ETV Bharat / state

সৰুপথাৰৰ চুঙাজানৰ ৰে'লৱে ট্ৰেকত উদ্ধাৰ যুৱক যুৱতীৰ মৃতদেহ

author img

By

Published : Jan 21, 2020, 3:52 PM IST

এই পৰ্যন্ত চিনাক্তকৰণ হোৱা নাই যুৱক-যুৱতীহালৰ ৷ মৃত যুৱক যুৱতীৰ বয়স অনুমানিক বয়স ২০ ৰ পৰা ২২ বছৰ হ'ব । কিন্তু স্থানীয় ৰাইজৰ সন্দেহ ভাষ্য অনুসৰি, প্ৰেমজনিত কাৰণ এইদৰে একেলগে ৰে'লৰ আগত শুই আত্মহত্যা কৰিছে যুৱক-যুৱকতীহালে ।

চুঙাজানৰ ৰে'লৱে ট্ৰেকত উদ্ধাৰ যুৱক যুৱতীৰ মৃতদেহ
চুঙাজানৰ ৰে'লৱে ট্ৰেকত উদ্ধাৰ যুৱক যুৱতীৰ মৃতদেহ

সৰুপথাৰ, 21 জানুৱাৰীঃ ধনশিৰি মহকুমাৰ সৰুপথাৰস্থিত চুঙাজানৰ ৰে'লৱে ট্ৰেকত সোমবাৰে উদ্ধাৰ হয় এহাল যুৱক যুৱতীৰ মৃতদেহ ৷ চুঙাজান আৰু বোকাজানৰ মাজৰ ৰে'ল লাইনত ক্ষত-বিক্ষত অৱস্থাত যুৱক যুৱতীৰ মৃতদেহ উদ্ধাৰ হয় ৷ এই পৰ্যন্ত চিনাক্তকৰণ হোৱা নাই যুৱক-যুৱতীহাল ৷

চুঙাজানৰ ৰে'লৱে ট্ৰেকত উদ্ধাৰ যুৱক যুৱতীৰ মৃতদেহ

মৃত যুৱক যুৱতীৰ বয়স অনুমানিক বয়স ২০ ৰ পৰা ২২ বছৰ হ'ব ৷ কিন্তু স্থানীয় ৰাইজৰ সন্দেহ ভাষ্য অনুসৰি, প্ৰেমজনিত কাৰণ এইদৰে একেলগে ৰে'লৰ আগত শুই আত্মহত্যা কৰিছে যুৱক-যুৱকতীহালে ৷ কি পৰিস্থিতিত উক্ত ঘটনাটো সংঘটিত হ'ল এয়া আৰক্ষীৰ তদন্তত হে পোহৰলৈ আহিব ৷ ইতিমধ্যে ঘটনাস্থলীত ৰে'লৱে আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ৷

লগতে পঢ়কঃ কা বিৰোধিতা কৰি যোৰহাটত মুণ্ডন কাৰ্যসূচী

আনহাতে, বৰপেটাৰ হাউলীত সংঘটিত হয় ভয়াৱহ পথ দূৰ্ঘটনা ৷ তীব্ৰ বেগী ট্ৰাকে পথচাৰীক মহতিয়াই নিয়াৰ ফলত আহত হয় আমিৰ হামজা নামৰ পথচাৰীজন ৷ দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ নম্বৰ AS-01-GC-8520 ৷ লোকজনৰ ভৰিৰ ওপৰেৰে ট্ৰাকখন পাৰ হৈ যোৱাৰ ফলত লোকজনৰ দুয়োখন ভৰি দেহৰ পৰা বিচ্চিন্ন হৈ পৰে ৷ গুৰুতৰভাৱে আহত ব্যক্তিগৰাকীক সংকটজনক অৱস্থাত বৰপেটা মেডিকেল কলেজ হাস্পাতাললৈ প্ৰেৰণ কৰা হয় ৷ বৰপেটা হাউলীৰ আমিৰ হামজা পেছাত দৰ্জী ৷ হাউলী চহৰৰ দাস গনেশ কমপ্লেক্সৰ নচিব টেইলৰৰ স্বত্বাধিকাৰী আছিল আমিৰ হামজা ।

Intro:ধনশিৰি মহকুমাৰ সৰুপথাৰৰ চুঙাজানত ৰেইলৱে ট্ৰেকত উদ্ধাৰ এহাল যুৱক যুৱতীৰ মৃতদেহ।Body:চুঙাজান আৰু বোকাজান মাজৰ ৰেইল লাইনত ক্ষত বিক্ষত অৱস্থাত যুৱক যুৱতীৰ মৃতদেহ।
এই পৰ্য্যন্ত চিনাক্ত হোৱা নাই মৃতদেহ দুটা।
মৃত যুৱক যুৱতী দুটাৰ বয়স অনুমানিক Age ২০ বা ২২ হব। কিন্তু সন্দেহ কৰা হৈছে যে প্ৰেমজনিত কাৰণতেই এইদৰে একেলগে লেইলৰ আগত শুই আত্মহত্যা কৰিছে। কিন্তু যুৱক যুৱতী হালৰ ঘৰ ক'ত, কৰ পৰা আহি এইদৰে আত্মহত্যা কৰিলে, কি পৰিস্থিতি আত্মহত্যা কৰিবলগীয়া হল আৰক্ষীৰ তদন্তত হে পোহৰলৈ আহিব। ইতিমধ্যে ঘটনাস্থলীত ৰেইলৱে আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।Conclusion:Byte :- RPF

সৰুপথাৰৰ পৰা দেৱাশীষ শৰ্মাৰ ৰিপৰ্ট ETV BHARAT অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.