ETV Bharat / state

অবৈধ সুৰা: গোলাঘাটত আৰক্ষী-আবকাৰী বিভাগৰ অভিযান

author img

By

Published : Oct 5, 2019, 3:32 AM IST

Updated : Oct 5, 2019, 11:28 AM IST

অবৈধ সুৰা: গোলাঘাটত আৰক্ষী-আবকাৰী বিভাগৰ অভিযান

বেঙেনাখোৱাৰ "বাইদেউ হোটেল"ত অভিযান ৷ উদ্ধাৰ বহু পৰিমাণৰ বিলাতী সুৰাৰ বটল ৷

গোলাঘাট, 4 অক্টোবৰ: দিনক দিনে গোলাঘাট নগৰত বৃদ্ধি পাইছে অবৈধ সুৰা বিক্ৰী ঘাটি ৷ শনিবাৰৰ শাৰদীয় দূর্গা পূজা মহাষষ্ঠিৰ দিনাও অবৈধ সুৰাৰ বিৰূদ্ধে অভিযান অব্যাহত ৰাখে গোলাঘাট আৰক্ষী আৰু জিলা আবকাৰী বিভাগে ৷ মহাষষ্ঠীৰ সন্ধিয়া চহৰখনৰ বেঙেনাখোৱাৰ "বাইদেউ হোটেল"ত অভিযান চলাই আৰক্ষী আৰু আবকাৰী বিভাগে জব্দ কৰে বহু সংখ্যক বিলাতী সুৰাৰ বটল ৷ বেঙেনাখোৱাৰ গীতু বৰা নামৰ এগৰাকী মহিলাৰ মালিকাধীন বাইদেউ হোটেল নামেৰে পৰিচিত হোটেলখনত ভাত, ৰুটি, মাছ, মাংস বিক্ৰী কৰাৰ লগতে অবৈধভাৱে বিক্ৰী কৰা হৈছিল বিলাতী সুৰা ৷ দীৰ্ঘদিনৰ পৰা বাইদেউ হোটেলত এইদৰে চলি আহিছিল অবৈধভাৱে বিক্ৰী কৰা বিলাতী সুৰা ৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, সময়ে সময়ে বাইদেউ হোটেলত আৰক্ষীয়ে অভিযান চলাই আহিছে যদিও পুনৰ গোপন বুজাবুজিৰে অব্যাহত থাকে অবৈধ সুৰাৰ ৰমৰমীয়া ব্যৱসায় ৷ এই অভিযানত অবৈধ সুৰা জব্দ কৰাৰ লগতে আৰক্ষীয়ে গৰাকী গীতু বৰাক আটক কৰে ৷

অবৈধ সুৰা: গোলাঘাটত আৰক্ষী-আবকাৰী বিভাগৰ অভিযান
Intro:Body:শাৰদীয় দূর্গা পূজাত মদৰ বিৰুদ্ধে গোলাঘাটত অভিযান। সন্ধিয়া গোলাঘাট আৰক্ষীয়ে আবকাৰী বিভাগৰ সহযোগত চলাই অভিযান। গোলাঘাট বেঙেনাখোৱাৰ "বাইদেউ হোটেল"ত অভিযান চলাই জব্দ কৰে বহু সংখ্যক বিলাতী সূৰাৰ বটল। বেঙেনাখোৱাৰ গীতু বৰা নামৰ মহিলা গৰাকীৰ ভাতৰ হোটেলত অভিযান। বাইদেউ হোটেল নামেৰে পৰিচিত হোটেল খনত ভাত,ৰুটি মাছ, মাংস বিক্ৰী কৰাৰ লগতে অবৈধ ভাৱে বিক্ৰী কৰে বিলাতী সুৰাও। দীৰ্ঘদিনৰ পৰা এই বাইদেউ হোটেলত অবৈধ ভাৱে মদ বিক্ৰী কৰি অহাৰ অভিযোগ আছে। মাজে সময়ে আৰক্ষী বা আবকাৰী বিভাগে বাইদেউ হোটেলত অভিযান চলাই যদিও পুনৰ গোপন বুজাবুজিৰে চলে মদৰ ৰমৰমীয়া ব্যৱসায়। আজি সন্ধিয়া অভিযান চলাই মদ জব্দ কৰাৰ লগতে বাইদেউ গীতু বৰাক আটক কৰে।Conclusion:Byte 1: আৱকাৰী বিষয়া
Byte 2: বাইদেউ
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট, Etv Bharat অসম।
Last Updated :Oct 5, 2019, 11:28 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.