ETV Bharat / state

গোলাঘাটত আৰম্ভ আমন্ত্ৰণমূলক নৈশ ফুটবল প্ৰতিযোগিতা

author img

By ETV Bharat Assamese Team

Published : Dec 4, 2023, 10:29 AM IST

All India Golaghat Football Tournament
দেওবাৰৰ পৰা গোলাঘাট আৰম্ভ আমন্ত্ৰণমূলক নৈশ ফুটবল প্ৰতিযোগিতা

দেওবাৰৰ পৰা গোলাঘাট ক্ৰীড়া সন্থাৰ খেলপথাৰত প্ৰথমবাৰৰ বাবে আৰম্ভ হৈছে সদৌ ভাৰত গোলাঘাট জিলা ক্ৰীড়া সন্থা আমন্ত্ৰণমূলক নৈশ ফুটবল প্ৰতিযোগিতা ৷

দেওবাৰৰ পৰা গোলাঘাট আৰম্ভ আমন্ত্ৰণমূলক নৈশ ফুটবল প্ৰতিযোগিতা

গোলাঘাট, 4 ডিচেম্বৰ : গোলাঘাট ক্ৰীড়া সন্থাৰ খেলপথাৰত প্ৰথমবাৰৰ বাবে আৰম্ভ হৈছে সদৌ ভাৰত গোলাঘাট জিলা ক্ৰীড়া সন্থা আমন্ত্ৰণমূলক নৈশ ফুটবল প্ৰতিযোগিতা ৷ দেওবাৰে নিশা প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰা হয় ৷ আনহাতে গোলাঘাট ভাৰত ফুটবল ফেডাৰেচনৰ পতাকা উত্তোলন কৰে শান্তনু পূজাৰীয়ে, অসম ফুটবল সন্থাৰ পতাকা উত্তোলন কৰে চাংগাম ব্ৰহ্মই আৰু জিলা ক্ৰীড়া সন্থাৰ পতাকা উত্তোলন কৰে ডঃ অজিত বৰুৱাই ৷

ইয়াৰ পাছতে নুমলীগড় তেল শোধনাগাৰৰ সামাজিক দায়ৱদ্ধতা বিভাগৰ তৰফৰ পৰা গোলাঘাট ক্ৰীড়া সন্থালৈ আগবঢ়োৱা ফ্লাইড লাইট মুকলি কৰে শোধনাগাৰৰ পৰিচালন সঞ্চালক ভাস্কৰ জ্যোতি ফুকনে ৷ ইফালে প্ৰতিযোগিতাৰ উদ্বোধনী মেচখন অনুষ্ঠিত হয় হৰিচিঙা এফ চি অসম আৰু মণিপুৰ একাদশৰ মাজত ৷ মেচৰ পূৰ্বে গোলাঘাটৰ সৰ্বানন্দ চলিহা সংগীত মহাবিদ্যালয়ৰ কণ কণ শিশুসকলে নৃত্য প্ৰদৰ্শন কৰে ৷

আনহাতে, 7 দিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাখনত 8 টাকৈ দলে অংশগ্ৰহণ কৰিছে বুলি জানিবলৈ দিছে গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ সম্পাদক সঞ্জীৱ সন্দিকৈয়ে ৷ তেওঁ কয় যে, ‘‘মণিপুৰৰ দুটা, নাগালেণ্ডৰ দুটা, বড়োলেণ্ডৰ তিনিটা আৰু লাজং দলে অংশগ্ৰহণ কৰিছে ৷ আমি প্ৰথমবাৰ বাবে এই প্ৰতিযোগিতা আয়োজন কৰিছো ৷ গোলাঘাটবাসীৰ বিপুল সঁহাৰি লাভ কৰিছো ৷ এই উৎসাহৰ বাবে খেলুৱৈসকলেও যথেষ্ট উপকৃত হ’ব ৷’’

তেওঁ কয়, ‘‘আমাৰ খেলপথাৰ নাছিল ৷ কিন্তু গোলাঘাটবাসী ৰাইজৰ মৰম আৰু সহযোগিতাৰ বাবে এই খেল আয়োজন কৰাত সফল হৈছো ৷ এই ক্ষেত্ৰত জিলা ক্ৰীড়া সন্থাৰ বিষয়ববীয়াৰ যথেষ্ট কষ্টৰ বিনিময়ত আৰু নুমলীগড় তেল শোধনাগাৰ সহযোগত এই প্ৰতিযোগিতা আয়োজন কৰিবলৈ সক্ষম হৈছো ৷

উদ্বোধনী অনুষ্ঠানত উপস্থিত আছিল সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকন, নুমলীগড় তেল শোধনাগাৰৰ সামাজিক দায়ৱদ্ধতা বিভাগৰ মুখ্য মহা প্ৰৱন্ধক কাজল শইকীয়া, জিলা আৰক্ষী অধীক্ষক ৰাজেন সিঙৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি ৷

লগতে পঢ়ক : ভালুকৰ সন্ধানত বন বিভাগৰ তীব্ৰ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.