ETV Bharat / state

গোলাঘাটত সমষ্টি পৰ্যায়ৰ খেল মহাৰণ উদ্বোধন বিত্তমন্ত্ৰী অজন্তা নেওগৰ

author img

By ETV Bharat Assamese Team

Published : Nov 28, 2023, 7:52 PM IST

ৰাজ্যৰ আন জিলাৰ লগতে গোলাঘাটতো অনুষ্ঠিত হৈছে খেল মহাৰণ 2023 ৷ পঞ্চায়ত পৰ্যায়ৰ খেল মহাৰণ অন্ত পৰাৰ পিচত মঙলবাৰৰ পৰা আৰম্ভ হৈছে সমষ্টি পৰ্যায়ৰ প্ৰতিযোগিতা ৷ মঙলবাৰে এই কাৰ্যসূচী উদ্বোধন কৰে বিত্তমন্ত্ৰী অজন্তা নেওগে ৷

Golaghat Khel Maharan
Constituency level Khel Maharan

খেল মহাৰণ উদ্বোধন বিত্তমন্ত্ৰী অজন্তা নেওগৰ

গোলাঘাট, 28 নৱেম্বৰ: পঞ্চায়ত পৰ্যায়ৰ পাছত গোলাঘাটত অনুষ্ঠিত হৈছে সমষ্টি পৰ্যায়ৰ খেল মহাৰণ 2023 । গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত কৰা এই কৰা সমষ্টি পৰ্যায়ৰ খেল মহাৰণ শুভাৰম্ভ কৰা হয় মঙলবাৰে । এই উপলক্ষে অনুষ্ঠিত হোৱা সভাত সমষ্টি পৰ্যায়ৰ খেল উদ্বোধন বিত্তমন্ত্ৰী তথা স্থানীয় বিধায়ক অজন্তা নেওগে ।

গ্ৰামাঞ্চলৰ লুপ্ত প্ৰতিভাসমূহ বিকশিত কৰাৰ লগতে ৰাজ্য আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত অংশগ্ৰহণ কৰিবলৈ সুবিধা পায় সক্ষম হ'ব বুলি মন্ত্ৰী অজন্তা নেওগে সাংবাদিকৰ আগত মত প্ৰকাশ কৰে । গোলাঘাট সমষ্টিৰ 26 টা পঞ্চায়তত অনুষ্ঠিত হোৱা খেল মহাৰণৰ বিজয়ী খেলুৱৈসকলৰ মাজত আজিৰে পৰা সমষ্টি পৰ্যায়ৰ প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ সমষ্টি পৰ্যায়ৰ বিজয়ী খেলুৱৈসকলক জিলা পৰ্যায়ত খেলোৱা হ’ব ৷ জিলা পৰ্যায়ৰত অনুষ্ঠিত প্ৰতিযোগিতাত বিজয়ী খেলুৱৈসকলে ৰাজ্যিক পৰ্যায়ত খেলত অংশগ্ৰহণ কৰিব ।

এই খেল মহাৰণত বিশেষকৈ এথলেটিক্স, ফুটবল, ভলীবল, কাবাডী আৰু খ’খ’ খেলত খেলুৱৈসকলৰ ভাল সঁহাৰি লাভ কৰিছে বুলি জিলা ক্ৰীড়া বিষয়া বিমল গগৈয়ে জানিবলৈ দিয়ে । অসম ফুটবল সন্থাৰ উপ সভাপতি অজয় ভৰালীয়ে আঁতধৰা এই অনুষ্ঠানত জিলা উন্নয়ন আয়োক্ত অৰ্পা বাগলাৰী, অতিৰিক্ত আয়ুক্ত দামোদৰ বৰ্মন, জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া ধীৰাজ দাস, জিলা ক্ৰীড়া বিষয়া বিমল গগৈ, জিলা ক্ৰীড়া সন্থাৰ উপ সভাপতি ক্ৰমে দিনেশ গগৈ, যতিন বৰা, সম্পাদক সঞ্জীৱ সন্দিকৈ, পৌৰসভাৰ উপ পৌৰপতি সীমান্ত বৰা আদিকে ধৰি ভালেসংখ্যক ব্যক্তি উপস্থিত থাকে ।

উল্লেখ্য যে অসমৰ চুকে-কোণে লুকাই থকা প্ৰতিভাসমূহ উলিয়াই অনাৰ উদ্দেশ্য অসম চৰকাৰে আয়োজন কৰিছে খেল মহাৰণ ৷ কেৱল ক্ৰীড়া ক্ষেত্ৰতেই নহয় সাংস্কৃতিক ক্ষেত্ৰতো লোৱা হৈছে এই পদক্ষেপ ৷ খেল মহাৰণৰ দৰেই চলি আছে সাংস্কৃতিক মহাৰণো ৷ ইয়াৰ দ্বাৰা ৰাজ্যৰ ক্ৰীড়া আৰু সাংস্কৃতিক ক্ষেত্ৰৰ প্ৰতিভাসমূহে এখন মঞ্চ লাভ কৰিব বুলি চৰকাৰে আশা প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক: তিনিচুকীয়াত বিধানসভা সমষ্টি ভিত্তিক খেল মহাৰণ উদ্বোধন মন্ত্ৰী সঞ্জয় কিষাণৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.