ETV Bharat / state

বানৰ পূৰ্বে বোকাখাতত জাহ গ’ল কোটিটকীয়া খহনীয়া প্ৰতিৰোধী আঁচনি

author img

By

Published : Aug 19, 2021, 7:44 AM IST

বোকাখাতত নদীত জাহ গ’ল কোটিটকীয়া জিঅ’ বেগ খহনীয়া প্ৰতিৰোধী আঁচনি । বোকাখাত জলসম্পদ বিভাগৰ অধীনত 2018 চনৰ পৰা ধনশিৰি নদীৰ খহনীয়া প্ৰতিৰোধৰ বাবে আৰম্ভ হৈছিল জিঅ’ বেগ আঁচনিৰ কাম ।

crores-of-anti-erosion-schemes-swelled-in-bokakhat-even-before-the-floods-arrived-etv-bharat-assam
বান অহাৰ পূৰ্বেই বোকাখাতত জাহ গ’ল কোটি টকীয়া খহনীয়া প্ৰতিৰোধী আঁচনি

বোকাখাত, 19 আগষ্ট : বান অহাৰ পূৰ্বেই বোকাখাতত নদীত জাহ গ’ল কোটিটকীয়া জিঅ’ বেগৰ খহনীয়া প্ৰতিৰোধী আঁচনি । 10 খনকৈ পঞ্চায়ত এলেকাৰ হাজাৰ হাজাৰ লোকৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ ধনশিৰি নদীৰ খহনীয়াই আনিছে ব্যাপক ভাবুকি । অধিক মুনাফা লাভৰ আশাত ঠিকাদাৰে নদীৰ গৰাত জিঅ’ বেগ স্থাপন কৰাৰ বিপৰীতে শতাধিক জিঅ’ বেগ পুতি থ’লে ব্ৰহ্মপুত্ৰৰ চাপৰিত ।

বোকাখাত মহকুমাৰ ধনশিৰিমুখত সৃষ্টি হৈছে এনে পৰিস্থিতি ৷ বোকাখাত জলসম্পদ বিভাগৰ অধীনত 2018 চনৰ পৰা ধনশিৰি নদীৰ খহনীয়া প্ৰতিৰোধৰ বাবে আৰম্ভ হৈছিল জিঅ’ বেগ আঁচনিৰ কাম । 2020 চনৰ মাজভাগতে ঠিকাদাৰে কাম সামৰি আঁচনিৰ ধন উলিয়াই নিয়াৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজ তথা মিচিং জাতীয় সংগঠন TMPK য়ে ।

বোকাখাতত জাহ গ’ল কোটি টকীয়া খহনীয়া প্ৰতিৰোধী আঁচনি

অভিযোগ অনুসৰি, নিকৰি ঘাটৰ পৰা ধনশিৰি নদীৰ দক্ষিণ পাৰে খহনীয়া ৰোধৰ বাবে চৰকাৰে আৱণ্টন দিছিল বৃহৎ পৰিমাণৰ ধনৰাশি ৷ আৱণ্টিত ধনৰাশিৰ বিপৰীতে বিভাগীয় ঠিকাদৰে নিম্ন মানৰ কাম কৰাৰ বাবে প্ৰথমজাক বাঢ়নী পানীতে উটি গৈছিল জিঅ’ বেগসমূহ । তদুপৰি ধনশিৰিমুখ অঞ্চলত যিমান পৰিমাণৰ জিঅ’ বেগ স্থাপন কৰিব লাগিছিল, তাকে নকৰি শতাধিক জিঅ’ বেগ নদীৰ পাৰৰ চাপৰিত জনচক্ষুৰ আঁৰ কৰি পুতি থোৱা সংগঠনটোৰ সদস্যই প্ৰত্যক্ষ কৰে ।

ইয়াৰ ফলত ভৰ বাৰিষা অহাৰ পূৰ্বেই নদীৰ খহনীয়াত জাহ যায় কোটিটকীয়া জিঅ’ বেগসমূহ । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ একেবাৰে নিকটৱৰ্তী অঞ্চলটোত বৰ্তমান আৰম্ভ হৈছে খহনীয়া । বাৰিষা অহাৰ পূৰ্বে বিভাগীয় কৰ্তৃপক্ষই বিহিত ব্যৱস্থা গ্ৰহণ নকৰিলে ভৰ বাৰিষাত উদ্যানখনৰ লগতে নিকৰি কান্ধুলিমাৰি সংযোগী মথাউৰিটোলৈ ভাবুকি কঢ়িয়াই আনিব । স্থানীয় ৰাইজে উক্ত কামৰ তদন্তৰ বাবে স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী অতুল বৰাক আহ্বান জনোৱাৰ লগতে বিভাগীয় মন্ত্ৰী পীযুষ হাজৰিকাক অঞ্চলটো পৰিদৰ্শন কৰি সমস্যাৰ বুজ ল'বলৈ আহ্বান জনাইছে ।

লগতে পঢ়ক: আন্তঃজিলা বাছ সেৱা মুকলি কৰাৰ দাবীৰে যোৰহাটত অভিনৱ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.