ETV Bharat / state

Congress Members Joins AGP: বোকাখাতত অগপত যোগদান শতাধিক লোকৰ

author img

By

Published : Oct 16, 2022, 9:23 PM IST

দেওবাৰে অগপৰ সভাপতি অতুল বৰাৰ (AGP president Atul Bora) সন্মুখত চাহ মজদুৰ সংঘৰ সাধাৰণ সম্পাদক তপন কৰ্মকাৰে প্ৰায় সাতশ সমৰ্থকক লৈ যোগদান অগপ দলত (Asom Gana Parishad) যোগদান কৰে ( Tapan Karmakar Joining AGP) ৷

Congress members To AGP Joining at Bokakhat
বোকাখাতত অসম গণ পৰিষদত যোগদান শতাধিক লোকৰ

বোকাখাত, 16 অক্টোবৰ: বোকাখাতত এক বিশেষ সমদল । এয়া নিৰ্বাচনৰ প্ৰচাৰ ৰেলী কিম্বা মেডেল জয় কৰি অহা ৰেলী নহয়, এই ৰেলী হৈছে বোকাখাতত কংগ্ৰেছ দল ত্যাগ কৰি অগপত যোগদানৰ বাবে অহা শ্ৰমিক নেতা তপন কৰ্মকাৰৰ নেতৃত্বত হোৱা সমদল । দেওবাৰে বোকাখাতত কংগ্ৰেছৰ ভেটিত কঁপনি তুলি শতাধিক লোকে যোগদান কৰিলে অসম গণ পৰিষদ দলত (Congress members To AGP Joining) ৷

বোকাখাতত অসম গণ পৰিষদত যোগদান শতাধিক লোকৰ

আগন্তুক পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত এইদৰে সুদীৰ্ঘ বছৰে কংগ্ৰেছৰ হৈ কাম কৰি অহা বোকাখাত চাহ মজদুৰ সংঘৰ সাধাৰণ সম্পাদক তথা অন্যান্য পিছপৰা জাতিৰ গোলাঘাট জিলা সভাপতি তপন কৰ্মকাৰে কংগ্ৰেছ এৰা ঘটনাই সম্প্ৰতি কংগ্ৰেছক মোক্ষম আঘাত দিছে ।

উল্লেখযোগ্য যে, বোকাখাত চাহ মজদুৰ সংঘৰ অধীনত ৯ খন মূল চাহ বাগিচাৰ বিপৰীতে ১৪ খন শাখা চাহ বাগিচা আছে । তেনেস্থলত একপ্ৰকাৰ বোকাখাতৰ বাগিচা অধ্যুষিত অঞ্চল কংগ্ৰেছশূন্য কৰি বোকাখাতত দেওবাৰে অগপ সভাপতি অতুল বৰাৰ (AGP president Atul Bora) সন্মুখত চাহ মজদুৰ সংঘৰ সাধাৰণ সম্পাদক তপন কৰ্মকাৰে প্ৰায় সাতশ সমৰ্থকক লৈ অগপ দলত (Asom Gana Parishad) যোগদান কৰে ( Tapan Karmakar Joining AGP) ৷

মন কৰিবলগীয়া যে ১৯৬৭-১৯৭৯ লৈকে তিনিটা কাৰ্যকালৰ বোকাখাতৰ বিধায়ক হৈ থকা চত্ৰগোপাল কৰ্মকাৰৰ পুত্ৰ তপন কৰ্মকাৰে চাহ মজদুৰ সংঘক নেতৃত্ব দিয়াৰ সুবাদতেই বোকাখাতৰ চাহ বাগিচা অঞ্চলত কংগ্ৰেছৰ প্ৰভাব বহু পৰিমাণে আছিল । একেদৰে আজিৰ অগপৰ বিশাল যোগদান কাৰ্যসূচীত NCP দলৰ গোলাঘাট জিলাৰ সভাপতি মৃদুল শইকীয়াইও শতাধিক সমৰ্থক লগত লৈ যোগদান কৰে অগপত (NCP Members Joins AGP) ।

বিগত কালত মৃদুল শইকীয়াইও NCP দলৰ পৰা বিধান সভা নিৰ্বাচনত বোকাখাতৰ পৰা তিনিবাৰকৈ প্ৰতিদ্বন্দিতা আগবঢ়াইছিল । অগপ দলৰ বোকাখাতত যোগদান কাৰ্যসূচীত ৬ শতাধিক নতুন কৰ্মীয়ে অগপ দলত যোগদান কৰে ।

লগতে পঢ়ক: Jatiya Yuva Shakti: মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ বাবেই গ্ৰেপ্তাৰ হোৱা নাই নেকি হিমাংশু শেখৰ বৈশ্য ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.