ETV Bharat / state

ম্যাদ উকলা সামগ্ৰীৰে হেষ্টি-টেষ্টিৰ ব্যৱসায় !

author img

By

Published : May 12, 2020, 11:10 AM IST

Updated : May 12, 2020, 12:08 PM IST

hasty tasty shop seal golaghat assam etv bharat news
ব্যৱসায়িক প্ৰতিষ্ঠান ছীল

গোলাঘাটত দীৰ্ঘদিনে প্ৰশাসনৰ অজ্ঞাতে ম‍্যাদ উকলা সামগ্ৰী বিক্ৰীৰে ব্যৱসায় চলাই আহিছিল হেষ্টি-টেষ্টি নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনে ৷ মঙলবাৰে জিলা প্ৰশাসনে প্ৰতিষ্ঠানখনত অভিযান চলাই ম্যাদ উকলা সামগ্ৰী জব্দ কৰাৰ লগতে ছীল কৰে প্ৰতিষ্ঠানখন ৷

গোলাঘাট,12 মে’: এচাম ব্যৱসায়ীয়ে লক্​ ডাউনৰ সুযোগ গ্ৰহণেৰে সময়ে সময়ে ৰাজ্যত বিভিন্ন অসাধু ব্যৱসায় চলাই অহা পৰিলক্ষিত হৈছে ৷ স্থানীয় প্ৰশাসনৰ চকুত ধূলি দি এই ব্যৱসায়ত জড়িত ব্যৱসায়ীসকলৰ বিৰুদ্ধে ক্ৰমাৎ সষ্টম হৈ পৰিছে ৰাজ্যৰ প্ৰশাসন তথা খাদ্য সুৰক্ষা বিভাগ ৷

ব্যৱসায়িক প্ৰতিষ্ঠান ছীল

গোলাঘাটত দীৰ্ঘদিনে এইদৰে প্ৰশাসনৰ অজ্ঞাতে ম‍্যাদ উকলা সামগ্ৰী বিক্ৰীৰে ব্যৱসায় চলাই আহিছিল হেষ্টি টেষ্টি নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনে ৷ মঙলবাৰে জিলা প্ৰশাসন আৰু খাদ্য সুৰক্ষা বিভাগে প্ৰতিষ্ঠানখনত চলোৱা যুটীয়া অভিযানত পোহৰলৈ আহে এই কথা ৷ জিলা দণ্ডাধীশ পাপু গগৈৰ নেতৃত্বত চলা অভিযানটোত প্ৰতিষ্ঠানখনৰ পৰা বহুসংখ্য়ক ম‍্যাদ উকলা চকলেট জাতীয় সামগ্ৰী জব্দ কৰে আৰক্ষীয়ে ৷ অভিযানৰ অন্তত প্ৰতিষ্ঠানখন ছীল কৰে প্ৰশাসনে ৷

লগতে চাওকঃ মুম্বাইৰ পৰা আহি জন্মভূমিত উপস্থিত জুবিন গাৰ্গ

Last Updated :May 12, 2020, 12:08 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.