ETV Bharat / state

কিশোৰী অপহৰণ; পৰিয়ালৰ অভিযোগৰ ভিত্তিত দুগৰাকীক আটক সৰুপথাৰ আৰক্ষীৰ

author img

By

Published : Sep 2, 2021, 10:43 PM IST

Teenage kidnapping
পৰিয়ালৰ অভিযোগৰ ভিত্তিত দুগৰাকীক আটক সৰুপথাৰ আৰক্ষীৰ

সৰুপথাৰ নগৰত দিন দুপৰতে সংঘটিত হৈছে কিশোৰী অপহৰণৰ ঘটনা । পৰিয়ালৰ অভিযোগ অনুসৰি পাৰ্থ দাস আৰু ৰিংকি দাস নামৰ এটা দম্পত্তিক আটক কৰিছে আৰক্ষীয়ে ৷

সৰুপথাৰ, 2 ছেপ্টেম্বৰ : গোলাঘাট জিলাৰ সৰুপথাৰ নগৰত দিন দুপৰতে সংঘটিত হৈছে কিশোৰী অপহৰণৰ ঘটনা । সৰুপথাৰ নগৰৰ ৪নং ৱাৰ্ডৰ শংকৰ শ্বাহ নামৰ ব্যক্তি গৰাকীৰ ন-বছৰীয়া কন্যা অংকিতা শ্বাহ নামৰ কিশোৰী গৰাকী দুপৰীয়া ওচৰৰ দোকানলৈ বুলি গৈছিল ৷ অভিযোগ অনুসৰি দোকানৰ পৰা ঘৰলৈ উভতাৰ সময়তে পাৰ্থ দাস আৰু ৰিংকি দাস নামৰ এটা দম্পত্তিয়ে কিশোৰী গৰাকীক বাটৰ পৰা ফুচুলাই লৈ যায় ৷

প্ৰথমে কিশোৰীগৰাকীক সৰুপথাৰ নগৰৰ ৩ নং ৱাৰ্ডৰ থকা ভাড়া ঘৰত ৰাখে এই দম্পতিয়ে ৷ ঘৰত ভাত-পানী খোৱাই এযোৰ কাপোৰ দি পুনৰ সৰুপথাৰ ৰে'লৱে ষ্টেচনলৈ লৈ যায় কিশোৰী গৰাকীক ৷ ইফালে কিশোৰী গৰাকী সন্ধানহীন হোৱাত পৰিয়ালৰ লোকে সকলোতে বিচাৰ-খোচাৰ আৰম্ভ কৰে ৷

পৰিয়ালৰ অভিযোগৰ ভিত্তিত দুগৰাকীক আটক সৰুপথাৰ আৰক্ষীৰ

পৰৱৰ্তী সময়ত সৰুপথাৰ ৰে'লৱে ষ্টেচনত ৰৈ থকা অৱস্থাত কিশোৰী গৰাকীক প্ৰত্যক্ষ কৰে পৰিয়ালৰ লোকে ৷ লগে লগে পৰিয়ালৰ লোকে অপহৰণৰ লগত জড়িত দম্পত্তিৰ কৱলৰ পৰা উদ্ধাৰ কৰে কিশোৰী গৰাকীক ।

লগতে পঢ়ক: ডিম্পল কুমাৱত হত্যাকাণ্ডৰ A to Z

আনহাতে, কিশোৰী গৰাকীয়ে ঘৰলৈ যাৱলৈ বিচাৰোতে অপহৰণকাৰী দম্পত্তিয়ে মৃত্যুৰ ভাবুকিও দিছিল বুলি অভিযোগ তুলিছে পৰিয়ালৰ লোকে ৷ পৰিয়ালৰ লোকে আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে সৰুপথাৰ ৰে'লৱে ষ্টেচনৰ পৰাই দম্পত্তিটোক গ্ৰেপ্তাৰ কৰে । ইতিমধ্যে সৰুপথাৰ আৰক্ষীয়ে পৰিয়ালৰ অভিযোগৰ ভিত্তিত গোচৰ ৰুজু কৰি পতি পত্নী দুয়োকে জেৰা অব্যাহত ৰাখিছে ।

আৰক্ষীয়ে সন্দেহ কৰিছে যে দম্পত্তিটোৱে কিশোৰী গৰাকীক ৰে'লেৰে বহিঃৰাজ্যলৈ নিয়াৰ পৰিকল্পনা কৰিছিল । উল্লেখ্য যে, স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি ধৃত পাৰ্থ দাস আৰু ৰিংকী দাস পূৰ্বেও এনেধৰণৰ বহু ঘটনাৰ লগত জড়িত ।

লগতে পঢ়ক: আহোম সেনাৰ নৱম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.