ETV Bharat / state

গোলাঘাটত কা বাতিলৰ দাবীত উত্তাল প্ৰতিবাদ

author img

By

Published : Dec 11, 2020, 2:16 PM IST

golaghat ajycp protest
গোলাঘাটত কা বাতিলৰ দাবীত উত্তাল প্ৰতিবাদ

শুকুৰবাৰে গোলাঘাটত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গোলাঘাট জিলা সমিতিৰ প্ৰতিবাদ ৷ নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীৰে পুনৰ ৰাজপথ কঁপাই তোলে সংগঠনটোৱে ৷

গোলাঘাট,11 ডিচেম্বৰ : সমগ্ৰ ৰাজ্যৰ লগতে নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত পুনৰ উত্তাল হৈ পৰিছে গোলাঘাট । শুকুৰবাৰে নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ গোলাঘাট জিলা সমিতিৰ উদ্যোগত জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত ৰূপায়ন কৰা হয় বিক্ষোভ কাৰ্যসূচী ।

গোলাঘাটত কা বাতিলৰ দাবীত উত্তাল প্ৰতিবাদ

বিজেপি চৰকাৰ গ’ বেক, সৰ্বানন্দ সোণোৱাল লাজ নাই, ৰাজ্য চৰকাৰ মুৰ্দাবাদ আদি বিভিন্ন শ্ল’গানেৰে গোলাঘাট চহৰৰ ৰাজপথ উত্তাল কৰি তোলে সংগঠনটোৱে । যদি শীঘ্ৰেই চৰকাৰে তেওঁলোকৰ দাবীসমূহ মানি নলয় তেন্তে ভৱিষ্যতে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৷

লগতে পঢ়ক : কা বাতিলৰ দাবীত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদী সমদল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.