ETV Bharat / state

বোকাখাতত স্কুটী বিতৰণ মন্ত্ৰী অতুল বৰাৰ

author img

By

Published : Sep 4, 2022, 8:39 PM IST

বোকাখাতত জীৱিকা সখী, কৃষি সখী,পশু সখী, বেংক সখী আৰু বীমা সখীক স্কুটী বিতৰণ কৰে ৰাজ্যৰ কৃষিমন্ত্ৰী অতুল বৰাই ৷ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত গোলাঘাট পশ্চিম উন্নয়ন খণ্ডৰ উদ্যোগত বোকাখাতৰ ৩৬ গৰাকী জীৱিকা সখীক "সখী এক্সেপ্ৰেছ" স্কুটী বিতৰণ কৰে(Minister Atul Bora joined in distribution program) মন্ত্ৰীগৰাকীয়ে ৷

Distribution of scooters at Bokakhat
বোকাখাতত জীৱিকা সখী, কৃষি সখী,পশু সখী, বেংক সখী আৰু বীমা সখীক স্কুটী বিতৰণ

বোকাখাত, 4 ছেপ্টেম্বৰ: "যিসকলক স্কুটী দিয়া হৈছে তেওঁলোকে যাতে নিয়ম কানুন মানি চলি স্কুটী ভালদৰে চলায় ৷ চৰকাৰে জীৱিকা সখী, কৃষি সখী,পশু সখী, বেংক সখী আৰু বীমা সখীক স্কুটী বিতৰণ কৰাৰ মূল লক্ষ্যই হৈছে তেওঁলোকে সহায় কৰিবলৈ সুযোগ লাভ কৰিছে ৷ তেওঁলোকে এই সুযোগৰ যাতে সদব্যৱহাৰ কৰে ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেশৰ 5 খন অগ্ৰণী ৰাজ্যৰ ভিতৰত ভাৰতৰ নাম সন্নিৱিষ্ট কৰিবলৈ বিচাৰিছে ৷ আমি বহুত পিছুৱাই আছো ৷ যোৱা এটা বছৰত মুখ্যমন্ত্ৰীৰ তৎপৰতাত বহুতো নতুন পৰিকল্পনা হাতত লোৱা হৈছে ৷ সেই পৰিল্পনাবোৰ নিৰ্ধাৰিত সময়ৰ ভিতৰত কাৰ্যকৰী কৰিবলৈ বিচৰা হৈছে ৷ অকলে এই কাম কৰিব নোৱাৰি, সকলোৰে সহযোগিতা লাগিব, ৰাইজৰ সহযোগিতা লাগিব ৷" বোকাখাতত দেওবাৰে জীৱিকা সখী, কৃষি সখী,পশু সখী, বেংক সখী আৰু বীমা সখীক স্কুটী বিতৰণ কৰি এই মন্তব্য কৰে ৰাজ্যৰ কৃষিমন্ত্ৰী অতুল বৰাই ( Distribution of scooters at Bokakhat)৷

বোকাখাতত জীৱিকাসখী, কৃষি সখী,পশু সখী, বেংক সখী আৰু বীমা সখীক স্কুটী বিতৰণ

জীৱিকা সখীসকলে স্কুটী চলাওঁতে হেলমেট পৰিধান কৰিবলৈ আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে (Minister Atul Bora joined in distribution program) ৷ দেওবাৰে বোকাখাত নাট্য মন্দিৰ প্ৰাংগনত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত গোলাঘাট পশ্চিম উন্নয়ন খণ্ডৰ উদ্যোগত বোকাখাতৰ ৩৬ গৰাকী জীৱিকা সখীক "সখী এক্সেপ্ৰেছ" স্কুটী বিতৰণ কৰা হয় ৷

লগতে মহকুমাটোৰ ১১ টা আত্মসহায়ক গোটক ৬ লাখ টকাকৈ ঋণ প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে । আত্মসহায়ক গোট সমূহে আৰ্থিক সকাহ লাভ কৰি আত্ম-প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ’ব পাৰিব বুলি মত পোষণ কৰে মন্ত্ৰীগৰাকীয়ে । আনহাতে মন্ত্ৰীগৰাকীৰ আহ্বানৰ প্ৰতি সহাৰি জনাই জীৱিকা সখীসকলে নিজৰ জীৱন সুৰক্ষাৰ স্বাৰ্থত হেলমেট পৰিধান কৰি স্কুটী চলোৱাৰ অশ্বাস প্ৰদান কৰে ৷

লগতে পঢ়ক: ট্ৰেক্টৰ চলাই পথাৰত নামিল কৃষিমন্ত্ৰী অতুল বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.