ETV Bharat / state

বানে উটুৱাই নিলে বৰতল-নিকৰি সংযোগী গড়কাপ্তানী পথ

author img

By

Published : Jun 27, 2020, 1:16 PM IST

বাঢ়নী পানীয়ে উটুৱাই নিলে গোলাঘাট জিলাৰ বোকাখাট সমষ্টিৰ বৰতল-নিকৰি সংযোগী গড়কাপ্তানী পথ ৷ পথটোৰ ওপৰত থকা এটা পকী কালভাৰ্ট আৰু পথৰ একাংশ হঠাতে উটুৱাই নিয়ে ব্ৰহ্মপুত্ৰ আৰু গেলাবিল নৈৰ বাঢ়নী পানীয়ে ।

বৰতল-নিকৰি সংযোগী গড়কাপ্তানী পথ
বানে উটুৱাই নিলে বৰতল-নিকৰি সংযোগী গড়কাপ্তানী পথ

গোলাঘাট, 27 জুন : ৰাজ্যত এতিয়া বানৰ বিভীষিকা ৷ শুকুৰবাৰে ৰাজ্যত বানে ভয়াবহ ৰূপ ধাৰণ কৰাৰ ফলত প্ৰায় 2,52,661 লোক প্ৰভাৱান্বিত হৈছে ৷ বৰ্তমানলৈকে 16 খনৰো অধিক জিলাত বানৰ বুৰ যোৱাৰ লগতে মৃত্যু হৈছে প্ৰায় 16 জন লোকৰ ৷

বানে উটুৱাই নিলে বৰতল-নিকৰি সংযোগী গড়কাপ্তানী পথ

ব্ৰহ্মপুত্ৰ বাঢ়নী পানীৰ ফলত বিচ্ছিন্ন হৈছে ৰাজ্যৰ বিভিন্ন অঞ্চলৰ যোগাযোগ ব্যৱস্থা ৷ কেমেৰাৰ সন্মুখতে বাঢ়নী পানীয়ে উটুৱাই নিলে গোলাঘাট জিলাৰ বোকাখাট সমষ্টিৰ বৰতল-নিকৰি সংযোগী গড়কাপ্তানী পথ ৷ পথটোৰ ওপৰত থকা এটা পকী কালভাৰ্ট আৰু পথৰ একাংশ হঠাতে উটুৱাই নিয়ে ব্ৰহ্মপুত্ৰ আৰু গেলাবিল নৈৰ বাঢ়নী পানীয়ে ।

প্ৰায় 30 খন গাঁও আৰু 5 টা পঞ্চায়তৰ 40 হাজাৰ লোকৰ একমাত্ৰ সংযোগী কালভাৰ্টটো ভাঙি উটুৱাই নিয়াত প্ৰায় যোগাযোগ বিছিন্ন হৈ পৰিছে অঞ্চলটোৰ । পূৰ্বে বাৰম্বাৰ বিভাগীয় কৰ্তৃপক্ষক খবৰ দিয়াৰ পিছতো পথটোৰ কোনো ধৰণৰ মেৰামতি নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে । কালভাৰ্টটো উটি যোৱাৰ ফলত এতিয়া বিপদ সংকুল ভাৱে অহা যোৱা কৰিব লগা হৈছে স্থানীয় লোকসকলে । ইফালে পথটো চিঙি নিয়াৰ ফলত হুৰাহুৰে গাওঁসমূহত পানী সোমাই নিশাটোৰ ভিতৰতে জলমগ্ন হৈ পৰাৰ আশংকা শ শ পৰিয়ালৰ ৷

লগতে পঢ়ক : পুনৰ লক ডাউনঃ যোৰহাটত নিস্তব্ধ ৰাজপথ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.