ETV Bharat / state

গোলাঘাট জব্দ 53 লাখ টকা মূল্যৰ অবৈধ সোণ

author img

By

Published : Jul 13, 2019, 11:27 PM IST

Updated : Jul 13, 2019, 11:49 PM IST

গোলাঘাটৰ 39নং ৰাষ্ট্ৰীয় ঘাইপথৰ তেলগৰমত এখন বাছত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে প্ৰায় 53 লাখ টকা মূল্যৰ সোণখিনি। আৰক্ষীৰ এক সূত্ৰৰ ভিত্তিতে জব্দ কৰে 1664 গ্ৰাম ওজনৰ প্ৰায় 53 লাখ টকা মূল্যৰ সোণৰ বিস্কুটখিনি

গোলাঘাট জব্দ 53 লাখ টকা মূল্যৰ অবৈধ সোণ

গোলাঘাট,13 জুলাইঃ গোলাঘাট জব্দ অবৈধ সোণ ৷ মহম্মদ ৰহমান নামৰ এজন প্ৰাক্তন চি আৰ পি এফ জোৱানৰ পৰা গোলাঘাট আৰক্ষীয়ে জব্দ কৰে 10 খন সোণৰ বিস্কুট। গোলাঘাটৰ 39 নং ৰাষ্ট্ৰীয় ঘাই পথৰ তেলগৰমত এখন বাছত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে প্ৰায় 53 লাখ টকা মূল্যৰ সোণখিনি। আৰক্ষীৰ এক সূত্ৰৰ ভিত্তিতে জব্দ কৰে 1664 গ্ৰাম ওজনৰ প্ৰায় 53 লাখ টকা মূল্যৰ সোণৰ বিস্কুটখিনি ৷ পূৰ্বৰে পৰা সোণৰ বিস্কুট মণিপুৰৰ পৰা গুৱাহাটীলৈ সৰবৰাহ কৰাৰ তথ্য লাভ কৰিছিল আৰক্ষীয়ে। আনহাতে,মণিপুৰৰ বাসিন্দা ধৃত মহম্মদ ৰহমানৰ লগত এটা দলে এনে কাৰ্য কৰাৰ সন্দেহ কৰিছে আৰক্ষীয়ে। উল্লেখ্য যে,পূৰ্বেও মহম্মদ ৰহমানে কলকাতাত অবৈধ সোণ সৰবৰাহ কাৰ্যত ধৰা পৰি ৰঙা ঘৰৰ আলহী হৈছিল ৷

গোলাঘাট জব্দ 53 লাখ টকা মূল্যৰ অবৈধ সোণ
Intro:গোলাঘাট আৰক্ষীৰ পুনৰ সফলতা। আৰক্ষীৰ এক সূত্ৰৰ জড়িয়তে অভিযান চলাই গোলাঘাট আৰক্ষীয়ে জব্দ কৰে ১০খন সোণৰ বিস্কুট। মহম্মদ ৰহমান নামৰ এজন প্ৰাক্তন চি আৰ পি এফ জোৱানৰ পৰা জব্দ কৰা হয় সোণৰ বিস্কুটখিনি। গোলাঘাটৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথৰ তেলগৰমত এখন বাচত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে প্ৰায় ৫৩ লাখ টকা মূল্যৰ সোণ সমূহ।Body:গোলাঘাট আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে সোণৰ বিস্কুট। এজন প্ৰাক্তন চি আৰ পি এফ জোৱানৰ পৰা জব্দ কৰা হয় ১০ খন সোণৰ বিস্কুট। আৰক্ষীৰ এক সূত্ৰৰ সহায়ত গোলাঘাটৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথৰ তেলগৰমত এখন বাচত অভিযান চলাই জব্দ কৰে ১৬৬৪ গ্ৰাম ওজনৰ প্ৰায় ৫৩ লাখ টকা মূল্যৰ সোণ সমূহ। মহম্মদ ৰহমান নামৰ প্ৰাক্তন চি আৰ পি এফ এজন জোৱান জনৰ পৰা জব্দ কৰা হয় সোণখিনি। পূৰ্বৰে পৰা সোণৰ বিস্কুট মণিপুৰৰ পৰা গুৱাহাটীলৈ সৰবৰাহ কৰাৰ তথ্য লাভ কৰিছিল আৰক্ষীয়ে। এই তথ্যৰ ভিত্তিত গোলাঘাট আৰক্ষীয়ে ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ তেলগৰমত অভিযান চলাই সোণখিনি জব্দ কৰিবলৈ সক্ষম হয়। মহম্মদ ৰহমান নামৰ প্ৰাক্তন চিআৰপিএফৰ জোৱান জনে জুতাৰ ভিতৰত লুকুৱাই আনিছিল ১০খন সোণৰ বিস্কুট। মণিপুৰৰ পৰা গুৱাহাটী অভিমুখে নি আছিল সোণ সমূহ। ধৃত মহম্মদ ৰহমানৰ লগত এটা দলে এনে কাৰ্য কৰাৰ সন্দেহ কৰিছে আৰক্ষীয়ে। আৰক্ষীয়ে তেওঁৰ লগত আৰু লোক থকাৰ তথ্য লাভ কৰিছিল যদিও সেই ব্যক্তি সকলৰ মোবাইলৰ ছুইচ অফ কৰি দিয়াত অভিযান সমাপ্ত কৰিব লগা হৈছিল। মহম্মদ ৰহমান পূৰ্বতেও কলকাতাত ধৰা পৰিছিল অবৈধ সোণ সৰবৰাহ কাৰ্যত। সেইবাৰো কলকাতাত জেল খাব লগা হৈছিল মহম্মদ ৰহমান। এইদৰে এবাৰ সোণ সৰবৰাহ কৰিলে ৫০ হাজাৰ টকা লাভ হয় বুলি আৰক্ষীক স্বীকাৰোক্তি দিয়ে ধৃত মহম্মদ ৰহমানে। চি আৰ পি এফৰ চাকৰিৰ পৰা স্বেচ্ছামূলক অৱসৰ লৈছিল মহম্মদ ৰহমানে। মণিপুৰত ঘৰ ধৃত মহম্মদ ৰহমানৰ।Conclusion:Byte 1: আৰক্ষী বিষয়া, গোলাঘাট।
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট, Etv Bharat অসম।
Last Updated : Jul 13, 2019, 11:49 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.