ETV Bharat / state

ধনশিৰিত অবৈধ চুলাইৰ বিৰুদ্ধে মহকুমা প্ৰশাসনৰ অভিযান

author img

By

Published : Jul 19, 2021, 10:36 PM IST

large quantities local and foreign liquor seized by dhanshiri police
অবৈধন চুলাই আৰু বিলাতী বিৰুদ্ধে অভিযান ধনশিৰি মহকুমা প্ৰশাসনৰ

অবৈধ চুলাইৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে ধনশিৰি আৰক্ষীয়ে ৷ সোমবাৰে এক অভিযান চলাই বৃহৎ পৰিমাণৰ চুলাই আৰু বিলাতী সুৰা জব্দ কৰাৰ লগতে দুজন লোকক আটক কৰে আৰক্ষীয়ে ৷

সৰুপথাৰ, 19 জুলাই : অবৈধ চুলাই আৰু বিলাতী সুৰাৰ বিৰুদ্ধে বিশেষভাৱে তৎপৰ হৈছে ধনশিৰি মহকুমা প্ৰশাসন ৷ ইতিমধ্যে ধনশিৰি মহকুমাৰ কেইবা ঠাইত অবৈধ সুৰা বেহাৰ বিৰুদ্ধে অভিযান চলাইছে আৰক্ষীয়ে ৷ সোমবাৰে পুনৰ এক অভিযান চলাই ধনশিৰি আৰক্ষীয়ে ৷

গোপন সূত্ৰৰ পম খেদি চলোৱা উক্ত অভিযানত বৃহৎ পৰিমাণৰ চুলাই নষ্ট কৰাৰ নগতে কেইবাটাও অবৈধভাৱে স্থাপন কৰা ঘাটি উৎখাত কৰে আৰক্ষীয়ে ৷ গোলাঘাটৰ বৰপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত জালজ'ৰী, গড়গাঁও গাঁৱৰ লগতে নাওজান আৰক্ষী চকীৰ অন্তৰ্গত বিলপথাৰ, পাণজান গাঁৱত চলোৱা হয় এই অভিযান ৷ ধনশিৰি মহকুমা আৰক্ষী বিষয়া ত্ৰিনয়ন ভূঞাৰ নেতৃত্বত এটা আৰক্ষীৰ দলে চলাইছিল এই অভিযান ৷

large quantities local and foreign liquor seized by dhanshiri police
অবৈধ চুলাই আৰু বিলাতী বিৰুদ্ধে অভিযান ধনশিৰি মহকুমা প্ৰশাসনৰ

অভিযানত চুলাইৰ উপৰিও বৃহৎ পৰিমাণৰ বিলাতী সুৰাও জব্দ কৰে আৰক্ষীয়ে ৷

আৰক্ষী সূত্ৰই সদৰী কৰা মতে, অভিযানত প্ৰায় এক হাজাৰৰো অধিক অবৈধ চুলাই জব্দ কৰে আৰক্ষীয়ে ৷ ঘটনা সন্দৰ্ভত পাণজান গাঁৱৰ অনিল বসুমতাৰী আৰু বিলপথাৰৰ দেৱ চৌহান নামৰ দুজন লোকক আটক কৰিছে আৰক্ষীয়ে ৷ লোক দুজনে দীৰ্ঘদিনৰ পৰা এই চুলাই আৰু বিলাতী সুৰাৰ অবৈধ ব্যৱসায় চলাই আহিছিল ৷ পৰৱৰ্তী সময়ত এই অভিযান অব্যাহত থাকিব বুলি জানিবলৈ দিয়ে ধনশিৰি মহকুমা আৰক্ষীৰ এক সূত্ৰই ৷

লগতে পঢ়ক: ৰাজ্যত বিজেপি শাসনলৈ অহাৰ বাবে আজমলক জগৰীয়া কৰিলে ৰাইজৰ দলে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.