ETV Bharat / state

অসমৰ মাটিত ৰাজহ ফাকিৰে নগাৰ অবৈধ ইটা-ভাটা

author img

By

Published : Jun 17, 2021, 9:23 PM IST

illlegal Breek Factory
অসমৰ নগাই অবৈধ ভাৱে স্থাপন কৰিলে ইটা-ভাটা

অসম-নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চল সৰুপথাৰৰ চুঙাজানত একাংশ নগা লোকে সীমা অতিক্ৰম কৰি অসমৰ মাটিত ইটা-ভাটা স্থাপন কৰা কাৰ্যই অতিষ্ঠ কৰিছে চুঙাজান বাসীক ৷ স্থানীয় লোকে সদৰি কৰা মতে, এই ভাটা সমূহত নগাই কৰ্মী হিচাপে নিয়োগ কৰিছে সন্দেহজনক নাগৰিকক ৷

সৰুপথাৰ, 17 জুন : অসম-নাগালেণ্ড সীমান্ত সমস্যাই আজিও সীমান্তৱৰ্তী অঞ্চলৰ ৰাইজক আতংকিত কৰি ৰাখিছে ৷ এইবাৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চল সৰুপথাৰৰ চুঙাজানত একাংশ নগা লোকে সীমা অতিক্ৰম কৰি অসমৰ মাটিত স্থাপন কৰিছে ইটা-ভাটা ৷ এই কাৰ্যৰ পাচতে চুঙাজান বাসীৰ মাজত সৃষ্টি হৈছে এক চাঞ্চল্যৰ ৷

স্থানীয় লোকে সদৰি কৰা মতে, এম ভি পঞ্চায়তৰ অন্তৰ্গত সীমান্তৱৰ্তী অঞ্চলত একাংশ নগা লোকে অবৈধভাৱে স্থাপন কৰিছে ইটা ভাটা সমূহ ৷ তদুপৰি নগাই কোনো নথি-পত্ৰ নোলোৱাকৈয়ে সন্দেহজনক নাগৰিকক এই ইটা-ভাটা সমূহত কৰ্মচাৰী হিচাপে নিয়োগ কৰিছে ৷ এই কাৰ্যত অতিষ্ঠ হৈ পৰিছে চুঙাজানবাসী ৷

অসমৰ নগাই অবৈধ ভাৱে স্থাপন কৰিলে ইটা-ভাটা

পূৰ্বৰে পৰা এই অঞ্চলত নগাই গছ-গছনি কাটি বন ধ্বংস কৰাৰ লগতে চুঙাজান অঞ্চলত অশান্তিৰ পৰিবেশ সৃষ্টি কৰি আহিছে বুলি ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় লোকে ৷ উল্লেখ্য যে, একাংশ সচেতন লোকৰ মতে কোনো নথি-পত্ৰ নোহোৱাকৈ নগা লোকে অসমৰ মাটিত স্থাপন কৰা ইটি-ভাটাৰ পৰা কোটি কোটি ৰাজহ হেৰুৱাই আহিছে অসম চৰকাৰে ৷

এনে পৰিপেক্ষিতত গোলাঘাট জিলা প্ৰশাসনক এই ইটা ভাটা সমূহ বন্ধ কৰিবৰ বাবে দাবী জনাই আহিছে যদিও আজিকোপতি কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই প্ৰশাসনে ৷ ইয়াৰ লগতে নাওজান আঞ্চলিক বন বিষয়াই এই সন্দৰ্ভত অৱগত হয় যদিও ইটা-ভাটা সমূহ বন্ধ কাৰৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা নাই বুলি স্থানীয় লোকে অভিযোগ উত্থাপন কৰিছে ৷ গতিকে নগাই অবৈধ ভাৱে স্থাপন কৰা এই ইটা-ভাটা সমূহৰ সবিশেষ তদন্তৰ প্ৰক্ৰিয়াৰ মাজেৰে ওলিয়াই তাক বন্ধ কৰিবলৈ জিলা প্ৰশাসনক পুনৰ বাৰ দাবী জনাইছে স্থানীয় লোকে ৷

লগতে পঢ়ক: বিদ্যুৎ বিভাগৰ বিৰুদ্ধে সৰৱ বিধায়ক মৃণাল শইকীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.