ETV Bharat / state

যিমানেই ৰাজনৈতিক দল হয় সিমানেই ভাল : মৃণাল শইকীয়া

author img

By

Published : Sep 12, 2020, 10:36 PM IST

আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত গঠন হোৱা নতুন ৰাজনৈতিক দলক আদৰণি বিধায়ক মৃণাল শইকীয়াৰ । অৰাজনৈতিক সংগঠন সমূহক ৰাজনৈতিক দল সমূহৰ মঞ্চ আখ্যা বিধায়কগৰাকীৰ ।

mrinal saikia
mrinal saikia

গোলাঘাট, 12 ছেপ্টেম্বৰ : সদৌ অসম ছাত্ৰসন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত গঠন হোৱা নতুন ৰাজনৈতিক দলক আদৰণি বিধায়ক মৃণাল শইকীয়াৰ । ৰাজনীতি লৈ আহিলেহে সমস্যা সমূহ সমাধান কৰিব পাৰিব, ৰাজনীতিৰ বাহিৰত থাকি চিঞৰি থাকিলে সমস্যা সমাধান নহয় বুলি মন্তব্য কৰি বিধায়কগৰাকীয়ে কয় যে, সেইহে যিমানেই ৰাজনৈতিক দল গঠন হয় সিমানেই ভাল ।

যিমানেই ৰাজনৈতিক দল হয় সিমানেই ভাল : মৃণাল শইকীয়া

শনিবাৰে গোলাঘাটৰ সতী সাধনী কলাক্ষেত্ৰত অনুষ্ঠিত হোৱা গোলাঘাট জিলা বিজেপিৰ কাৰ্যনিৰ্বাহক সভাত অংশ গ্ৰহণ কৰি বিধায়ক গৰাকীয়ে লগতে কয় যে, অৰাজনৈতিক সংগঠন সমূহ এতিয়া ৰাজনৈতিক দল সমূহৰ মঞ্চ । নতুন ৰাজনৈতিক দল বিজেপিৰ বাবে কোনো কাৰণতেই প্ৰত‍্যাহবান নহয়। আনহাতে গোলাঘাট জিলাৰ বিজেপিৰ সভাপতি দেৱপ্ৰদীপ বৰাই গোলাঘাট জিলাৰ পাঁচোটা সমষ্টিত বিজেপিৰ প্ৰাৰ্থীত্ব লাভৰ আশা প্ৰকাশ কৰি কয় আগন্তুক নিৰ্বাচনত বিজেপিয়ে জিলা খনৰ প্ৰতিটো সমষ্টি দখল কৰিবলৈ সক্ষম হ’ব ।

লগতে পঢ়ক : জাগীৰোড কাগজ কল পুনৰুজ্জীত কৰাৰ দাবীৰে মৰিগাঁৱত প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.