ETV Bharat / state

গোলাঘাটত পুনৰ গ্ৰেপ্তাৰ ড্ৰাগছ সৰবৰাহকাৰী

author img

By

Published : Oct 1, 2020, 1:55 PM IST

বিগত কিছু দিন পূৰ্বে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ড্ৰাগছ মাফিয়া আমজাদ খানক। এইবাৰ আৰক্ষীৰ জালত পৰিল গোলাঘাট নগৰৰ দুজন যুৱক ক্ৰমে বিতোপন শইকীয়া আৰু বাবুল সিং যাদৱ ৷

drugs peddlers arrested at golaghat
গোলাঘাটত পুনৰ গ্ৰেপ্তাৰ ড্ৰাগছ সৰবৰাহকাৰী

গোলাঘাটত,1 অক্টোবৰঃ গোলাঘাট নগৰৰ লগতে কাষৰীয়া অঞ্চলত চলি আছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় । আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ হৈছে যদিও একাংশই আৰক্ষীকো কেৰেপ নকৰি চলাই আহিছে ড্ৰাগছৰ ব্যৱসায়। বুধবাৰে নিশা আৰক্ষীৰ এক অভিযানত পুনৰ গ্ৰেপ্তাৰ হ'ল দুজন ড্ৰাগছ ব্যৱসায়ী। গোলাঘাট আৰু জামুগুৰি আৰক্ষীৰ যুটীয়া অভিযান চলাই এই দুটা ড্ৰাগছ বেপাৰীক কৰায়ত্ব কৰিবলৈ সক্ষম হয় ৷

আৰক্ষীয়ে বিশেষ সূত্ৰৰ পম খেদি নোগোৰা ৰাজ্যিক চিকিৎসালয়ৰ ওচৰত দুই যুৱকক কৰায়ত্ব কৰে আৰু ডিমাপুৰৰ লাহৰিজানৰ পৰা হেলমেটত লুকুৱাই অনা ড্ৰাগছ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ধৃত ড্ৰাগছ বেপাৰী দুটাৰ নাম হ'ল বিতোপন শইকীয়া (২২), বাবুল সিং যাদৱ (২৪)। দুইটাৰ ঘৰ গোলাঘাটৰ বেঙেনাখোৱাৰ খাজুৰীগুৰিত বুলি জানিব পৰা গৈছে ।

লগতে পঢ়কঃ গাড়ী বন্ধ কৰি নগাঁৱত প্ৰতিবাদ মটৰ শ্ৰমিক আৰু মালিক সন্থাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.