ETV Bharat / state

লাইলাপুৰত কাণ্ডৰ শ্বহীদ সকললৈ বীৰ লাচিত সেনাৰ শ্ৰদ্ধাঞ্জলি

author img

By

Published : Jul 29, 2021, 10:50 PM IST

লাইলাপুৰ কাণ্ডক লৈ সমগ্ৰ ৰাজ্যৰ লগতে দেশজুৰি অব্যাহত আছে তীব্ৰ প্ৰতিক্ৰিয়া ৷ ইয়াৰ মাজতে উক্ত ঘটনাত শ্বহীদ হোৱা সকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বীৰ লাচিত সেনা,গোলাঘাট জিলা সমিতিয়ে ৷

bir-lachit-sena-tribute-to-the-martyred-of-lailapur-incident
লাইলাপুৰত কাণ্ডৰ শ্বহীদ সকললৈ বীৰ লাচিত সেনাৰ শ্ৰদ্ধাঞ্জলি

গোলাঘাট,29 জুলাই: অসম-মিজো সীমান্তৱৰ্তী লাইলাপুৰত সংঘটিত হোৱা ঘটনাক লৈ ৰাজ্যত অব্যাহত আছে তীব্ৰ প্ৰতিবাদ৷ বিভিন্ন দল-সংগঠনে এই ঘটনাকলৈ ৰাজ্যৰ বিভিন্ন জিলাত প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে ঘটনাত জড়িত দোষীক উচিত শাস্তি প্ৰদান কৰাৰ দাবী উত্থাপন কৰিছে৷ ইয়াৰ মাজতে বৃহস্পতিবাৰে লাইলাপুৰত শ্বহীদ বৰণ কৰা অসম আৰক্ষী জোৱানৰ স্মৃতিত বন্তি প্ৰজ্বলন কৰে বীৰ লাচিত সেনা,গোলাঘাট জিলা সমিতিয়ে ৷ মিজো দুৰ্বৃত্তৰ বৰ্বৰতাত প্ৰাণ আহুতি দিয়া অসম আৰক্ষীৰ জোৱানসকলৰ আত্মাৰ সদগতিৰ অৰ্থে এই কাৰ্যসূচী ৰূপায়ন কৰে বীৰ লাচিত সেনাই ৷

ৰাজ্য চৰকাৰৰ ব্যৰ্থতাৰ বাবেই এনেধৰণৰ ঘটনা অসমত সংঘটিত হোৱা বুলি মন্তব্য কৰিছে সংগঠনটোৰ সদস্যসকলে৷ লগতে অসম-নাগালেণ্ড সীমান্তৱৰ্তী গোলাঘাটৰ মেৰাপানী,সৰুপথাৰতো দীৰ্ঘদিন ধৰি অনুৰূপ পৰিৱেশে বিৰাজ কৰাৰ পাছতো চৰকাৰখনে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে ক্ষোভিত হৈ পৰিছে সংগঠনটোৰ প্ৰতিনিধি ৷ স্বাধীনতা লাভৰ ইমান বছৰৰ পাছতো অসম খনক মাহী আইৰ দৃষ্টিৰে চোৱা ভাৰত চৰকাৰক অসম-নাগালেণ্ড সীমান্ত,ভাৰত-বাংলা সীমান্তৰ লগতে অসমৰ প্ৰতিটো আন্তৰ্জাতিক তথা আন্তঃৰাষ্ট্ৰীয় সীমান্ত সুৰক্ষিত কৰাৰো দাবী জনায় সংগঠনটোৱে ৷ লগতে এই সন্দৰ্ভত অসম চৰকাৰক উচিত পদক্ষেপ গ্ৰহণ কৰাৰ দাবী উত্থাপন কৰিছে বীৰ লাচিত সেনা,গোলাঘাট জিলা সমিতিয়ে ৷

লাইলাপুৰত কাণ্ডৰ শ্বহীদ সকললৈ বীৰ লাচিত সেনাৰ শ্ৰদ্ধাঞ্জলি

উল্লেখ্য যে,যোৱা 26 জুলাই তাৰিখে অসম-মিজো সীমান্তৱৰ্তী লাইলাপুৰত মিজো দুৰ্বৃত্তৰ গুলীত প্ৰাণ হেৰুৱাইছিল 6 জনকৈ অসম আৰক্ষীৰ জোৱানৰ লগতে 1 গৰাকী সাধাৰণ লোকে ৷ মিজো আৰক্ষীৰ সহযোগতে একাংশ দুৰ্বৃত্তই এই ঘটনা সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰিছে একাংশ দল-সংগঠনে ৷ ঘটনা সন্দৰ্ভত অসমৰ লগতে সমগ্ৰ দেশত অব্যাহত আছে ব্যাপক প্ৰতিক্ৰিয়া ৷

লগতে পঢ়কঃ কাৰ্বি পাহাৰত কাকচাং জলপ্ৰপাতৰ সৌন্দৰ্য...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.