ETV Bharat / state

গোলাঘাটত ভোট গণনাৰ প্ৰস্তুতি সম্পন্ন

author img

By

Published : May 1, 2021, 2:28 PM IST

golaghat counting center
গোলাঘাটত ভোট গণনাৰ প্ৰস্তুতি সম্পন্ন

গোলাঘাটৰ ৰেচিডেঞ্চিয়েল গাৰ্লছ পলিটেকনিকত ৯৫ নং গোলাঘাট আৰু ৯৬ নং খুমটাই সমষ্টিৰ ভোট গণনা অনুষ্ঠিত হ’ব । ক’ভিড প্ৰ'টকল ৰক্ষা কৰি এইবাৰ বিশেষ কিছু ব্যৱস্থাৰ ঘোষণা কৰা হৈছে ।

গোলাঘাট, 1 মে’ : অসমৰ ১২৬ টা সমষ্টিত শেষ হাঁহি কোনে মাৰিব সেইয়া নিৰ্ণয় হ'ব ২ মে'ত । ২ মে'ত দেশৰ কেইবাখনো ৰাজ্যত অনুষ্ঠিত হোৱা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব । গোলাঘাটটো ইতিমধ্যে ভোট গণনাৰ সকলোবোৰ প্ৰস্তুতি সম্পন্ন হৈছে । গোলাঘাটৰ ৰেচিডেঞ্চিয়েল গাৰ্লছ পলিটেকনিকত ৯৫ নং গোলাঘাট আৰু ৯৬ নং খুমটাই সমষ্টিৰ ভোট গণনা অনুষ্ঠিত হ’ব । ক’ভিড প্ৰ'টকল ৰক্ষা কৰি এইবাৰ বিশেষ কিছু ব্যৱস্থাৰ ঘোষণা কৰা হৈছে । গোলাঘাটৰ আৰক্ষী অধীক্ষকৰ উপস্থিতিত উপায়ুক্তই তন্নতন্নকৈ ভোট গণনা কেন্দ্ৰটো পৰ্যাবেক্ষণ কৰে ।

গোলাঘাটত ভোট গণনাৰ প্ৰস্তুতি সম্পন্ন

উপায়ুক্ত বিভাস‌ চন্দ্ৰ মোদীয়ে সাংবাদিক জানিব দিয়া অনুসৰি, ২ মে' পুৱা ৮ বজাৰ পৰা ভোট গণনা আৰম্ভ হ'ব । ৮ বজাত প'ষ্টেল ভোট গণনাৰ পিছত ৮.৩০ বজাৰ পৰা আৰম্ভ হ'ব ইভিএমৰ গণনা। গোলাঘাট আৰু খুমটাই সমষ্টিৰ ভোট গণনাৰ বাবে ১৪ খন টেবুলৰ ব্যৱস্থা কৰা হৈছে । এটা এটা হলত ৭ খনকৈ টেবুল থাকিব । প’ষ্টেল বেলটৰ বাবে সুকীয়া কোঠাৰ ব্যৱস্থা থাকিব । এখন টেবুলত তিনিশ কৈ বেলট পেপাৰ গণনা কৰা হ'ব । এই সকলোবোৰ সুচাৰুৰূপে পৰিচালনা কৰিবৰ বাবে কাউন্টিং চুপাৰ ভাইজাৰ আৰু সহকাৰীসকলক ইতিমধ্যে প্ৰশিক্ষণ প্ৰদান কৰা হৈছে । ঠিক একেদৰে, ৰাজনৈতিক দলৰ এজেণ্টসকলকো দুবাৰকৈ মিটিং কৰি প্ৰশিক্ষণ প্ৰদান কৰা হৈছে ।

ভোটগণনা কেন্দ্ৰটোত তিনিটা লেয়াৰৰ সুৰক্ষা থাকিব । কেন্দ্ৰটোত কেৱল ৰেপিড এন্টিজেন টেষ্টৰ জৰিয়তে নিগেটিভ ওলোৱা লোকেহে প্ৰৱেশ কৰি পাৰিব । ভোট গ্ৰহণ কেন্দ্ৰত ধপাত, জুইশলা, চিগাৰেট আদি লৈ প্ৰৱেশত বাধা । ইয়াৰ উপৰিও ভোট গণনা কেন্দ্ৰত মোবাইল ব্যৱহাৰ কৰিব নোৱাৰিব । গণনাৰ ফলাফল ২ বজাৰ পৰা ৩ বজাৰ ভিতৰত ঘোষণা হোৱাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক : কৰ’ণাত আক্ৰান্ত প্ৰবীণ বাওঁপন্থী নেতা হেমেন দাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.