ETV Bharat / state

Kiren Rijiju at Sarupothar: সৰুপথাৰত কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেণ ৰিজিজু

author img

By

Published : Nov 29, 2022, 3:16 PM IST

Kiren Rijiju
Kiren Rijiju

বিভিন্ন কাৰ্যসূচী হাতত লৈ সোমবাৰে সৰুপথাৰত উপস্থিত হয় কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী কিৰেণ ৰিজিজু (central law minister Kiren Rijiju at Sarupothar) । উল্লেখ্য, আগন্তুক লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ দখলত থকা কলিয়াবৰ লোকসভা সমষ্টিটো উদ্ধাৰৰ বাবে তৃণমুল পৰ্যায়ৰ পৰা বিজেপি দলটোক শক্তিশালী কৰিবৰ বাবে চেষ্টা কৰি থকা হৈছে (Lok Sabha election 2024) ।

গোলাঘাট, ২৯ নৱেম্বৰ : সোমবাৰে বিভিন্ন কাৰ্যসূচী হাতত লৈ সৰুপথাৰত উপস্থিত হয় কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী কিৰেণ ৰিজিজু (central minister Kiren Rijiju at Golaghat) । উল্লেখ্য, আগন্তুক লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ দখলত থকা কলিয়াবৰ লোকসভা সমষ্টিটো উদ্ধাৰৰ বাবে তৃণমুল পৰ্যায়ৰ পৰা বিজেপি দলটোক শক্তিশালী কৰিবৰ বাবে চেষ্টা কৰি থকা হৈছে (Lok Sabha election 2024) ।

সৰুপথাৰত কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেণ ৰিজিজু

সেই উদ্দেশ্যেই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ এই আগমন । এই সন্দৰ্ভত তেওঁ কয়, "খেতি কৰাৰ আগতে খোৱা-বোৱাৰ কথা কৈ লাভ নাই । নিৰ্বাচনৰ পূৰ্বে এইবোৰ কথাকৈ লাভ নাই । নিৰ্বাচন আহিলে সকলো সিদ্ধান্ত লোৱা হ'ব ।" ইয়াৰ উপৰি শেহতীয়াকৈ অসম-মেঘালয় সীমান্তত সংঘটিত ঘটনা সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে (Assam Meghalaya border conflict) ।

তেওঁ কয়, প্ৰধানমন্ত্ৰী স্তৰত আলোচনাৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ মাজত থকা সীমাবিবাদ নিষ্পত্তিৰ চেষ্টা চলাইছে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ (Prime Minister Narendra Modi) পূৰ্বে কোনেও এনে পদক্ষেপ লোৱা নাছিল বুলিও মন্তব্য কৰে কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী কিৰেণ ৰিজিজুৱে ।

উল্লেখ্য, মন্ত্ৰীগৰাকীয়ে সৰুপথাৰত উপস্থিত হৈয়েই প্ৰথমে শ্বহীদ কুশল কোঁৱৰে ৰে'ল বগৰোৱা স্থান শুকান নলাত নতুনকৈ নিৰ্মাণ কৰা শ্বহীদ কুশল কোঁৱৰৰ স্মৃতিসৌধটো পৰিদৰ্শন কৰি বন্তি প্ৰজ্বলন কৰে (Kushal Konwar memorial) । ইয়াৰ পিছতে মন্ত্ৰীজনে সৰুপথাৰ দক্ষিণ খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ সভাগৃহত প্ৰথম ভোটাৰ, সাংবাদিক আৰু বিশিষ্ট ব্যক্তিসকলৰ সৈতে এক মত বিনিময় অনুষ্ঠানত ভাগ লয় ।

উক্ত অনুষ্ঠানত মন্ত্ৰী কিৰেণ ৰিজিজুৰ সৈতে সাংসদ কামাখ্যা প্ৰসাদ তাচা, সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন, গোলাঘাট জিলা বিজেপিৰ সভাপতি দেৱপ্ৰদীপ বৰা, বিজেপিৰ ৰাজ্যিক কৃষক মৰ্চাৰ সভাপতি দেৱজিৎ বৰাকে ধৰি কেইবাজনো বিজেপিৰ নেতা আৰু সদস্য উপস্থিত থাকে । মত বিনিময় অনুষ্ঠানটোত সৰুপথাৰ অঞ্চলৰ বহুকেইজন জ্যেষ্ঠ নাগৰিক, প্ৰথম ভোটাৰ হিচাবে মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, ধনশিৰি মহকুমাৰ সাংবাদিক আৰু যথেষ্ট সংখ্যক ব্যক্তিয়ে অংশ লয় ।

লগতে পঢ়ক :Attack on Shradha murder accused: শ্ৰদ্ধা হত্যাৰ অভিযুক্ত আফটাবৰ আক্ৰমণকাৰীক ন্যায়িক জিম্মালৈ প্ৰেৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.