ETV Bharat / state

এটা চাকৰি লাগে : অসম আৰক্ষীত ভৰ্তিৰ বাবে কচৰৎ একাংশৰ

author img

By

Published : Aug 22, 2021, 5:43 PM IST

অসম অৰক্ষীত নিযুক্তি পোৱাৰ লক্ষৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত যুৱক-যুৱতী সকলে চলাইছে ব্যাপক প্ৰস্তুতি ৷ আন জিলাৰ সমান্তৰালকৈ গোলাঘাট জিলাৰ বোকাখাততো চলিলে ব্যাপক প্ৰস্তুতি ৷

preparations-in-bokakhat-aiming-to-get-recruitment-in-assam-police
অসম আৰক্ষীত নিযুক্তিৰ লক্ষ্যৰে বোকাখাতত ব্যাপক প্ৰস্তুতি

বোকাখাত,22 আগষ্ট : ৰাজ্য চৰকাৰে ঘোষণা কৰা অনুসৰি, অহা 1 চেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব অসম আৰক্ষীৰ কনিষ্টবল নিযুক্তি প্ৰক্ৰিয়া ৷ ইয়াৰ বাবে ৰাজ্যৰ সকলো জিলাতে যুৱক-যুৱতী সকলে চলাইছে ব্যাপক প্ৰস্তুতি ৷ আন জিলা সমূহৰ সমান্তৰালকৈ বোকাখাতত স্থানীয় মহাবিদ্যালয়ৰ শিক্ষক সকলৰ উমৈহতীয়া ক্ৰীড়া সংগঠন 'নামদৈয়াং ক্ৰীড়া সন্থা'ৰ দ্বাৰা চলিছে উপযুক্ত ছাত্ৰ-ছাত্ৰী সকলক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হৈছে ৷

বিশেষকৈ কম বয়সীয়া নিবনুৱা যুৱক-যুৱতী আৰু ছাত্ৰ-ছাত্ৰী সকলক দৌৰ, জাম্প, লিখিত পৰীক্ষাৰ সাধাৰণ জ্ঞানৰ চৰ্চা,মনোবল বৃদ্ধিৰ বাবে যোগভ্যাস, শাৰীৰিক দক্ষতা বৃদ্ধিৰ বিভিন্ন দিশৰ অনুশীলন কৰোৱা হৈছে এই শিবিৰত । বোকাখাতৰ বিশিষ্ট ক্ৰীড়া সংগঠক, প্ৰবক্তা সুবুধ বৰাৰ পৰিচালনাত জে. ডি. এছ. জি. মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত এই নিযুক্তি অনুশীলন শিবিৰত শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অনুশীলন চলাইছে ।

অসম আৰক্ষীত নিযুক্তিৰ লক্ষ্যৰে বোকাখাতত ব্যাপক প্ৰস্তুতি

উল্লেখযোগ্য যে, বিগত সময়চোৱাত মহাবিদ্যালয়খনৰ এই খেল পথাৰত অনুষ্ঠিত হোৱা নিযুক্তি অনুশীলন শিবিৰৰ পৰা বহু প্ৰাৰ্থীয়ে ভাৰতীয় সেনা বাহিনী, অসম আৰক্ষীৰ বিভিন্ন পদত নিযুক্তি লাভ কৰিছে ৷ যাৰ বাবে উক্ত প্ৰশিক্ষণ শিবিৰৰ প্ৰতি স্বাভাৱিকতে আকৰ্ষণ আছে চাকৰি প্ৰত্যাশী যুৱক-যুৱতী সকলৰ ৷

মন কৰিবলগীয়া যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পাছতে কম দিনৰ ভিতৰতে 1 লাখ শিক্ষিত যুৱক-যুৱতীক চৰকাৰী চাকৰিত নিযুক্তি দিয়া হ'ব বুলি এক ঘোষণা কৰিছিল ৷ তাৰ পাছৰে পৰা নিযুক্তি প্ৰক্ৰিয়াৰ বাবে তৎপৰ হৈ পৰিছিল বিত্তমন্ত্ৰী অজন্তা নেওগৰ নেতৃত্বত গঠন কৰি দিয়া নিযুক্তিৰ বিশেষ কমিটীখন ৷ ইয়াৰ মাজতে শেহতীয়াকৈ অসম আৰক্ষীত নিযুক্তি দিয়াৰ বাবে বিজ্ঞাপন মুকলি কৰিছিল অসম চৰকাৰে ৷

লগতে পঢ়কঃ ব্যৰ্থতা ঢাকিবলৈ বিজেপিয়ে 100 দিনৰ চৰকাৰ বুলি প্ৰচাৰ চলাইছে !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.