দাবী কৰা ধন নিবলৈ আহি আৰক্ষীৰ জিম্মাত দুজন যুৱক

author img

By

Published : Sep 20, 2022, 7:38 PM IST

Etv Bharat

ফাৰ্মাচীৰ স্বত্বাধিকাৰীক দাবীকৰা ধন নিবলৈ আহি ৰাইজৰ হাতত আৱদ্ধ হ’ব লগা হ'ল ৰঙিয়া ইছাপুৰৰ দুজন যুৱক (Two arrested for demanded money) ৷ ১৫ দিন পূৰ্বে পাঁচ লাখ টকা দাবী কৰি পত্ৰ প্ৰেৰণ কৰিছিল ফাৰ্মাচীৰ স্বত্বাধিকাৰীগৰাকীলৈ ৷

ৰঙিয়া,20 ছেপ্তেম্বৰ: দাবী কৰা ধন নিবলৈ আহি গণপ্ৰহাৰৰ সন্মুখীন হ'ল ৰঙিয়া ইছাপুৰৰ দুই যুৱক ৷ ঘটনা সন্দৰ্ভত প্ৰাপ্ত তথ্য মতে, ৰঙিয়াৰ ইছাপুৰৰ ইউনুচ আলী আৰু মৃদুল হ'ক নামৰ দুই ধৃতই ফাৰ্মাচী এখনৰ স্বত্বাধিকাৰী মোন্নাফ আলীক ১৫ দিন পূৰ্বে পাঁচ লাখ টকা দাবী কৰি পত্ৰ প্ৰেৰণ কৰিছিল । ফাৰ্মাচীৰ স্বত্বাধিকাৰী মোন্নাফ আলীয়ে ধন দাবী কৰা পত্ৰখন লাভ কৰাৰ পাছতে ভীতিগ্ৰস্থ হৈ সদৌ বড়োলেণ্ড সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ এবিএমছুৰ বিষয়ববীয়াক বিষয়টো অৱগত কৰে(Bodoland Minority Students Union) ৷

পত্ৰ প্ৰেৰণেৰে ধন দাবী কৰাৰ পাছত পুনৰ ধৃতকেইজনে কোনো অজ্ঞাত স্থানৰ পৰা হিন্দী ভাষাত ফোন কৰি ধন আদায় দিবলৈ মোন্নাফক দাবী দিয়ে ৷ ধৃতকেইজনক কৰায়ত্ত কৰাৰ উদ্দেশ্যৰে মোন্নাফক বিচৰা ধন আদায় দিবলৈ মান্তি হয় আৰু নিৰ্দিষ্ট এক স্থানলৈ আহিবলৈ দিয়ে ৷ কিন্তু ধৃত যুৱককেইজনে ধৰা পৰাৰ ভয়ত বাৰাম্বাৰ স্থান সলনি কৰি অৱশেষত দাৰকুছি চ'কত দাবী কৰা ধন লবলৈ আহিবলৈ মান্তি হয় ৷

দাবী কৰা ধন নিবলৈ আহি আৰক্ষীৰ জিম্মাত দুই ধৃত

পূৰ্ব পৰিকল্পনা অনুসৰি এবিএমছুৰ একাংশ বিষয়ববীয়াইয়ো খাপ পিতি ৰৈ থাকে ধৃত যুৱককেইজনক হাতে-লোটে ধৰিবৰ বাবে ৷ নিৰ্দিষ্ট নিশাটোত দাবী কৰা ধন সংগ্ৰহ কৰিবলৈ অহাৰ সময়তে এবিএমছুৰ সদস্যকেইজনৰ লগতে উক্ত স্থানত উপস্থিত স্থানীয় ৰাইজে দুই যুৱকক আবদ্ধ কৰি মাৰ-ধৰ কৰাৰ লগতে আৰক্ষীক গতাই দিয়ে(Two arrested for demanded money)৷ ধৃত দুয়োজনে নিজকে ৰঙিয়া ইছাপুৰৰ ইউনুচ আলী আৰু মৃদুল হ'ক বুলি পৰিচয় দিয়ে ৷

আৰক্ষীয়ে দুয়োকে আটক কৰি ঘটনা সন্দৰ্ভত বৰ্তমান জেৰা অব্যাহত ৰখা বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: ৰাজনৈতিক দলসমূহৰ নগদ অনুদান সন্দৰ্ভত আইন মন্ত্ৰালয়লৈ পত্ৰ মুখ্য নিৰ্বাচন আয়ুক্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.