ETV Bharat / state

গোলাঘাটত অসম গণ পৰিষদ দলৰ প্ৰতিষ্ঠা দিৱস পালন

author img

By

Published : Oct 14, 2019, 12:27 PM IST

১৯৮৫ চনৰ আজিৰ দিনটোতে গোলাঘাটত জন্ম লাভ কৰিছিল আঞ্চলিক ৰাজনৈতিক দল অগপই ।

অসম গণ পৰিষদ

গোলাঘাট, 14 অক্টোবৰ: সোমবাৰে জন্মস্থান গোলাঘাটত অসম গণ পৰিষদ দলৰ ৩৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন । গোলাঘাট জিলা অগপ কাৰ্যালয়ত পালন কৰা হয় এই প্ৰতিষ্ঠা দিৱস ৷ ১৯৮৫ চনৰ আজিৰ দিনটোতে গোলাঘাটত জন্ম লাভ কৰিছিল আঞ্চলিক ৰাজনৈতিক দল অগপই । সোমবাৰে ৩৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে জিলাখনৰ দেৰগাঁৱত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত কেইবাশতাধিকে অগপ দলত যোগদান কৰিব বুলি দলীয় সূত্ৰই প্ৰকাশ কৰে । উল্লেখ্য যে অসম গণ পৰিষদৰ সদস্য ভৰ্ত্তি অভিযানৰ অন্তৰ্গত দলটোত ইতিমধ্যে গোলাঘাট জিলাৰ 20000 নতুন সদস্য যোগদান কৰে।

৩৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈকে অবৈধ অনুপ্ৰৱেশকাৰীসকলৰ বিৰুদ্ধে হোৱা অসম আন্দোলনৰ পৰিণতিত অসম গণ পৰিষদ গঠিত হৈছিল। পৰৱৰ্তী সময়ত অসম গণ পৰিষদৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰফুল্ল কুমাৰ মহন্তৰ নেতৃত্বত অসম গণ পৰিষদে দুবাৰকৈ চৰকাৰ গঠন কৰিবলৈ সক্ষম হয়। ১৯৮৫ চনত ঐতিহাসিক অসম চুক্তিৰ পাছত প্ৰফুল্ল কুমাৰ মহন্ত দেশৰ কনিষ্ঠতম মুখ্যমন্ত্ৰী ৰূপে নিৰ্বাচিত হয় । ১৯৮৫-১৯৮৯ আৰু ১৯৯৬-২০০১ কালছোৱাত দুবাৰ অগপই অসমত চৰকাৰ গঠন কৰে।

Intro: জন্মস্থান গোলাঘাটত অসম গণ পৰিষদ দলৰ প্ৰতিষ্ঠা দিৱস পালন । ৩৫ সংখ্যক প্ৰতিষ্ঠা দিৱস গোলাঘাট জিলা অগপ কাৰ্যালয়ত পালন । ১৯৮৫ চনৰ আজিৰ দিনটোতে গোলাঘাটত জন্ম লাভ কৰিছিল আঞ্চলিক ৰাজনৈতিক দল অগপই । আজি ৩৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে গোলাঘাটৰ কাৰ্যালয়ত অনুষ্টুপীয়াকৈ পালন কৰাৰ পিছত জিলা খনৰ দেৰগাঁৱত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত কেইবাশতাধিকে অগপ দলত যোগদানৰ কাৰ্যসূচী সম্পন্ন হব বুলি দলীয় সূত্ৰই প্ৰকাশ কৰে । অসম গণ পৰিষদৰ সদস্য ভৰ্ত্তি অভিযানৰ অন্তৰ্গত ইতিমধ্যে গোলাঘাট জিলাত বিশ হাজাৰ নতুন সদস্য অসম গণ পৰিষদত যোগদান কৰিছে আৰু অসম গণ পৰিষদৰ প্ৰতি আকৃষ্ট হৈছে ।Body:Byte 1 : আছিকুৰ ৰহমান Conclusion:গোলাঘাট পৰা চামিম আলি , etv Bharat , অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.