ETV Bharat / city

আহোম সেনাৰ নৱম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

author img

By

Published : Sep 2, 2021, 10:02 PM IST

বৃহস্পতিবাৰে টীয়কৰ ঐতিহাসিক বীৰ লাচিতৰ মৈডাম প্ৰাংগণত দিনযোৰা কাৰ্যসূচীৰে আহোম সেনাই নৱম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন কৰে ৷

আহোম সেনাৰ নৱম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন
আহোম সেনাৰ নৱম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

টীয়ক,2 ছেপ্তেম্বৰ: অসমীয়া জাতিৰ সৰ্বাংগীণ উন্নতি আৰু অধিকাৰ কামনা কৰি আপোচবিহীনভাৱে অসমৰ ৰাজনৈতিক, ভৌগোলিক তথা অৰ্থনৈতিক অৱস্থাৰ অনিয়ম অন্যায়ৰ বিৰদ্ধে মাত মাতি আহিছে আহোম সেনাই ৷

কেৱল অসম তথা ভাৰতবৰ্ষতে নহয়, বিশ্বৰ সৰ্বোচ্চ ন্যায়ালয় ৰাষ্ট্ৰসংঘৰ মজিয়াতো নিজৰ স্থিতি অটল কৰি তুলিবলৈ সক্ষম হোৱা অসমৰ অন্যতম অৰাজনৈতিক সংগঠন আহোম সেনাই বৃহস্পতিবাৰে নৱম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন কৰিছে ৷

বৃহস্পতিবাৰে টীয়কৰ ঐতিহাসিক বীৰ লাচিতৰ মৈডাম প্ৰাংগণত দিনযোৰা কাৰ্যসূচীৰে আহোম সেনাই নৱম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন কৰে ৷

আহোম সেনাৰ নৱম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

লগতে পঢ়কঃ কাৰ্যালয় আৰু শিক্ষানুষ্ঠানত আঁৰি থব লাগিব "we are all vaccinated" ফলক: স্বাস্থ্যমন্ত্ৰী

উল্লেখযোগ্য যে, আহোম সেনাৰ যোৰহাট জিলা সমিতিৰ উদ্যোগত ক’ভিডৰ ভয়াবহ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বৃহস্পতিবাৰে পুৱা পৰিৱেশ নিকাকৰণ, পতাকা উত্তোলন, মৈডাম তৰ্পণৰ লগতে আহোম সকলৰ ৰীতি নীতিৰে বানফী আৰু ফুৰালুং সমাপন কৰি পূৰ্ব পুৰুষসকলক শ্ৰদ্ধাৰে সোঁৱৰে ।

লগতে প্ৰতিগৰাকী সদস্যই অসমৰ সৰ্বাংগীণ উন্নয়নৰ ক্ষেত্ৰত সদায় কাম কৰি যাব বুলি প্ৰতিশ্ৰুতিবদ্ধ হয় । ইপিনে দিনযোৰা কাৰ্যসূচীৰ লগত সংগতি ৰাখি অসমৰ কেইবাগৰাকীও বিশিষ্ট সমাজকৰ্মীক সম্বৰ্দ্ধনা জনায় সংগঠনটোৱে ৷

ইয়াৰ লগে লগে অসমৰ প্ৰতিখন অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ ৰণত সদায় আহোম সেনাই সেনাপতিৰ গুৰুদ্বায়িত্ব পালন কৰি যাব বুলি সংকল্পবদ্ধ হয় সংগঠনটোৰ সদস্যসকলে ।

লগতে পঢ়কঃ বেংগলী সংগঠনৰ বিৰুদ্ধে যোৰহাটত প্ৰতিবাদ বীৰ লাচিত সেনাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.