৰ সন্মুখতে শিক্ষয়িত্ৰীৰ বিননী

বোকাখাত,৫ ছেপ্তেম্বৰ: "শিক্ষক এডাল মমবাতিৰ দৰে, যি নিজে গলি আনক পোহৰ দিয়ে ।" কিন্তু এইখন অসমত গলি গলি শেষ হৈ গ'লেও যেন শিক্ষকে নাপায় প্ৰকৃত মৰ্যাদা । জীৱনৰ আধাতকৈ বেছি সময় জ্ঞানৰ পোহৰ বিলাই নিজেই যেন বুৰ গৈ থাকে অন্ধকাৰত । প্ৰশ্ন উত্থাপন হয় ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ উত্তৰণ ঘটিছেনে ? এফালে টে'ট শিক্ষক নিযুক্তি, আনফালে বছৰ বছৰ ধৰি বিনা বেতনে শিক্ষাদানত ব্ৰতী হৈ অহা শিক্ষকসকলৰ মনোবেদনা । চৰকাৰে কিন্তু উক্ত শিক্ষকসকলৰ আবেদন-নিবেদন কৰ্ণপাত কৰিবলৈ যেন আগ্ৰহী নহয় ।

পূৰ্বৰ বহু শিক্ষকে আজিও প্ৰাপ্য অধিকাৰৰ বাবে আন্দোলন কৰি আছে (Teachers movement for due rights) । বিনা বেতনেৰে বহু শিক্ষকে জীৱন ত্যাগ কৰিলে । আনকি আত্মঘাতী হোৱাৰ ঘটনাও সংঘটিত হৈছে । বহু শিক্ষকৰ আকৌ ভৱিষ্যতক লৈও টনা-আঁজোৰা (Teachers protest in Assam) । শ্ৰেণীকোঠাৰ পৰিৱৰ্তে শিক্ষক সমাজে ৰাজপথত আন্দোলনত নামিবলগা হৈছে । দেশজুৰি পালন কৰা শিক্ষক দিৱসৰ আনন্দয়ো যেন চুব নোৱাৰে তেওঁলোকক ।

আজি দেশ তথা ৰাজ্যজুৰি পালন কৰা হৈছে শিক্ষক দিৱস (Teachers day celebrated in India) । প্ৰান্তে প্ৰান্তে, বিদ্যালয়ে-মহাবিদ্যালয়ে সন্মান জনোৱা হৈছে শিক্ষকসকলক (Teachers day celebrated in Assam) । কিন্তু শিক্ষক দিৱসৰ দিনাও একাংশ শিক্ষকে চকুলো টুকিছে নীৰৱে । বোকাখাততো শিক্ষক দিৱসৰ দিনাই কেমেৰাৰ সমুখত হুকহুকাই কান্দিলে দুগৰাকী শিক্ষয়ত্ৰীয়ে (Teacher cries in front of camera) ।

কেমেৰাৰ সন্মুখতে শিক্ষয়িত্ৰীৰ বিননী

এগৰাকীয়ে বিনা বেতনেৰে ৩৬ বছৰ আৰু আন গৰাকীয়ে পাৰ কৰিলে ২৬ বছৰ কাল । মহকুমা প্ৰশাসনে কৃৰ্তী শিক্ষক হিচাপে প্ৰদান কৰিলে স্বীকৃতি কিন্তু চৰকাৰে স্বীকৃতি নিদিলে শিক্ষয়ত্ৰী হিচাপে । কাৰণ চৰকাৰে আজিলৈকে প্ৰাদেশীকৃত নকৰিলে বিদ্যালয় । বোকাখাত নাট্যমন্দিৰ প্ৰংগনত বোকাখাত মহকুমা প্ৰশাসনে শিক্ষক দিৱসৰ দিনাই মহকুমাটোৰ বহু কেইগৰাকী শিক্ষক-শিক্ষয়ত্ৰীক কৃৰ্তী শিক্ষক হিচাপে সম্বৰ্ধনা জনায় ।

উক্ত কাৰ্যসূচীত উপস্থিত হৈ আৱেগিক হৈ পৰিল দুৰ্গাপুৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়ত্ৰী উষাৰাণী শইকীয়া আৰু খতিয়াখলি মধ্য ইংৰাজী বিদ্যালয়ৰ সহ-শিক্ষয়ত্ৰী বন্দনা দত্ত শইকীয়া । দুয়োগৰাকী শিক্ষয়িত্ৰীয়ে দীৰ্ঘদিনে বিনা বেতনেৰে মানৱ সম্পদ গঢ়াৰ চেষ্টা অব্যাহত ৰাখিছে । অৱসৰলৈ আছে মাত্ৰ কেইটামান বছৰ । এনে অৱস্থাতো চৰকাৰ কৃপাদৃষ্টি নপৰিল এই দুয়োগৰাীক শিক্ষয়িত্ৰীৰ ওপৰত । সেয়েহে কান্দি কান্দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ জনালে কাতৰ আহ্বান-"আমালৈও চকুমেলি চাওঁক" ।

কিন্তু শুনিবনে চৰকাৰে ? ইমানৰ পিছতো জানো শিক্ষক দিৱস পালনৰ কিবা অৰ্থ থাকিব পাৰে ? যিসকল শিক্ষকক লৈ আজি চৰকাৰে শিক্ষক দিৱসৰ আয়োজন কৰিছে, তেওঁলোক যদি নিজে সুৰক্ষিত নহয়, নিজৰ অধিকাৰৰ পৰা বঞ্চিত হৈ থাকিবলগা হয়, তেন্তে এই শিক্ষক দিৱস পালন অৰ্থহীন । যিসকল শিক্ষকে পূৰ্বৰ ব্যৱস্থাৰ অধীনত শিক্ষকতা বৃত্তিত নিয়োজিত হৈ আহিছে, তেওঁলোৰ প্ৰতিও চৰকাৰৰ দায়িত্ব আছে (Teachers recruitment in Assam) । তেওঁলোকৰ পদ নিয়মীয়াকৰণকে ধৰি দৰমহা আন্তঃগাঁথনি নিৰ্মাণ তথা অন্যান্য সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত চৰকাৰে ।

লগতে পঢ়ক: বিহংগম দৃষ্টিত শিক্ষক দিৱস আৰু অসমৰ শিক্ষক সমাজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.