কাৰ ভুলৰ বাবে জাকে জাকে গো-ধনৰ মৃত্যু ?

author img

By

Published : Sep 20, 2022, 10:57 PM IST

47 dead cows found in Bokakhat
কাৰ ভুলৰ বাবে জাকে জাকে গো-ধনৰ মৃত্যু ? ()

কাৰ ৰহস্যজনক ভূমিকাৰ বাবে বোকাখাতত সোমবাৰে মৃত্যু হ'ল ৪৭ টাকৈ গো-ধনৰ ? আৰক্ষীৰ জিম্মাত থকাৰ পিছতো কেনেকৈ মৃত্যু হল জাকে জাকে গৰুৰ(47 cows killed in Bokakhat) ? এই প্ৰশ্নই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে বোকাখাতত(Sensation over death of cows) ।

বোকাখাত,২০ ছেপ্টেম্বৰ: বোকাখাতত অবাধে চলি থকা চোৰাং গৰুৰ সৰবৰাহৰ পৰিণতিতেই ৪৭ টাকৈ গো-ধনৰ মৃত্যুৰ দৰে কৰুণ ঘটনা সংঘটিত হোৱাৰ অভিযোগ স্থানীয় সচেতন ৰাইজৰ(Cow smuggling at Bokakhat) । সোমবাৰে চোৰাং গৰু ভৰ্তি এখন ট্ৰাকৰ পৰা জব্দ কৰা ৪৮ টা গৰুৰ ভিতৰত ৪৭ টা গৰুৰেই মৃত্যু হোৱা ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে বোকাখাতত(Sensation over death of cows) ।

সোমবাৰে পুৱতি নিশা বোকাখাত আৰক্ষীৰ তালাচীত চোৰাং গৰু সহ জব্দ হৈছিল AS02E5998 নম্বৰৰ এখন ট্ৰাক (smuggled cows in Bokakhat) । বোকাখাতৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীৰ অভিযানত জব্দ হোৱা বাহনখনত আছিল ৪৮ টা চোৰাং গৰু । কিন্তু ৰহস্যজনকভাৱে জব্দকৃত বাহনখন বোকাখাত আৰক্ষী থানা চৌহদত অৰ্থাৎ আৰক্ষীৰ জিম্মাত থকা অৱস্থাতেই ৪৮ টা গৰুৰ ভিতৰত ৪৭ টা গৰুৰেই মৃত্যু হয় ।

কাৰ ভুলৰ বাবে জাকে জাকে গো-ধনৰ মৃত্যু ?

এই ঘটনা সংঘটিত হোৱাৰ পিছতেই এতিয়া সোচ্চাৰ হৈ পৰিছে বোকাখাতৰ বিভিন্ন দল-সংগঠন । উত্তপ্ত হৈ পৰিছে বোকাখাত । সোমবাৰে সংঘটিত হোৱা এই অমানবীয় কাণ্ডৰ বিৰুদ্ধে RSS, অসম সত্ৰ মহাসভা, বজৰং দল, বিশ্ব হিন্দু পৰিষদ আৰু বোকাখাত আঞ্চলিক পালনাম সমিতিয়ে মঙলবাৰে অবৈধ গো-সৰবৰাহৰ লগতে ৪৭ টাকৈ গৰুৰ মৃত্যুক গো-হত্যা আখ্যা দি বোকাখাতৰ মহকুমাধিপতিক উচিত তদন্ত কৰাৰ বাবে এখন স্মাৰকপত্ৰ প্ৰদান কৰে ।

ইফালে মহকুমাধিপতিয়ে প্ৰশাসনৰ গাফিলতিৰ কথা অকপতে স্বীকাৰ কৰাৰ কথাও ব্যক্ত কৰে দল সংগঠনৰ প্ৰতিনিধিয়ে । ৰহস্যজনকভাৱে বোকাখাতৰ মহকুমা আৰক্ষী বিষয়া অনিতা হাজৰিকাই গৰু সমূহ বিহৰা বজাৰৰ পৰাহে অনা বুলি মন্তব্য কৰিছে । ৰহস্যৰ মাজত সোমাই পৰা এই ঘটনাৰ এক উচিত তদন্ত দাবী কৰিছে বোকাখাতৰ বিভিন্ন দল-সংগঠন তথা স্থানীয় সচেতন ৰাইজে ।

লগতে পঢ়ক: নলবাৰীৰ শিয়ালমাৰী চৰত দুই ফৈদৰ তয়াময়া ৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.