ETV Bharat / state

বোকাখাত আৰক্ষীৰ অভিযানত চোৰাং গড় চিকাৰী আটক

author img

By

Published : Oct 6, 2020, 10:18 PM IST

Bokakhat police arrest two Briton over rhino horn theft
বোকাখাত আৰক্ষীৰ অভিযানত চোৰাং গড় চিকাৰী আটক

আৰক্ষীৰ অভিযানত চোৰাং গড়ৰ খৰ্গ উদ্ধাৰ ৷ লগতে, 2 গৰাকী লোকক আটক ৷ আটকাধীন লোক দুজনক কাজিৰঙা বন বিভাগক চমজাই দিয়ে বোকাখাত আৰক্ষীয়ে ৷

গোলাঘাট, 6 অক্টোবৰ : বোকাখাত আৰক্ষীৰ বৃহৎ সাফল্য ৷ বিশেষ অভিযানৰ ভিত্তিত আটক কৰে দুগৰাকী চোৰাং গড় চিকাৰী ৷ গ্ৰেপ্তাৰ কৰা লোক দুজন পতী-পত্নী বুলি জানিব পৰা গৈছে ৷ গ্ৰেপ্তাৰ কৰা লোকজনৰ নাম উৰুকা পেগু আৰু মহিলা গৰাকীৰ নাম কুনকুনি পেগু ৷

বোকাখাত আৰক্ষীৰ মন্তব্য

তথ্য অনুসৰি, আৰক্ষীয়ে তেওঁলোকৰ পৰা এটা গঁড়ৰ খৰ্গ উদ্ধাৰ কৰিছে ৷ সোমবাৰে গহপুৰৰ এজন ব্যক্তিয়ে বোকাখাতৰ 3 নং দ-গাঁৱৰ উৰুকা পেগুৰ ঘৰত পত্নী কুনকুনি পেগুৰ হাতত গঁড়ৰ খৰ্গতো বিক্ৰীৰ বাবে দি থৈ যোৱা বুলি কুনকুনি পেগুৱে স্বীকাৰ কৰিছে ।

উল্লেখ্য যে, খৰ্গটো ঘৰৰ ভিতৰত এটা বেগৰ ভিতৰত লুকুৱাই থোৱা অৱস্থাত আৰক্ষীৰ অভিযানকাৰী দলটোৱে উদ্ধাৰ কৰে ৷ এই সংক্ৰান্তত বোকাখাত আৰক্ষীৰ তদন্ত অব্যাহত ৰাখিছে ৷ ইতিমধ্যে, বোকাখাত আৰক্ষীয়ে বন সুৰক্ষা আইনৰ অধীনত দুই পতি-পত্নীক কাজিৰঙাৰ বন বিভাগৰ হাতত চমজাই দিয়ে ৷

লগতে পঢ়ক : SI কেলেংকাৰীঃ দ্বিবন ডেকাক CIDৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.