নলবাৰীৰ শিয়ালমাৰী চৰত দুই ফৈদৰ তয়াময়া ৰণ

author img

By

Published : Sep 20, 2022, 8:47 PM IST

clash for land in mukalmua

ভূমিকেন্দ্ৰিক সংঘাটৰ ভয়ংকৰ পৰিণতি(Land Conflict in Mukalmua) । দুটা ফৈদৰ মাজত সংঘটিত হয় প্ৰচণ্ড মাৰপিটৰ ঘটনা(Two groups fighting at Sialmari Char) । এজন লোকৰ গৃহ লণ্ড ভণ্ড কৰি অগ্নিসংযোগ কৰাৰ অভিযোগ আনটো ফৈদৰ বিৰুদ্ধে ।

নলবাৰী,২০ চেপ্টেম্বৰ: নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ শিয়ালমাৰী চৰত ভূমিকেন্দ্ৰিক সংঘাটৰ ভয়ংকৰ পৰিনতি(Land Conflict in Mukalmua) । দুই ফৈদৰ ভূমি কেন্দ্ৰিক সংঘাটত হানিফ আলী নামৰ লোকজনৰ ঘৰ লণ্ড-ভণ্ড কৰি অগ্নিসংযোগ কৰাৰ অভিযোগ আনটো পক্ষৰ বিৰুদ্ধে । জানিব পৰা মতে এডোখৰ ভূমিক কেন্দ্ৰ কৰি হানিফ আলী আৰু মজিদ আলী নামৰ লোক দুজনৰ পৰিয়ালৰ মাজত পূৰ্বৰে পৰা আছিল বিবাদ(Two groups fighting at Sialmari Char) ।

সেই ভূমি ডোখৰক কেন্দ্ৰ কৰি দুদিন পূৰ্বে হানিফ আলীৰ পক্ষই মজিদ আলীৰ পৰিয়ালৰ লোকক আক্ৰমণ কৰিছিল । সেই ঘটনাক কেন্দ্ৰ কৰিয়েই দুয়ো পক্ষৰ মাজত হোৱা সংঘাটত মজিদ আলীৰ পৰিয়ালৰ লোকে হানিফ আলীৰ বাসগৃহ লণ্ড-ভণ্ড কৰি অগ্নিসংযোগ কৰাৰ অভিযোগ । পৰিস্থিতি অধিক উত্তপ্ত হোৱাত শিয়ালমাৰী আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব নোৱাৰি নলবাৰী জিলাৰ শীৰ্ষ মহললৈ বিষয়টো হস্তান্তৰ কৰে ।

নলবাৰীৰ শিয়ালমাৰী চৰত দুই ফৈদৰ তয়াময়া ৰণ

অৱশেষত ঘটনাস্থলীত নলবাৰী জিলা আৰক্ষী তথা প্ৰশাসনৰ শীৰ্ষ বিষয়া উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি(Heavy fighting between the two parties)। আৰক্ষীয়ে দুয়োটা ফৈদৰে ৯ জন লোকক সোধপোছৰ বাবে আটক কৰা বুলি জানিব পৰা গৈছে । অৱশ্যে ঘটনাত কোনো লোক হতাহত হোৱাৰ খবৰ বৰ্তমানলৈ পোহৰলৈ অহা নাই ।

লগতে পঢ়ক: দাবী কৰা ধন নিবলৈ আহি আৰক্ষীৰ জিম্মাত দুজন যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.