ETV Bharat / state

গোলাঘাট আৰক্ষীৰ জালত চাৰি ড্ৰাগছ সৰবৰাহকাৰী

author img

By

Published : Sep 20, 2020, 1:12 PM IST

গোলাঘাট নগৰৰ এৰেঙ্গাপাৰ, বেঙেনাখোৱা, তেতেলীতল, ৰঙাজান, শান্তিপুৰত এতিয়াও ড্ৰাগছৰ ৰমৰমীয়া বেহা চলি থকাৰ স্বীকাৰোক্তি দিয়ে কাৰায়ত্ব কৰা ড্ৰাগছ ব্যৱসায়ীয়ে ৷

Drugs peddler arrested by Golaghat police
গোলাঘাট আৰক্ষীৰ জালত চাৰি ড্ৰাগছ সৰবৰাহকাৰী

গোলাঘাট, 20 ছেপ্তেম্বৰ: গোলাঘাট জিলাত বৰ্তমানেও অব্যাহত আছে ড্ৰাগছৰ এক ৰমৰমীয়া বেহা ৷ শনিবাৰে নিশা গোলাঘাট আৰক্ষীয়ে চাৰিজনকৈ ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাৰ পাছতে পোহৰলৈ আহিছে এই কথা ৷ আৰক্ষীৰ অভিযানত লুৰুকীহাটৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল নিষিদ্ধ ঘোষিত ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়ৰ লগত জড়িত চাৰি যুৱক ক্ৰমে ছাহজাহান আলি, হৰেণ দাস, ইমৰান আলি আৰু আহিদুৰ আলিক ৷

গোলাঘাট আৰক্ষীৰ জালত চাৰি ড্ৰাগছ সৰবৰাহকাৰী

অভিযোগ অনুসৰি, চাহজাহান আলিয়ে ঘৰতে বহুদিনৰ পৰাই সহযোগী যুৱক কেইজনৰ সৈতে এনেদৰে মাৰাত্মক ড্ৰাগছৰ সৰবৰাহ কৰি আহিছে ৷ গোলাঘাট নগৰৰ এৰেঙ্গাপাৰ, বেঙেনাখোৱা, তেতেলীতল, ৰঙাজান, শান্তিপুৰত এতিয়াও ড্ৰাগছৰ ৰমৰমীয়া বেহা চলি থকাৰ স্বীকাৰোক্তি দিয়ে কাৰায়ত্ব কৰা ড্ৰাগছ ব্যৱসায়ী কেইজনে ৷

Drugs peddler arrested by Golaghat police
গোলাঘাট আৰক্ষীৰ জালত চাৰি ড্ৰাগছ সৰবৰাহকাৰী

লগতে পঢ়কঃ গড়কাপ্তানি পথে জ্বলা-কলা খুৱাইছে টীয়কবাসীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.