ETV Bharat / state

বোকাখাত আৰক্ষীৰ উদ্যোগত আমন্ত্ৰণমূলক বেডমিণ্টন প্ৰতিযোগিতা

author img

By

Published : Mar 29, 2022, 10:21 PM IST

bokakhat-police-badminton-tournament-ended
বোকাখাতত অসম আৰক্ষীৰ প্ৰথম আমন্ত্ৰণমূলক বেডমিণ্টন প্ৰতিযোগিতাৰ সফল সামৰণি

খেলৰ জৰিয়তে জনসম্পৰ্ক সুদৃঢ় কৰাৰ লক্ষৰে বোকাখাতত অনুষ্ঠিত হোৱা অসম আৰক্ষীৰ প্ৰথম আমন্ত্ৰণমূলক বেডমিণ্টন প্ৰতিযোগিতাৰ সফল সামৰণি (Badminton competition organised by Assam Police) ৷ শীৰ্ষ আৰক্ষী বিষয়াৰ উপস্থিতিত সামৰণি পৰিল এই প্ৰতিযোগিতা ৷

বোকাখাত, 29 মাৰ্চ: বোকাখাতত সামৰণি পৰিল বোকাখাত মহকুমা আৰক্ষীৰ উদ্যোগত আয়োজিত সদৌ অসম ভিত্তিত বেটমিণ্টন প্ৰতিযোগিতাৰ (Badminton competition organised by Assam Police) ৷ শনিবাৰৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছিল এই প্ৰতিযোগিতা ৷ অসমৰ ভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় ৩০ টা দলে অংশগ্ৰহণ কৰে এই প্ৰতিযোগিতাত ৷

স্বাস্থ্যৰক্ষাৰ সমান্তৰালকৈ অপৰাধ ৰোধ আৰু আৰক্ষী জনতাৰ মাজত জনসম্পৰ্ক সুদৃঢ় কৰাৰ উদ্দেশ্যে আয়োজন কৰা হৈছিল বেটমিণ্টন প্ৰতিযোগিতাখনি ।

বোকাখাতত অসম আৰক্ষীৰ প্ৰথম আমন্ত্ৰণমূলক বেডমিণ্টন প্ৰতিযোগিতাৰ সফল সামৰণি

তিনিদিনীয়াকৈ আয়োজিত প্ৰতিযোগিতাখনৰ সামৰণি অনুষ্ঠানৰ প্ৰদৰ্শনীমূলক খেলত অংশ লয় অসম আৰক্ষীৰ উপ-মহাপৰিদৰ্শক সত্যৰাজ হাজৰিকা আৰু গোলাঘাট জিলা আৰক্ষী অধীক্ষক সুমিত কুমাৰ ৷ তাৰোপৰি বোকাখাত মহকুমা আৰক্ষী বিষয়া অনিতা হাজৰিকা আৰু বোকাখাত থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিতোপন চুতীয়াইও অংশগ্ৰহণ কৰে সামৰণি অনুষ্ঠানত ৷

উল্লেখ্য যে, প্ৰতিযোগিতাখনিৰ নন ৰেংকিং শাখাত মৰাণ দল শ্ৰেষ্ঠ হোৱাৰ বিপৰীতে নাজিৰাৰ দলটোয়ে দ্বিতীয় শ্ৰেষ্ঠৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক : ATPA Shield Football Tournament: ৩০ মাৰ্চৰ পৰা আৰম্ভ হ’ব ঐতিহ্যমণ্ডিত এটিপিএ ফুটবল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.