ETV Bharat / state

গোলাঘাটত ডেংগুৰ প্ৰদুৰ্ভাৱ, বৰ্তমানলৈকে জিলাখনত 92 গৰাকী লোক ডেংগুত আক্ৰান্ত

author img

By ETV Bharat Assamese Team

Published : Nov 21, 2023, 2:14 PM IST

গোলাঘাট জিলাত ভয়াবহ ৰূপ লৈছে ডেংগুৱে ৷ বৰ্তমানলৈকে জিলাখনত 92 গৰাকী লোক ডেংগুত আক্ৰান্ত হৈছে ৷

Dengue Cases alarmingly increases in Golaghat District
গোলাঘাটত ডেংগুৰ প্ৰদুৰ্ভাৱ 92 গৰাকী লোক ডেংগুত আক্ৰান্ত

গোলাঘাটত ডেংগুৰ প্ৰদুৰ্ভাৱ 92 গৰাকী লোক ডেংগুত আক্ৰান্ত

গোলাঘাট, 21 নৱেম্বৰ : ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভয়াবহভাৱে বৃদ্ধি পাইছে ডেংগু ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ বিশেষকৈ গোলাঘাট জিলাত ভয়াবহ ৰূপ লৈছে ডেংগুৱে ৷ বৰ্তমানলৈ জিলাখনৰ সৰুপথাৰত 36 গৰাকী, কমাৰবন্ধাত 34 গৰাকী, বোকাখাত 8 গৰাকী, চাৰিঙিয়াত 7 গৰাকী, মিছামৰাত 4 গৰাকী আৰু মৰঙিত 3 গৰাকী লোক ডেংগুত আক্ৰান্ত হৈছে ৷ যোৱা এপ্ৰিল মাহৰ পৰা চলিত বৰ্ষৰ নৱেম্বৰ মাহলৈকে সৰ্বমুঠ জিলাখনত 92 গৰাকী লোক ডেংগুত আক্ৰান্ত হৈছে ৷ তাৰে কেইবাটাও শিশু আছে ৷

ইফালে উক্ত অঞ্চলসমূহত গোলাঘাট জিলাৰ স্বাস্থ্য বিভাগে ফগিং, আঁঠুৱাৰ ঔষধিকৰণ আৰু ডেংগু ৰোগৰ সন্দৰ্ভত সজাগতা সৃষ্টি কৰিছে যদিও ৰোধ কৰিব পৰা নাই ডেংগুৰ প্ৰাদুৰ্ভাৱ ৷ প্ৰতিদিনে জিলাখনৰ ন ন স্থানলৈ বিয়পি পৰিছে ডেংগু ৷ সৰুপথাৰ আৰু কমাৰবন্ধা আলি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত অঞ্চলত অধিক বৃদ্ধি পাইছে ডেংগু ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ এই সন্দৰ্ভত গোলাঘাট জিলা স্বাস্থ্য বিষয়াগৰাকীয়ে জনোৱা মতে, ডেংগুত আক্ৰান্ত হৈ বৰ্তমানলৈকে কোনো লোকৰ মৃত্যু হোৱা নাই ৷ এই ৰোগৰ বিৰুদ্ধে সজাগ আৰু সচেতন হ’বলৈ সকলোকে আহ্বান জনাই স্বাস্থ্য বিষয়াগৰাকীয়ে ৷

জিলা স্বাস্থ্য বিষয়াগৰাকীয়ে কয়, ‘‘সাধাৰণতে গৰম দিনত ডেংগু হয় ৷ কিন্তু আজিকালি ঠাণ্ডা দিনটো ডেংগু হয় ৷ এবিধ মহে পৰিষ্কাৰ পানীত কণী পাৰে ৷ সেয়ে পৰিষ্কাৰ পানী ঢাকি ৰাখিব লাগে, যাতে বিশেষ মহবিধে বংশ বৃদ্ধি কৰিব নোৱাৰে ৷ ডেংগু ৰোগৰ প্ৰাদুৰ্ভৱ ৰোধৰ বাবে জিলা স্বাস্থ্য বিভাগৰ তৰফৰ পৰা ব্যৱস্থা লোৱা হৈছে ৷ জিলাখনৰ য’ত য’ত অত্যধিক ডেংগু ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা বেছি সেই অঞ্চলতসমূহত বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে জিলা স্বাস্থ্য বিভাগৰ তৰফৰ পৰা ৷’’

লগতে পঢ়ক:ষঠ পূজাৰ ঘাটৰ পৰা পালচাৰ বাইক লৈ উধাও চোৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.