ETV Bharat / state

Accident in Bokakhat: বোকাখাতত ট্ৰেইলাৰ আৰু গেচ পৰিবাহী টেংকাৰৰ মাজত মুখামুখি সংঘৰ্ষ; আহত দুজন

author img

By

Published : Jul 8, 2022, 5:07 PM IST

মালবাহী ট্ৰেইলাৰ আৰু গেচ পৰিবাহী টেংকাৰৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত বোকাখাতত সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাটোত গুৰুতৰভাবে আহত দুজন লোক (Road accident at Bokakhat) ৷

two-person-injured-in-road-accident-at-bokakhat
বোকাখাতত সংঘটিত পথ দুৰ্ঘটনা আহত দুজন

বোকাখাত, 8 জুলাই : বোকাখাতৰ সাপজুৰিত শুকুৰবাৰে সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা(Road accident at Bokakhat) ৷ মালবাহী ট্ৰেইলাৰ আৰু গেচ পৰিবাহী টেংকাৰৰ মাজত হয় মুখামুখি সংঘৰ্ষ ৷

উল্লেখ্য যে, সাপজুৰিৰ লম্বু লাইন হোটেলৰ সমীপৰ ৩৭ নং ঘাইপথৰ দলঙৰ ওপৰত সংঘটিত হোৱা এই পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় দুয়োখন গাড়ীৰ চালক(Two injured in road accident in Bokakhat)৷ আহত লোক দুজন ত্ৰিপুৰাৰ সুধীৰ নামা সুদ্ৰ (৪৫) আৰু মনিপুৰৰ সুবাস চন্দ্ৰ (৫০) বুলি জানিব পৰা গৈছে ৷

দুৰ্ঘটনাত পতিত টেংকাৰখনৰ নম্বৰ MN 06 T 1091 আৰু ট্ৰেইলাৰখনৰ নম্বৰ HR 46 D 5047 ৷ ইফালে, এই ঘটনা সংঘটিত হোৱাৰ পিছতে আহত লোককেইজনক ততাতৈয়াকৈ উন্নত চিকিৎসাৰ বাবে JMCH লৈ প্ৰেৰণ কৰা হয় ৷ বৰ্তমান সুবাস চন্দ্ৰ নামৰ চালকজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : Artificial Flood in Nazira: ৰাইজে বাঁহ দি বন্ধ কৰিলে পথ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.