ETV Bharat / state

গোলাঘাটত ধনশিৰিৰ বানৰ তাণ্ডৱ অব্য়াহত

author img

By

Published : Oct 30, 2019, 12:36 PM IST

গোলাঘাটত ধনশিৰিৰ বানৰ তাণ্ডৱ অব্য়াহত

এতিয়াও পানীৰ তলত বুৰি আছে গোলাঘাটৰ বহু অঞ্চল ৷ আবতৰীয়া বানৰ কবলত পৰা অঞ্চলটোৰ কেবাখনো গাঁও জলমগ্ন হোৱাৰ ফলত বহু লোকৰ ঘৰ বাৰী,খেতি পথাৰ,অঞ্চলটোৰ বাট পথ আদি বিগত পাঁচ দিন ধৰি বানত বুৰ গৈ আছে |

গোলাঘাট,30 অক্টোবৰঃ ধনশিৰি নদীৰ আবতৰীয়া বানপানী সৰুপথাৰৰ কিছু কিছু ঠাইত কিছু হ্ৰাস পাইছে যদিও মহকুমাটোৰ, চুঙাজান,নাওজান,সৰুপথাৰ,বৰপথাৰ এলেকাত ধনশিৰি নদীৰ বানত বুৰ যোৱা গাঁও সমূহত পানী কিছু কমিছে যদিও পুনৰ ন ন অঞ্চল প্লাৱিত হোৱাৰ কথা জানিব পৰা গৈছে ৷ টেঙানী গাঁও পঞ্চায়তৰ ঔ গুৰী আলি ছিঙা, ২নং কেঁকুৰি মিছিং গাঁও, ১নং কেকুৰী,বৰচাপৰি আদি গাঁৱৰ প্ৰায় ৩০০টা কৃষিজীৱি পৰিয়ালৰ ঘৰ বাৰী,খেতি পথাৰ ধনশিৰি নদীৰ আবতৰীয়া বানত বুৰ গৈছে | একেদৰে ২ নং কেকুৰী মিছিং গাৱৰ ৪৫ টা পৰিয়ালৰ ঘৰ বাৰী এতিয়াও পানীৰ তলত ৷

GOLAGHAT SARUPATHAR OFF  SEASON FLOOD
আবতৰীয়া বানত বুৰ গৈছে গোলাঘাটৰ বিস্তীৰ্ণ অঞ্চল
গোলাঘাটত ধনশিৰিৰ বানৰ তাণ্ডৱ অব্য়াহত

হঠাৎ অহা ধনশিৰি নৈৰ আবতৰীয়া বানে কৃষিজীৱি লোকসকলৰ ঘৰত মজুত ৰখা ধান,চাউল,কাপোৰ কানি,ছাত্ৰ ছাত্ৰীৰ কিতাপ পত্ৰ আদি বানে উটুৱাই নিয়ে ৷ একদৰে একাংশ লোকৰ পশুধন গাহৰি,গৰু ছাগলী আদিও পানীত উটি গৈছে | বিশেষকৈ খাদ্য,বিশুদ্ধ খোৱা পানীৰ অভাৱত ভুগিছে বন্যাৰ্তই | ইফালে ধনশিৰি মহকুমা প্ৰশাসনে এইপৰ্যন্ত কোনো সাহায্য প্ৰদান কৰা নাই বুলি অভিযোগ উত্থাপন কৰিছে বন্যাৰ্তই |

Intro:ধনশিৰি নদীৰ আৱতৰিয়া বানপানী সৰুপথাৰৰ কিছু কিছু ঠাইত অলপ কমিছে যদিও টেঙানী গাঁও পঞ্চায়তৰ ২ নং কেকুৰী মিছিং গাৱৰ ৪৫ টা পৰিয়ালৰ ঘৰ বাৰী এতিয়াও পানীৰ তলত বুৰ গৈছে | ইয়াৰোপৰি ঔ গুৰী আলি ছিঙা, বৰচাপৰি আদি গাৱৰ কৃষকৰ ঘৰ বাৰী, খেতি পথাৰ, অঞ্চলটোৰ বাট পথ আদি বিগত পাঁচ দিন ধৰি বানত বুৰ গৈ আছে | বিশেষকৈ খাদ্য, বিশুদ্ধ খোৱা পানীৰ অভাৱত ভূগিছে বন্যাৰ্তই | ধনশিৰি মহকুমা প্ৰশাসনে কোনো সাহাৰ্য্য প্ৰদান কৰা নাই বুলি অভিযোগ কৰিছে বন্যাৰ্তই | সাহাৰ্য্যৰ বাবে কাতৰ মিনতি বন্যাৰ্তৰ |
Body:ধনশিৰি মহকুমাৰ চুঙাজান, নাওজান, সৰুপথাৰ,বৰপথাৰ এলেকাত ধনশিৰি নদীৰ বান পানীত বুৰ যোৱা গাঁও সমূহত পানী কিছু কমিছে যদিও পুনৰ ন ন অঞ্চল পানীত বুৰ গৈছে | মহকুমাটোৰ টেঙানী গাঁও পঞ্চায়তৰ ঔ গুৰী আলি ছিঙা, ২ নং কেঁকুৰি মিছিং গাঁও, ১ নং কেকুৰী,বৰচাপৰি আদি গাৱৰ প্ৰায় ৩০০ কৃষিজীৱী পৰিয়ালৰ ঘৰ বাৰী খেতি পথাৰ ধনশিৰি নদীৰ আৱতৰিয়া বানত বুৰ গৈছে | হঠাৎ অহা ধনশিৰি নৈৰ আৱতৰিয়া বানে কৃষিজীৱি লোক সকলৰ ঘৰত মজুত ৰখা ধান, চাউল, কাপোৰ কানি,ছাত্ৰ ছাত্ৰীৰ কিতাপ পত্ৰ আদি বানত উটি গল | কিছুলোকৰ পশুধন গাহৰি, গৰু ছাগলী পানীত উটি গৈছে |টিউবেল পানীৰ তলত বুৰ গৈছে | Conclusion:Byte 1 বন্যাৰ্ত
Byte 2 বন্যাৰ্ত
Byte 3 বন্যাৰ্ত

সৰুপথাৰৰ পৰা দেৱাশীষ শৰ্মাৰ ৰিপৰ্ট ETV BHARAT অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.