ETV Bharat / state

Satra Ayog in Golaghat: গোলাঘাট জিলাৰ তিনিখন সত্ৰ পৰিদৰ্শন সত্ৰ আয়োগৰ

author img

By

Published : Jul 24, 2023, 10:48 PM IST

গোলাঘাট জিলাৰ তিনিখন সত্ৰ পৰিদৰ্শন সত্ৰ আয়োগৰ, ২২ খন সত্ৰৰ সত্ৰাধিকাৰ-বিষয়ববীয়াৰ সৈতে বৈঠক ৷ আগষ্ট মাহৰ প্ৰথম সপ্তাহৰ পৰা আৰম্ভ হ'ব প্ৰতিবেদন যুগুতকৰণৰ কাম ৷ দুই-তিনিমাহৰ ভিতৰত চূড়ান্ত প্ৰতিবেদন দাখিল কৰা হ'ব ৷

satra-ayog-assam-in-golaghat
গোলাঘাট জিলাৰ তিনিখন সত্ৰ পৰিদৰ্শন সত্ৰ আয়োগৰ

গোলাঘাট, ২৪ জুলাই : অসম সত্ৰ ভূমি সমস্যা পৰ্যবেক্ষণ আৰু পৰীক্ষণ আয়োগৰ এটা দলে সোমবাৰে গোলাঘাট জিলাৰ তিনিখন সত্ৰ পৰিদৰ্শন কৰে। প্ৰথমে দলটোৱে জিলাখনৰ গোলাঘাট ৰাজহ চক্ৰৰ অন্তৰ্গত কুমাৰ গাঁও, ন-পমুৱাৰ ঠকৰিয়াল সত্ৰ আৰু তাৰ পিছতেই ঘিলাধাৰী মৌজাৰ নোগোৰা গাঁৱৰ দিহিং সত্ৰ পৰিদৰ্শন কৰি ইয়াৰ অৱস্থাৰ বুজ লয়।

satra-ayog-assam-in-golaghat
গোলাঘাট জিলাৰ তিনিখন সত্ৰ পৰিদৰ্শন সত্ৰ আয়োগৰ

সত্ৰ আয়োগৰ অধ্যক্ষ বিধায়ক প্ৰদীপ হাজৰিকাৰ নেতৃত্বত অহা দলটোত আছিল আয়োগৰ সদস্য বিধায়ক মৃণাল শইকীয়া আৰু পৰামৰ্শদাতা মাধৱ প্ৰসাদ শৰ্মা ৷ আয়োগৰ দলটোৱে দুয়োখন সত্ৰৰ ভূমি সংক্ৰান্তীয় সমস্যাৰ চৰজমিন পৰ্যালোচনা কৰাৰ লগতে সত্ৰসমূহৰ সাঁচিপতিয়া পুথি, তাম্ৰফলি আদিৰ সবিশেষ তথ্য সংগ্ৰহ কৰে। ইয়াৰ পিছতেই গোলাঘাট আৱৰ্ত ভৱনৰ সভাকক্ষত জিলাখনৰ ২২ খন সত্ৰৰ সত্ৰাধিকাৰ আৰু বিষয়ববীয়াসকলৰ সৈতে দলটোৱে এখন সভাত মিলিত হয়।

satra-ayog-assam-in-golaghat
গোলাঘাট জিলাৰ তিনিখন সত্ৰ পৰিদৰ্শন সত্ৰ আয়োগৰ

আয়োগৰ অধ্যক্ষ প্ৰদীপ হাজৰিকাই সত্ৰত থকা পৌৰাণিক সমলসমুহৰ তালিকা যুগুত কৰি আয়োগৰ ওচৰত দাখিল কৰাৰ লগতে সত্ৰসমূহৰ প্ৰতি যাতে ৰাইজ আকৰ্ষিত হয়, তাৰবাবে এটা উপযুক্ত পৰিৱেশ সৃষ্টি কৰাৰ ওপৰত গুৰুত্ব দিয়ে।

satra-ayog-assam-in-golaghat
গোলাঘাট জিলাৰ তিনিখন সত্ৰ পৰিদৰ্শন সত্ৰ আয়োগৰ

তেওঁ কয় যে, ৰাজ্যখনৰ সত্ৰসমূহৰ মাটি বেদখলমুক্ত কৰাৰ বাবে বৰ্তমানৰ চৰকাৰখনে প্ৰয়াস অব্যাহত ৰাখিছে। অহা আগষ্ট মাহৰ প্ৰথম সপ্তাহৰ পৰা সত্ৰ আয়োগে ইয়াৰ প্ৰতিবেদন যুগুতকৰণৰ কাম আৰম্ভ কৰিব বুলি উল্লেখ কৰে ৷ আগন্তুক দুই-তিনিমাহৰ ভিতৰত চূড়ান্ত প্ৰতিবেদন দাখিল কৰা হ'ব। ভূমিৰ অভাৱৰ সৈতে যুঁজ দি থকা বিভিন্ন সত্ৰৰ অভাৱ-অভিযোগৰ বুজ লৈ তেওঁ কয় যে সমস্যাসমূহৰ ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰি দাখিল কৰিবলগীয়া এই প্ৰতিবেদনে চৰকাৰক সত্ৰৰ ভূমিৰ সমস্যা সমাধানত যথেষ্ট সহায় কৰিব। নতুন প্ৰজন্মক এই সত্ৰ সংস্কৃতিৰ প্ৰতি আকৰ্ষিত কৰাৰ বাবে সকলোৱে আন্তৰিকতাৰে কাম কৰিব লাগিব বুলিও তেওঁ উল্লেখ কৰে।

satra-ayog-assam-in-golaghat
গোলাঘাট জিলাৰ তিনিখন সত্ৰ পৰিদৰ্শন সত্ৰ আয়োগৰ

সত্ৰ আয়োগৰ আন এগৰাকী সদস্য বিধায়ক মৃণাল শইকীয়াই কয় যে সত্ৰসমূহক লৈ বহু বিভ্ৰান্তি আছিল। এইসমূহ বিভ্ৰান্তি দুৰ কৰি প্ৰকৃত তথ্য উদ্ঘাটনৰ বাবেই চৰকাৰে এই আয়োগখন গঠন কৰিছে বুলি উল্লেখ কৰি তেওঁ সত্ৰসমূহক পৰ্যটনৰ কেন্দ্ৰৰূপে গঢ় দিয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

সভাত অংশ লৈ সত্ৰ আয়োগৰ আন এগৰাকী সদস্য বিধায়ক ৰূপক শৰ্মাই কয় যে সত্ৰ আয়োগে দাখিল কৰা প্ৰতিবেদনে সত্ৰসমূহে মুখামুখি হৈ অহা ভূমিৰ সমস্যাৰ সমাধানসূত্ৰ উলিওৱাত যথেষ্ট সহায় কৰিব। তেওঁ এইক্ষেত্ৰত সত্ৰৰ ভকত বৈষ্ণৱসকলৰ সহযোগিতা কামনা কৰে।

উল্লেখযোগ্য যে, ৰাজ্যখনৰ সত্ৰসমূহৰ ভূমি সমস্যা সমাধান কৰাৰ লগতে ইয়াৰ ৰক্ষণাবেক্ষণৰ বিষয়টো নিশ্চিত কৰাৰ বাবে অসম চৰকাৰে ২০২১ চনত বিধায়ক প্ৰদীপ হাজৰিকাৰ নেতৃত্বত এই সত্ৰ আয়োগখন গঠন কৰিছিল।

লগতে পঢ়ক:Sanskrit to Assamese Translated Book Released: সংস্কৃতৰ পৰা অসমীয়ালৈ অনুবাদ কৰা শাস্ত্ৰ “গংগাজল’’ গ্ৰন্থ উন্মোচন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.