ETV Bharat / state

গঁড়ৰ খৰ্গৰ চোৰাং বেহাত জড়িত দুজন বনকৰ্মীক আটক

author img

By

Published : Jul 3, 2021, 10:10 PM IST

two-forest-workers-involved-in-rhino-horn-smuggling-arrested
গঁড়ৰ খৰ্গৰ চোৰাং বেহাত জড়িত দুজন বনকৰ্মীক আটক

গঁড়ৰ খৰ্গৰ চোৰাং বেহাত জড়িত হৈ পৰিছে খোদ বন সুৰক্ষা কৰ্মী ৷ গঁড়ৰ খৰ্গৰ চোৰাং বেহাত জড়িত থকাৰ অভিযোগত জড়িত থকাৰ অভিযোগত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলৰ দুজন বন কৰ্মীক আটক কৰিছে বন বিভাগে ৷

গোলাঘাট, 3 জুলাই : ৰাজ্যত ক'ভিডৰ সংহাৰী ৰূপ অব্যাহত থকাৰ মাজতে ভয়াৱহভাৱে বৃদ্ধি পাইছে বিভিন্ন অপাৰধজনিত ঘটনা ৷ সমান্তৰালকৈ অসম আৰক্ষীৰ তৎপৰতাত জালত পৰিছে বিভিন্ন গোচৰত অভিযুক্ত বাঘা বাঘা অপৰাধী ৷ ইয়াৰ মাজতে গঁড়ৰ খৰ্গৰ চোৰাং বেহাত জড়িত থকাৰ অভিযোগত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ (Kaziranga National Park) বাগৰি বনাঞ্চলৰ এজন বন সুৰক্ষা কৰ্মী (Kaziranga National Park) চনীয়া ওৰাং আৰু এজন গৃহৰক্ষী জোৱান দ্বীপেন কুমাৰ নাথক আটক কৰিছে উদ্যান কৰ্তৃপক্ষই ৷ বাগৰি বনাঞ্চলৰ ভৈচামাৰি বন শিবিৰত কৰ্তব্যৰত দুয়োগৰাকী অভিযুক্ত ৷

গঁড়ৰ খৰ্গৰ চোৰাং বেহাত জড়িত দুজন বনকৰ্মীক আটক

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান (Kaziranga National Park)ৰ জিলা বন বিষয়া ৰমেশ কুমাৰ গগৈয়ে জানিবলৈ দিয়া মতে, দীৰ্ঘদিন ধৰি দুয়োজন বনকৰ্মী কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলৰ ভৈচামাৰি বন শিবিৰত কৰ্তব্যৰত আছিল ৷ চনীয়া ওৰাং নামৰ বনকৰ্মী জনৰ অৱসৰ ল’বলৈ এটা বছৰ মাত্ৰ বাকী আছিল ৷ বাৰ্ধক্যজনীত কাৰণত মৃত্যু হোৱা অথবা পাৰস্পৰিক যুজঁত সৰি পৰা খৰ্গ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বনকৰ্মী সকলে কাৰ্যালয়ত জমা দিব লাগে যদিও চনীয়া ওৰাং আৰু দ্বীপেন কুমাৰ নাথে কৰ্তব্যৰত অৱস্থাত উদ্ধাৰ কৰা এটা গঁড়ৰ খৰ্গৰ টুকুৰা কাৰ্যালয়ত জমা নিদি বিক্ৰীৰ বাবে জো-যা চলাইছিল ৷

গোপন তথ্যৰ ভিত্তিত এই বিষয়ে অৱগত হোৱাৰ পাছতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জিলা বন বিষয়া ৰমেশ কুমাৰ গগৈয়ে অভিযান চলাই বনকৰ্মী দুজনক আটক কৰাৰ লগতে খৰ্গৰ টুকুৰাটো উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ আনহাতে, উক্ত বনকৰ্মী দুজনক আটক কৰি সোধা-পোচ অব্যাহত ৰাখিছে বন বিভাগে ৷ উল্লেখ যে, বৰ্তমানলৈকে গঁড়ৰ খৰ্গৰ চোৰাং বেহাত জড়িত থকা দহ জন বনকৰ্মীক আটক কৰিছে উদ্যান কৰ্তৃপক্ষই ৷

লগতে পঢ়কঃ গোলাঘাটত ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ প্ৰধান সচিব অনুৰাগ গোয়েল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.