ETV Bharat / state

AGP Spokesperson:অসম গণ পৰিষদৰ মুখপাত্ৰ হিচাপে নিযুক্ত দেৰগাঁৱৰ নুৰুল চুলতান

author img

By ETV Bharat Assamese Team

Published : Sep 1, 2023, 8:01 PM IST

Nurul Sultan
অগপৰ নৱনিযুক্ত মুখপাত্ৰ নুৰুল চুলতান

দেৰগাঁও সমষ্টিত আঞ্চলিক শক্তি সুদৃঢ় কৰাৰ সংকল্প অগপৰ শীৰ্ষ নেতৃত্বৰ ৷

অগপৰ নৱনিযুক্ত মুখপাত্ৰ নুৰুল চুলতান

যোৰহাট, 1 ছেপ্টেম্বৰ : ৰাষ্ট্ৰীয় পৰ্যায়ৰ সাংস্কৃতিৰ কৰ্মী এজনক অসম গণ পৰিষদৰ মজিয়াত উচ্চ আসন । ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলি উঠা সাংস্কৃতিক কৰ্মী দেৰগাঁৱৰ নুৰুল চুলতানক অগপৰ নৱনিযুক্ত মুখপাত্ৰ হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে । প্ৰায় তিনি দশক ধৰি অগপ দলটোৰ নেতৃত্ব দি আহিছে সাংস্কৃতিক কৰ্মী নুৰুল চুলতানে ।

Nurul Sultan
অগপৰ নৱনিযুক্ত মুখপাত্ৰ নুৰুল চুলতান

উল্লেখ্য যে, সদৌ অসম ছাত্ৰ সন্থাৰ দেৰগাঁও আৰু গোলাঘাট জিলাৰ বিভিন্ন পদবীত থাকি সুচাৰুৰূপে কাৰ্য নিৰ্বাহ কৰি সুনাম অৰ্জন কৰা নুৰুল চুলতানক অগপ দলৰ মুখপাত্ৰ হিচাপে নিযুক্তি প্ৰদান কৰাত উৎফুল্লিত হৈ পৰিছে আঞ্চলিক শক্তিৰ ওপৰত বিশ্বাসী লোকসকল । নুৰুল চুলতানক অগপৰ মূল মজিয়ালৈ লৈ অহাৰ লগে লগে দেৰগাঁও আঞ্চলিক শক্তি পূৰ্বতকৈ অধিক শক্তিশালী হৈ পৰিব সেয়া একপ্ৰকাৰ নিশ্চিত । কাৰণ এইগৰাকী সাংস্কৃতিক মনৰ অধিকাৰী নুৰুল চুলতানৰ সকলো স্তৰৰ মানুহৰ লগত আছে সু-সম্পৰ্ক ।

Nurul Sultan
অগপৰ নৱনিযুক্ত মুখপাত্ৰ নুৰুল চুলতান

সমাজৰ সকলো লোকেই নুৰুল চুলতানৰ আৰ্দশক সন্মান কৰে । প্ৰায় তিনিটা দশক ধৰি অগপ দলক নেতৃত্বত দি অহা নুৰুল চুলতানে মুখপাত্ৰ হিচাপে নিযুক্তি লাভ কৰি কয় যে আঞ্চলিক দল হিচাপে আজিৰ তাৰিখত অগপক সকলোৱে সন্মানৰ দৃষ্টিৰে চাই আহিছে আৰু জাতীয়তাবোধ ধাৰা আজিও জীয়াই ৰাখিছে দলটোৱে । উল্লেখ কৰা প্ৰয়োজন যে দেৰগাঁও সমষ্টিত ৰাইজৰ মাজত গণভিত্তি নথকাৰ বাবে দেৰগাঁও সমষ্টিত অগপৰ জনপ্ৰিয়তা হ্ৰাস পাই আহিছিল আৰু সেই হেৰুওৱা গণভিত্তি পুনৰ ঘূৰাই অনাৰ স্বাৰ্থত ৰাষ্ট্ৰীয় পৰ্যায়ৰ সাংস্কৃতিক কৰ্মীক নুৰুল চুলতানক অগপৰ মজিয়াত শীৰ্ষ পদবীত অধিষ্ঠিত কৰোৱা হৈছে ৷ নুৰুল চুলতানৰ দৃঢ় মনোভাৱ আৰু দেৰগাঁওবাসীৰ মাজত থকা জনপ্ৰিয়তাৰ বাবে পুনৰ দেৰগাঁও সমষ্টিত আঞ্চলিক ভেঁটি শক্তিশালী হ’ব বুলি সকলোৱে মত প্ৰকাশ কৰিছে ।

Nurul Sultan
অগপৰ নৱনিযুক্ত মুখপাত্ৰ নুৰুল চুলতান

লগতে পঢ়ক : Toll Gate in Assam:ৰঙামাটিত টোলগেট স্থাপনৰ বিৰোধিতা কৃষক মুক্তিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.