কাৰ্যালয় আৰু শিক্ষানুষ্ঠানত আঁৰি থব লাগিব "we are all vaccinated" ফলক: স্বাস্থ্যমন্ত্ৰী

author img

By

Published : Sep 2, 2021, 7:29 PM IST

"we are all vaccinated" বুলি কাৰ্যালয় আৰু শিক্ষানুষ্ঠানত ফলক আঁৰি থব লাগিব: স্বাস্থ্যমন্ত্ৰী

বৃহস্পতিবাৰে মৰিগাঁও জিলাত উপস্থিত হয় ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত ৷ জিলাখনৰ ক’ভিড পৰিস্থিতিৰ বুজ লোৱাৰ লগতে কি হাৰত ক’ভিড ভেকচিন প্ৰদান কৰি থকা হৈছে, সেই সৰ্ন্দভতো বিভাগীয় বিষয়ববীয়াৰ সৈতে এখন বৈঠকত মিলিত হয় মন্ত্ৰী কেশৱ মহন্ত ৷

মৰিগাঁও, 2 ছেপ্তেম্বৰ: ক’ভিড ভেকচিন ব্যাপক হাৰত প্ৰদান কৰাৰ পৰিকল্পনালৈ বৃহস্পতিবাৰে মৰিগাঁৱত উপস্থিত হয় ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত ৷ জিলা উপায়ুক্ত, স্থানীয় বিধায়ক আৰু স্বাস্থ্য বিভাগীৰ বিষয়ববীয়াৰ সৈতে এক পৰ্যালোচনা সভাতো বহে মন্ত্ৰীগৰাকী ৷

স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে যে, প্ৰতিজন লোকেই যাতে ভেকচিন লোৱাৰ পৰা বাদ পৰি নাযায়, তাৰ বাবে মৰিগাঁও জিলাত থকা ৮০০ টা ভেকচিন প্ৰদান কেন্দ্ৰলৈ ৰাইজক উলিয়াই আনি ভেকচিন দিয়াৰ ব্যৱস্থা কৰিব লাগিব । ইয়াৰ পিছতো যদি কোনো লোক ভেকচিন লোৱাৰ পৰা বাদ পৰি যায়, তেতিয়া প্ৰয়োজন সাপেক্ষে পদুলিয়ে পদুলিয়ে ভেকচিন প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে সদৰি কৰে ৷

আনহাতে আগন্তুক তিনিদিনৰ ভিতৰত সকলো চৰকাৰী কৰ্মচাৰী আৰু বিদ্যালয়লৈ আহিব লগীয়া ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষাগুৰু সকলে ভেকচিন লৈ কাৰ্যালয় আৰু বিদ্যালয়লৈ আহিব লাগিব বুলি কয় স্বাস্থমন্ত্ৰী গৰাকীয়ে ৷ তাৰ লগতে ৬ ছেপ্টেম্বৰৰ পিছত সকলো কাৰ্যালয়, বিদ্যালয়, মহাবিদ্যালয়ৰ সন্মুখত "we are all vaccinated" বুলি একোখনকৈ ফলক আঁৰি থব লাগিব বুলি কয় স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ৷

"we are all vaccinated" বুলি কাৰ্যালয় আৰু শিক্ষানুষ্ঠানত ফলক আঁৰি থব লাগিব: স্বাস্থ্যমন্ত্ৰী

লগতে পঢ়কঃ ভাৰতীয় ৰাজনীতিৰ চাণক্য প্ৰশান্ত কিশোৰক কংগ্ৰেছত যোগদান কৰিবলৈ আহ্বান

বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ’ব এই ব্যাপক অভিযানৰ বাবে বিষয়া, বিএলঅ’, গাঁওবুঢ়া, অংগণাবাডী কৰ্মী আশাকৰ্মীক শুক্ৰ আৰু শনিবাৰে দুদিনীয়াকৈ প্ৰশিক্ষণো দিয়াৰ কথা উল্লেখ কৰে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে ৷ স্নাতক, স্নাতকোত্তৰ আৰু উচ্চতৰ মাধ্যমিকৰ শ্ৰেণী সমূহৰ পাঠদান প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগে পৰ্যায়ক্ৰমে নিম্ন শ্ৰেণী সমূহৰো পাঠদান প্ৰক্ৰিয়া আৰম্ভ হ’ব বুলি কয় কেশৱ মহন্তই ৷

একেদৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ক’ভিড-19 ৰ সৰ্ন্দভত আন কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্যও উল্লেখ কৰি কয় যে, যিসকলে ক’ভিড মহামাৰীৰ কামত নিযোজিত হৈ আছিল, সেই সকলে অতি শীঘ্ৰে টকা সমূহ লাভ কৰিব ৷ এই সৰ্ন্দভত বুধবাৰে কইনাধৰাত অনুষ্ঠিত হোৱা কেবিনেটত সিদ্ধান্ত লৈ জিলা উপাযুক্ত সমূহলৈ টকা মুকলাই দিবলৈ নিৰ্দেশ প্ৰেৰণ কৰা হৈছে ৷

লগতে মহন্তই কয়, ক’ভিড মহামাৰীত যিসকল লোকে পিতৃ-মাতৃ, স্বামীক হেৰুৱাইছে সেইসকলৰ বাবে ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ তৎপৰতাত তিনিখন আঁচনিৰ জৰিয়তে সাৰ্হায প্ৰদান কৰি থকা হৈছে ৷ যদিহে এই আঁচনিৰ পৰা কোনো লোক বাদ পৰিছে তেওঁলোককো এই আঁচনিৰ অৰ্ন্তভুক্ত কৰিবলৈ ৰাজ্য চৰকাৰে পদক্ষে গ্ৰহণ কৰিছে বুলি কয় স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ৷

লগতে পঢ়কঃ গুৱাহাটী বিমান বন্দৰত ৯০,০০০ আমেৰিকান ডলাৰৰ সৈতে আটক আৰবাজুদ্দিন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.