কৰিমগঞ্জত সীমান্ত সুৰক্ষা বাহিনীৰ বাহন আৰু টেংকাৰ মাজত মুখামুখি সংঘৰ্ষ

author img

By

Published : Sep 4, 2021, 6:55 PM IST

কৰিমগঞ্জত সীমান্ত সুৰক্ষা বাহিনীৰ বাহন আৰু টেংকাৰ মাজত মুখামুখি সংঘৰ্ষ
কৰিমগঞ্জত সীমান্ত সুৰক্ষা বাহিনীৰ বাহন আৰু টেংকাৰ মাজত মুখামুখি সংঘৰ্ষ ()

কৰিমগঞ্জৰ শ্ৰীগৌৰি বজাৰত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে ৷ সীমান্ত সুৰক্ষা বাহিনী আৰু টেংকাৰ মাজত মুখামখি হোৱাৰ ফলতে এই দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি জানিব পৰা গৈছে ৷ আনহাতে দুৰ্ঘটনাটোৰ ফলত পাঁচজনকৈ ব্যক্তি গুৰুতৰভাৱে আহত হৈছে ৷

কৰিমগঞ্জ, 4ছেপ্তেম্বৰ: কৰিমগঞ্জৰ শ্ৰীগৌৰি বজাৰত শনিবাৰে পুৱাৰ ভাগতে এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে ৷ পথ দুৰ্ঘটনাটোৰ ফলত কফমপি প্ৰাণ ৰক্ষা পৰিছে কেইবাজনো সীমান্ত সুৰক্ষা বাহিনী জোৱানৰ ৷

উল্লেখযোগ্য যে, শ্ৰীগৌৰিত টেংকাৰ আৰু সীমান্ত সুৰক্ষা বাহিনী ট্ৰাকৰ মাজত মুখামুখি সংৰ্ঘষ হোৱাৰ ফলতে এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হৈছে ৷ ইপিনে দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিচতো দীৰ্ঘ সময় ধৰি সীমান্ত সুৰক্ষা বাহিনীৰ ট্ৰাক চালকজন বাহনখনৰ ভিতৰতে আৱদ্ধ হৈ আছিল ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত SDRF বাহিনী উপস্থিত হৈ সীমান্ত সুৰক্ষাৰ বাহিনীত বাহনত আৱদ্ধ হৈ থকা চালকজনক উদ্ধাৰ কৰে ৷

কৰিমগঞ্জত সীমান্ত সুৰক্ষা বাহিনীৰ বাহন আৰু টেংকাৰ মাজত মুখামুখি সংঘৰ্ষ

লগতে পঢ়কঃ শ্যামা প্ৰসাদ মূখাৰ্জী ৰুৰবান মিছনৰ অধীনত 500 বিঘা ভূমিত নেমু খেতি

জানিব পৰা মতে, দুৰ্ঘটনাটোৰ ফলত দুয়োখন বাহনত থকা পাঁচজনকৈ ব্যক্তি গুৰুতৰভাৱে আহত হৈছে ৷ সেই অনুসৰি সীমান্ত সুৰক্ষা বাহিনীৰ তিনিজন জোৱান আৰু টেংকাৰ খনৰ চালক আৰু হেন্ডিমেন আহত হৈছে ৷ অসম-ত্ৰিপুৰা সংযোগী আঠ নং ৰাষ্ট্ৰীয় ঘাইপথত মুখামুখি সংঘৰ্ষ হৈছেলি এই দুয়োখন বাহন ৷

আহত হোৱা সীমান্ত সুৰক্ষা বাহিনীৰ জোৱান কেইজন BSFৰ 01BN ৰ আছিল ৷ দুঘটনাটোত আহত হোৱা জোৱান তিনিজন হৈছে ধৰমেন্দৰ সিং, ৰাম ধ্যান কুমাৰ, অজয় নানক ৷

একেদৰে আহত টেংকাৰ চালক জনৰ নাম হৈছে ৰাজু সিং আৰু হেন্ডিমেন জন হৈছে ভদ্ৰসেনা সিং ৷ সম্প্ৰতি আহত আটাই কেইগৰাকী ব্যক্তিক শ্ৰীগৌৰি প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও স্বাস্থ্যৰ অৱস্থা সংকটজনক হোৱাৰ বাবে পৰৱৰ্তী সময়ত শিলচৰ মেডিকেল কলেজ চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷

লগতে পঢ়কঃ সেনা বাহিনীত যোগদানৰ বাবে বাক্সাত যুৱক-যুৱতীক প্ৰশিক্ষণ প্ৰদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.