ETV Bharat / state

নুমলীগড় শোধনাগাৰৰ সৈতে জলপৰিবহণ বিভাগৰ দ্বিপাক্ষিক চুক্তি

author img

By

Published : Aug 26, 2021, 9:28 PM IST

নুমলীগড় শোধনাগাৰৰ লগত দ্বিপাক্ষিক চুক্তি ভাৰত চৰকাৰৰ । নুমলীগড় শোধনাগাৰলৈ কাৰ্গ পৰিবহণৰ বাবে জলপথৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰি স্বাক্ষৰ কৰা হৈছে এই বুজাবুজিৰ চুক্তিৰ ৷

MoU signing for utilisation of waterways to transport cargo to Numaligarh Refinery Limited
নুমলীগড় শোধনাগাৰৰ সৈতে জলপৰিবহনেৰে যোগাযোগ স্থাপন...

গোলাঘাট, 256 আগষ্ট : ঐতিহাসিক নুমলীগড় শোধনাগাৰৰ লগত দ্বিপাক্ষিক চুক্তি ভাৰত চৰকাৰৰ । অসম চুক্তিৰ আধাৰত প্ৰতিষ্ঠা হোৱা নুমলীগড় শোধনাগাৰ সম্প্ৰসাৰণ আৰু উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি এই চুক্তিত স্বাক্ষৰ কৰে ভাৰত চৰকাৰৰ আভ্যন্তৰীণ জল পৰিবহণ বিভাগে ।

দেশৰ বন্দৰ, জাহাজ আৰু জলপৰিবহণ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত এই চুক্তিত স্বাক্ষৰ কৰে নুমলীগড় তেল শোধনাগাৰ আৰু ভাৰত চৰকাৰৰ আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ বিষয়াই । উল্লেখ্য যে, নুমলীগড় শোধনাগাৰলৈ কাৰ্গ পৰিবহণৰ বাবে জলপথৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰি স্বাক্ষৰিত হৈছে এই বুজাবুজিৰ চুক্তি ৷

MoU signing for utilisation of waterways to transport cargo to Numaligarh Refinery Limited
নুমলীগড় শোধনাগাৰৰ সৈতে জলপৰিবহনেৰে যোগাযোগ স্থাপন...

লগতে পঢ়ক: চাৰি দশকত জব্দ-উদ্ধাৰ কৰা গঁড়ৰ খৰ্গ ধ্বংস কৰাৰ পৰিকল্পনা বন বিভাগৰ

বিশেষকৈ নুমলীগড় তেল শোধনাগাৰলৈ বিশ্বৰ ভিন্ন প্ৰান্তৰ পৰা সামগ্ৰী আমদানি আৰু ইয়াৰ লগতে তেল ৰপ্তানিৰ ক্ষেত্ৰত ব্যৱহাৰ হ'ব এই জলপথ ৷

বিভিন্ন ক্ষেত্ৰত স্থলপথেৰে গধুৰ সামগ্ৰী সৰবৰাহ কৰাটো সম্ভৱ নহয় । ইয়াৰ উপৰিও স্থলপথ আৰু বায়ুপথতকৈ জল পথৰ পৰিবহণ খৰছ অতি কম । সেয়েহে এই সমূহ সুবিধা হোৱাকৈ নুমলীগড় শোধনাগাৰৰ সৈতে জলপৰিবহণ বিভাগে স্বাক্ষৰ কৰে এই চুক্তিত ৷

নুমলীগড়ৰ ধনশিৰি নদীৰ কাষৰ জাহাজঘাট পৰিদৰ্শন কৰি সৰ্বানন্দ সোণোৱালে শোধনাগাৰৰ নগৰাঞ্চলত আয়োজন কৰা অনুষ্ঠানত আনুস্থানিকভাৱে শোধনাগাৰৰ সৈতে বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে । উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰে কৃষি মন্ত্ৰী অতুল বৰা, বিধায়ক বিশ্বজিৎ ফুকন আৰু ভৱেন্দ্ৰ নাথ ভৰালীৰ লগতে ভাৰত চৰকাৰৰ বিষয়া আৰু নুমলীগড় তেল শোধনাগাৰৰ বিষয়া সকলে ৷

লগতে পঢ়ক: ১ ছেপ্টেম্বৰত বিধায়ক পদ এৰিব ফণী তালুকদাৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.