সেনা বাহিনীত যোগদানৰ বাবে বাক্সাত যুৱক-যুৱতীক প্ৰশিক্ষণ প্ৰদান

author img

By

Published : Aug 31, 2021, 6:38 PM IST

Coaching for recruitment in Army at Baksa

ভাৰতীয় সেনা বাহিনীত যোগদানৰ উদ্দেশ্যে ওলাই আহিছে বাক্সা জিলাৰ শ শ নিবনুৱা যুৱক-যুৱতী । সেনা বাহিনীত নিযুক্তি লাভৰ বাবে অনুষ্ঠিত শাৰীৰিক পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ আগতীয়াকৈ প্ৰশিক্ষণ দিয়া হৈছে এই যুৱক-যুৱতীসকলক । বি টি আৰ চৰকাৰৰ উদ্যোগত আৰু এবছুৰ সহযোগত বাক্সা জিলাৰ খাৰুৱাজানত দেওবাৰৰ পৰা এই প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ কৰা হৈছে ।

বাক্সা, ৩১ আগষ্ট : ভাৰতৰ সামৰিক বাহিনীত বি টি আৰ যুৱক-যুৱতীয়ে যাতে নিযুক্তি লাভ কৰে, তাৰ বাবে এমাহ জোৰা প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ কৰা হৈছে বাক্সা জিলাৰ খাৰুৱাজানত । বি টি আৰ চৰকাৰৰ উদ্যোগত আৰু এবছুৰ সহযোগত দেওবাৰৰ পৰা এই প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ কৰা হৈছে । প্ৰশিক্ষণ কাৰ্যসূচীত অংশ লোৱাৰ বাবে দেওবাৰে শতাধিক যুৱক-যুৱতীয়ে খাৰুৱাজান টেক্সটাইল পাৰ্কত ভিৰ কৰেহি । সেনা বাহিনীত নিযুক্তি লাভৰ বাবে অনুষ্ঠিত শাৰীৰিক পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ আগতীয়াকৈ প্ৰশিক্ষণ দিয়া হৈছে এই যুৱক-যুৱতীসকলক ।

সেনা বাহিনীত যোগদানৰ বাবে বাক্সাত যুৱক-যুৱতীক প্ৰশিক্ষণ প্ৰদান

প্ৰশিক্ষণৰ উদ্বোধনী অনুষ্ঠানত ৬২ নং বৰমা বিধানসভা সমষ্টিৰ বিধায়ক ভূপেন বড়োৱে মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰে । তেওঁ সংবাদ মাধ্যমৰ আগত কয় যে, বিটিআৰ চুক্তি অনুসৰি এন ডি এফ বিৰ কেডাৰসকলৰ লগতে বিভিন্ন জাতি-জনগোষ্ঠীৰ যুৱক-যুৱতীসকলক পেৰা মিলিটেৰীত যোগদানৰ বাবে এই প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ কৰা হৈছে ।

তেওঁ লগতে কয় যে, বহু যুৱক-যুৱতী সেনা বাহিনীত নিযুক্তিৰ বাবে ইচ্ছুক, কিন্তু উপযুক্ত প্ৰশিক্ষণৰ অভাৱত পৰীক্ষাত উত্তীর্ণ হোৱাত ব্যৰ্থ হয় । সেয়েহে বি টি আৰ চৰকাৰৰ উদ্যোগত চাৰিওখন জিলাতে এনে ধৰণৰ প্ৰশিক্ষণ কেন্দ্র স্থাপন কৰি সেনা বাহিনীত ভৰ্তিৰ প্ৰাক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হৈছে ।

বিধায়ক ভূপেন বড়োৱে লগতে কয় যে, নিযুক্তিৰ সময়ত তেওঁলোকে বি টি আৰৰ বাবে সুকীয়াকৈ পদৰ সংখ্যা নিৰ্ধাৰণ কৰি দিব চৰকাৰক । কিন্তু বৰ্তমান প্ৰশিক্ষণ গ্ৰহণ কৰি থকা সকলৰ ভিতৰত কিমানগৰাকীয়ে নিযুক্তি লাভ কৰিব সেয়া স্পষ্ট হোৱা নাই বুলি তেওঁ জানিবলৈ দিয়ে ।

লগতে পঢ়ক : চামগুৰিত আৰক্ষীৰ জালত দুই দুৰ্ধৰ্ষ ডকাইত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.