ETV Bharat / state

বন্যহস্তীৰ উপদ্ৰৱ ৰোধৰ দাবীত ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট

author img

By

Published : Sep 4, 2021, 8:36 PM IST

বন্যহস্তীৰ উপদ্ৰব ৰোধ কৰাৰ দাবীত ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট
বন্যহস্তীৰ উপদ্ৰব ৰোধ কৰাৰ দাবীত ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট

নুমলীগড়ৰ মৰঙি ৰাজহচক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘটেৰে বন্যহস্তীৰ উপদ্ৰৱ ৰোধৰ দাবীত চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ ৷

গোলাঘাট, 4 ছেপ্তেম্বৰঃ গোলাঘাট জিলাৰ বৃহত্তৰ মৰঙি মৌজা সম্প্ৰতি একপ্ৰকাৰ বন্যহস্তীৰ ৰম্যভূমিলৈ পৰিণত হৈছে । দিনে নিশাই বন্যহস্তীৰ উপদ্ৰব আৰু হস্তী মানুহৰ সংঘাতে ভয়ংকৰ ৰূপ লৈছে । কেতিয়াবা যদি হস্তী মানুহৰ সংঘাতৰ ফলত মানুহ মৃত্যু মুখত পৰিছে, আকৌ কেতিয়াবা আঘাত প্ৰাপ্ত হৈছে বন্যহস্তী ।

আনহাতে বন্যহস্তীৰ উপদ্ৰৱৰ ফলত গঞাৰ খেতি পথাৰ নষ্ট হৈছে, গৃহহীন হৈ পৰিছে শ শ পৰিয়াল ৷ এই বৰ্ষতো বন্যহস্তীৰ উপদ্ৰৱৰ ফলত সমগ্ৰ মৰঙি মৌজাত প্ৰায় তিনি হাজাৰৰো অধিক বিঘা খেতি পথাৰ চন পৰি ৰৈছে, চাৰিওফালে হাহাকাৰ পৰিৱেশ আৰু গাঁৱৰ কৃষিজীৱি ৰাইজৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে ।

বন্যহস্তীৰ উপদ্ৰব ৰোধ কৰাৰ দাবীত ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট

প্ৰতি নিশাই মৰঙি মৌজাৰ মুখ্যতঃ ৰংবং, বুঢ়াগোহাঁই খাট, বকিয়াল, জেকচন, সুন্দৰপুৰ, মাধৱপুৰ, গীদিবস্তী, বিজিকেত চুমনি, বগীধলা, দৈগ্ৰোং, পংকিয়াল গাওঁ, কেন্দুগুৰি, হালোৱা গাঁও, মৰঙি বাগান, লেটেকুজান, পোৰাবাংলা মাজুলী গাঁও, বাঁহবাৰী, পোৰাজংঘল, মিৰিপথাৰ, ধলাগুৰি, ধলাকছাৰী গাঁও, তেলিয়া গাঁও, কাঠনি বাগান, ফুলবাৰী, মুৰফুলনী, যুৰীয়া দলং, অভয়জান, ফলঙনি, থুৰামুখ অঞ্চলকে আদি কৰি সমগ্ৰ মৰঙি মৌজাতে ৰাইজে বিনিদ্ৰ ৰজনী কটাইছে ।

লগতে পঢ়কঃ কৰিমগঞ্জত সীমান্ত সুৰক্ষা বাহিনীৰ বাহন আৰু টেংকাৰ মাজত মুখামুখি সংঘৰ্ষ

যাৰ ফলত এই হস্তী মানুহৰ সংঘাত অঞ্চলটোত এক প্ৰকাৰ নিত্য নৈমিত্তিক ঘটনালৈ পৰিণত হৈছে । বহু মানুহ গৃহহীন হৈছে, খেতি পথাৰ নষ্ট হৈ সৰ্বহাৰা হ’ব লগা হৈছে এই অঞ্চল সমূহৰ ৰাইজ ।

আনহাতে হস্তী মানুহৰ সংঘাটে এক ভয়ংকৰ ৰূপ লোৱাৰ পিছতো অসম চৰকাৰ, গোলাঘাট জিলা প্ৰশাসন আৰু গোলাঘাট জিলা বন বিভাগে কোনো ধৰণৰ প্ৰয়োজনীয় তথা বিজ্ঞানসন্মত ব্যৱস্থা নোলোৱাৰ বাবেই গোলাঘাট জিলাৰ মৰঙি মৌজা এতিয়া এক প্ৰকাৰ বন্যহস্তীৰ ৰম্যভূমিলৈ পৰিণত হোৱা বুলি উল্লেখ কৰিলে স্থানীয় ৰাইজে ।

উপায়ন্তৰ হৈ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ মৰঙি আঞ্চলিক সমিতিয়ে এই সন্দৰ্ভত ভুক্তভোগী ৰাইজৰ কেইবাটাও দাবী সম্বলিত এখন স্মাৰক পত্ৰ ৰাজ্য চৰকাৰলৈ প্ৰেৰণ কৰিছে ৷ লগতে ৰাইজৰ স্বাৰ্থত দাবীসমূহ তাৎক্ষণিকভাৱে কাৰ্যকৰী কৰাৰ বাবে সংগঠনটোৱে শনিবাৰে এক প্ৰতিবাদী কাৰ্যসূচীও ৰূপায়ন কৰে ৷

লগতে পঢ়কঃ ক'ভিড কালত অৰ্থনৈতিক কাৰণত বৃদ্ধি পাইছে পৰিয়াল কেন্দ্ৰিক বিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.