ETV Bharat / state

অৱশেষত উদ্ধাৰ হ'ল অভিযন্তা ৰক্তিম বৰুৱাৰ মৃতদেহ

author img

By

Published : Dec 8, 2021, 10:41 AM IST

Dead Body Of NRL Engineer Rakim Baruah recovered in Dhansiri
অৱশেষত উদ্ধাৰ হ'ল অভিযন্তা ৰক্তিম বৰুৱাৰ মৃতদেহ

গোলাঘাটৰ থুৰামুখৰ ধনশিৰি নদীত উদ্ধাৰ হ'ল অভিযন্তা ৰক্তিম বৰুৱাৰ মৃতদেহ (Dead Body Of Rakim Baruah recovered) ৷ সম্পূৰ্ণ ৪ দিনৰ পাছত উদ্ধাৰ হ'ল অভিযন্তাগৰাকীৰ মৃতদেহ ।

গোলাঘাট, 8 ডিচেম্বৰ : অৱশেষত উদ্ধাৰ হ'ল গোলাঘাটৰ থুৰামুখৰ ধনশিৰি নদীত ডুব যোৱা অভিযন্তা ৰক্তিম বৰুৱাৰ মৃতদেহ(Dead Body Of Rakim Baruah recovered)। ঘটনাস্থলীৰ পৰা প্ৰায় 2.5 কিল’মিটাৰ নিলগৰ হাঁহচৰা নামৰ এক স্থানত উদ্ধাৰ হৈছে এন আৰ এলৰ অভিযন্তাগৰাকীৰ মৃতদেহ ।

বুধবাৰে নিচেই পুৱাতে ধনশিৰিত এটি মৃতদেহ পানীত ওপঙি থকা প্ৰত্যক্ষ কৰে স্থানীয় লোকে ৷ মূহুৰ্ততে ৰাইজে বিষয় সন্দৰ্ভত খবৰ দিয়ে স্থানীয় আৰক্ষীক ৷

উল্লেখ্য যে, দেওবাৰে বিয়লি ভাগত সংঘটিত হোৱা অনাকাংক্ষিত ঘটনাটোৰ পাছত তীব্ৰ অভিযান চলাই গৈছিল SDRF বাহিনীয়ে । মঙলবাৰৰ দিনটোত NDRF বাহিনী সেই স্থানত উপস্থিত হৈ চলাইছিল অভিযান । অৱশেষত সম্পূৰ্ণ ৪ দিনৰ পাছত উদ্ধাৰ হ'ল অভিযন্তাগৰাকীৰ মৃতদেহ ।

উল্লেখ্য যে, নিজ পৰিয়ালৰ সৈতে বনভোজ খাবলৈ গৈ দেওবাৰে অনাকাংক্ষিতভাৱে পানীত ডুব গৈছিল NRL ৰ অভিযন্তা ৰক্তিম বৰুৱা ।

লগতে পঢ়ক : বনভোজ খাবলৈ গৈ ধনশিৰিত নিখোজ অভিযন্তা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.