ETV Bharat / state

ছাগলীয়ে খালে ধান; মাৰ-পিট কৰি দুই ফৈদে কৰিলে সকলো থান-বান

author img

By

Published : Nov 7, 2021, 4:37 PM IST

ধন সম্পত্তি, নাম-যশ সকলোৰে বাবে কাজিয়া কৰে মানুহে ৷ পিছে, আপুনি মন কৰিছেনে কেতিয়াবা এই কাজিয়াত অনুঘটকৰ কাম কৰে জীৱ-জন্তুৱেও ৷ কিন্তু এই গৰু-ছাগলীয়ে লগোৱা কাজিয়া কেতিয়াবা দুটা ফৈদৰ মাজৰ সংঘৰ্ষৰ ৰূপ লোৱা আপুনি দেখিছেনে ? চাওঁ আহক তেনে এক ঘটনা ৷

tension-among-two-groups-of-a-village-for-a-goat
ছাগলীয়ে খালে ধান : তাকেলৈ মাৰ-পিট কৰি দুই ফৈদে কৰিলে সকলো থান-বান

বোকাখাত, 7 নৱেম্বৰ : আমাৰ সমাজত বিভিন্ন বিষয়কলৈ কাজিয়াৰ সূত্ৰপাত হোৱা আপুনি দেখিছে ৷ কেতিয়াবা দহ টকাৰ বাবেই বন্ধুৱে বন্ধুক প্ৰহাৰ কৰা ঘটনা আপুনি দেখিছে ৷ মুঠৰ ওপৰত ধন সম্পত্তি, নাম-যশ সকলোৰে বাবে কাজিয়া কৰে মানুহে ৷ পিছে, আপুনি মন কৰিছেনে কেতিয়াবা এই কাজিয়াত অনুঘটকৰ কাম কৰে জীৱ-জন্তুৱেও ৷

ছাগলীয়ে খালে ধান : তাকেলৈ মাৰ-পিট কৰি দুই ফৈদে কৰিলে সকলো থান-বান

আপোনাৰ ঘৰৰ জপনা পাৰ হৈ চুবুৰীয়াৰ গৰু-ছাগলীয়ে আপোনাৰ ফুলনিখন তচ-নচ কৰিছে ,চৈধ্য গোষ্ঠী উজাৰি আপুনিও চুবুৰীয়াক গালি দিছে এনে অভিজ্ঞতা হয়তো আপোনাৰো হৈছে ৷ পিছে এই গৰু-ছাগলীয়ে লগোৱা কাজিয়া কেতিয়াবা দুটা ফৈদৰ মাজৰ সংঘৰ্ষৰ ৰূপ লোৱা আপুনি দেখিছেনে ?

এনে এখন কাজিয়াই সংঘটিত হ’ল বোকাখাত আৰক্ষী থানাৰ অন্তৰ্গত ২ নং বালিজান আদৰ্শ গাঁৱত ৷ ঘটনা অনুসৰি, স্থানীয় দন্দেশ্বৰ পেগু নামৰ লোকজনৰ ধাননি পথাৰত সমীপৰে ছহিদুল হক নামৰ লোকজনৰ ছাগলীয়ে ধান খোৱাক কেন্দ্ৰ কৰিয়েই দুটা ফৈদৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত ঘটে ৷ প্ৰতিপক্ষৰ আক্ৰমণত দন্দেশ্বৰ পেগু আৰু মহাবিদ্যালয়ত অধ্যয়নৰত পেগুৰ পুত্ৰ দ্বীপ পেগুৰ পেটত ছহিদুলে চোকা অস্ত্ৰৰে আক্ৰমণ কৰি ধাৰাশায়ী কৰে ৷

অনুৰূপ আক্ৰমণত মূৰত আঘাতপ্ৰাপ্ত হৈ আহত হয় ছহিদুল হকো ৷ এই ঘটনাৰ সন্দৰ্ভত উভয় পক্ষই বোকাখাত আৰক্ষী থানাত পৃথকে পৃথকে এজাহাৰ দাখিল কৰে ৷ বোকাখাত আৰক্ষীয়ে প্ৰাৰম্ভিক অনুসন্ধানত পিতা-পুত্ৰক আক্ৰমণ কৰা ছহিদুল হকক গ্ৰেপ্তাৰ কৰে ৷ ইফালে বালিজান পাইপ লাইন নিৱাসী ছহিদুল হকৰ চুবুৰীয়া ৰাইজৰ অভিযোগ মতে, বালিজান ২ নং আদৰ্শ গাঁৱৰ একাংশ লোকে সন্ধিয়ালৈ ছহিদুলৰ ঘৰ-দুৱাৰ ভাঙি লণ্ডভণ্ড কৰে ৷

অৱশ্যে, এই অভিযোগ খণ্ডন কৰি স্থানীয় ছাত্ৰ সংগঠন টি এম পি কেয়ে ঘটনাৰ উচিত তদন্ত কৰি দোষীক উপযুক্ত শাস্তি প্ৰদান কৰাৰ দাবী উত্থাপন কৰে ৷ সংগঠনটোৱে এই ঘটনাক কেন্দ্ৰ কৰি যাতে সাম্প্ৰদায়িক সংঘৰ্ষৰ ৰূপ নলয়, তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ আৰক্ষীৰ লগতে সকলো পক্ষকে আহ্বান জনায় ৷

লগতে পঢ়ক : দীপাৱলীত মহানগৰীৰ বিভিন্ন স্থানত অগ্নিকাণ্ড সংঘটিত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.